ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ প্ৰাকৃতিক ভাৱে অতি চহকী দেশ ৷ আনহাতে ইয়াৰ সংস্কৃতি পৰম্পৰায়ো আকৰ্ষিত কৰে পৰ্যটকক৷ ত্ৰিপুৰাও উত্তৰ-পূবৰ তেনে এখন ৰাজ্য যি এতিয়াও পৰ্যটক সকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ ১৫০০ শতিকাত গোমতী নদীৰ পাৰৰ ঠেক এঢলীয়া পাহাৰত খোদিত শিল্পকৰ্মৰে ‘দেৱতামুৰা’ ত্ৰিপুৰাৰ এক আশ্চৰ্য্যকৰ স্থান যি পৰ্যটকক সদায়েই আকৰ্ষিত কৰি আহিছে ৷ অৱশ্যে জলবায়ু পৰিৱৰ্তনৰ ফলতেই হওঁক কিম্বা যাতায়তৰ অসুবিধাৰ বাবেই হওঁক ‘দেৱতামুৰা’ যেন ক্ৰমাৎ হেৰাই যাব খুজিছিল ইতিহাসৰ বুকুত ৷ সেয়েহে শেহতীয়াকৈ পৰ্যটকক আদৰিবলৈ ‘দেৱতামুৰা’ক লৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ত্ৰিপুৰাৰ চৰকাৰখনে ৷
ত্ৰিপুৰাৰ কালাঝাৰী পাহাৰত আছে শিৱ, গণেশ, কাৰ্তিক, মহিষাসুৰ মাৰ্দিনী দুৰ্গা আদি হিন্দু দেৱতাসকলৰ প্ৰায় ৩৭টা ভাস্কৰ্য্য । অৱশ্যে জামাতিয়া আৰু ৰেয়াং জনগোষ্ঠীৰ বসতিপ্ৰধান এই দুৰ্গম স্থানত কোনে দেৱ-দেৱীৰ মূৰ্তি খোদিত কৰিছিল সেয়া এতিয়াও জনা নাযায়।
ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ পৰা ৭৫ কিলোমিটাৰ দূৰত্বত থকা চাবিমুৰা নামেৰেও জনাজাত এই আশ্চৰ্য্যটো দশক দশক ধৰি চলি অহা বিদ্ৰোহ আৰু যাতায়তৰ অসুবিধা আৰু উপযুক্ত আন্তঃগাঁথনিৰ অভাৱৰ বাবেই যেন ক্ৰমাৎ হেৰাই যাব খুজিছিল ইতিহাসৰ বুকুত ।
কিন্তু বৰ্তমান এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ত্ৰিপুৰাৰ ৰাজ্য চৰকাৰে ৷ এই সন্দৰ্ভত ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰী প্ৰাণজিৎ সিংহ ৰায়ে কয় যে ৰাজ্যখনৰ পৰ্যটনৰ আন্তঃগাঁথনি এনেদৰে গঢ়ি তোলা হৈছে যাতে দেৱতামুৰাৰ দৰে প্ৰত্নতাত্ত্বিক স্থানলৈ দৰ্শনাৰ্থীৰ আগমন বৃদ্ধি পায়।তেওঁ কয় যে পৰ্যটনে বিভিন্ন সংস্কৃতিক একত্ৰিত কৰে আৰু মানুহৰ মাজত ভাল সম্পৰ্কৰ সৃষ্টি কৰে। সেয়েহে তেওঁলোকে এই খণ্ডটোক সৰ্বাধিক গুৰুত্ব দিছে আৰু পৰ্যটকৰ আগমন বৃদ্ধিৰ বাবে আন্তঃগাঁথনি শক্তিশালী কৰিছে।আনহাতে ক’ৰোণা মহামাৰীৰ পাছত ৰাজ্যত পৰ্যটকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱা বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
শেহতীয়াকৈ গোমাটি জিলাৰ মহকুমা অমৰপুৰৰ পৰা দেৱতামুৰালৈকে ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ সম্পূৰ্ণ পথচোৱা বহল কৰা হৈছে আৰু নিৰ্মাণ কৰা হৈছে পৰ্যটন লজ ৷ লগতে অধিক দৰ্শনাৰ্থীক আকৰ্ষণ কৰিবলৈ নাওঁ চলোৱাৰ সুবিধাও প্ৰৱৰ্তন কৰা হৈছে বুলি সিংহ ৰায়ে কয়।অৱশ্যে গাড়ীৰে গোমাটি নদীৰ পাৰ পোৱাৰ পিছত নাৱেৰে বাকী যাত্ৰা কৰিব পৰা যায় ৷
ইতিহাসবিদ জাহৰ আচাৰ্জীৰ মতে পঞ্চদশ শতিকাত মুছলমানৰ আক্ৰমণৰ সময়ত সেই অঞ্চলত আত্মগোপন কৰি থকা একাংশ সৈন্যই সেইবোৰ নিৰ্মাণ কৰিছিল।কিন্তু ভাস্কৰ্য্যসমূহ অধ্যয়ন কৰা লেখিকা পান্না লাল ৰয়ে আচাৰ্জীৰ এই কথাৰ বিৰোধিতা কৰি কয় যে ইয়াক সমৰ্থন কৰিব পৰা কোনো ঐতিহাসিক প্ৰমাণ নাই আৰু ইয়াৰ সৃষ্টিকৰ্তাসকলক বিচাৰি উলিয়াবলৈ আৰু অধিক গৱেষণাৰ প্ৰয়োজন ।ত্ৰিপুৰাৰ ঐতিহাসিক বুৰঞ্জী ‘ৰাজমলা’ত মাণিক্য ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰা স্থানীয় ৰেয়াং জনজাতিসকলে সেই ঠাইৰ নাম দেৱতামুৰা ৰখা বুলি উল্লেখ কৰা হৈছে।
ডাঠ জংঘলেৰে আবৃত আৰু এই অঞ্চল পৰিৱেশ পৰ্যটন কেন্দ্ৰ।পাহাৰৰ শিলত খোদিত এই শিল্পকৰ্মৰ প্ৰথম পেনেলটোৰ উচ্চতা ১০.৩ মিটাৰ ,আনহাতে ইয়াৰ দৈৰ্ঘ্য ২৮ মিটাৰ । মনোলিথৰ ওপৰত খোদিত শিল্পকৰ্ম প্ৰায় ৯০ ডিগ্ৰী কোণত থিয় হৈ আছে।পেনেলৰ সোঁফালে থকা অঞ্চলটোৰ দৈৰ্ঘ্য ৬০ মিটাৰ । কিন্তু দুখৰ কথা যে বৰ্তমান ইয়াৰে কিছুমান জলবায়ু পৰিৱৰ্তন আৰু শিলবোৰ ক্ষয় যোৱাৰ বাবে হেৰাই গৈছে।
প্ৰথম পেনেলৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত্বত আছে মহিষাসুৰৰ্মৰ্দিনীৰ দ্বিতীয়খন ছবি যি নদীৰ তলৰ পৰা ১০ মিটাৰ ওপৰৰ উচ্চতাত থিয় হৈ আছে। আনহাতে সকলো খোদিত শিল্পৰ ভিতৰত আটাইতকৈ ডাঙৰ এই শিল্প কৰ্মক স্থানীয় লোকে ‘চক্ৰ-মা’ নামেৰে পূজা কৰে। এই খোদিত শিল্পকৰ্মৰ উচ্চতা ১০.৭০ মিটাৰ আৰু ই ৭.৭০ মিটাৰ বহল যাৰ মুখখন ঘূৰণীয়া আকৃতিৰ। শিলত কটা প্ৰতিমূৰ্তিটোৰ দহখন হাত আছে ৷ অৱশ্যে খহনীয়া আৰু অপতৃণৰ বৃদ্ধিৰ বাবে অস্ত্ৰবোৰ বেছিভাগেই অস্পষ্ট।