৯ চেপ্তেম্বৰ শুক্রবাৰে দিনৰ ১ বজাৰ পৰা গুৱাহাটী প্রেছ ক্লাবত ড০ সূর্য্য হাজৰিকাৰ দ্বাৰা ৰচিত কেইটিমান গীতৰ স্বৰলিপি পুথি “ড০ সূর্য্য হাজৰিকাৰ নির্বাচিত কিছু গীতৰ স্বৰলিপি” শীর্ষক গ্রন্থখনি উন্মোচন কৰা হয় ৷বৰ্তমান সময়ত অসমৰ এজন সক্ৰীয় সাংস্কৃতিক কৰ্মী ৰঞ্জন কুমাৰ ভট্টাচার্য্যই প্রস্তুত কৰা স্বৰলিপি পুথখনৰ উন্মোচনী অনুষ্ঠানটোৰ আঁত ধৰে ৰীতামণি চক্রৱর্ত্তীয়ে ।
পুথিখনৰ গীতিকাৰ ড০ সূর্য্য হাজৰিকা, বিশিষ্ট গায়িকা মনীষা হাজৰিকা, আকাশবাণী গুৱাহাটীৰ কেন্দ্র সঞ্চালক অৱনী ৰঞ্জন পাঠক, কটন মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যাপক গৌতম শর্মা, অসম জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিটিৰ সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰী, বিশিষ্ট শিল্পী নিত্যানন্দ ডেকা, পুথিখনৰ স্বৰলিপিকাৰ গীতিকাৰ-সুৰকাৰ- সঙ্গীত পৰিচালক ৰঞ্জন কুমাৰ ভট্টাচার্য্য প্রমুখ্যে অসমৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গ্রন্থখন উন্মোচন কৰা হয় ।
একেখন সভাতে গুৱাহাটীৰ সপ্তসুৰ শিল্পী সমাজৰ উদ্যোগত অনুষ্ঠিত পদ্মশ্রী বটা প্রাপক ড০ সূর্য্য হাজৰিকা ৰচিত গীতৰ প্রতিযোগিতাৰ বঁটাসমূহো প্রদান কৰা হয় । বঁটা লাভ কৰোঁতা সকল হ’ল , ক শাখাৰ প্রথম স্থান প্ৰাপ্ত ধৃষ্ণিতা বৰা (বেলতলা, গুৱাহাটী) , দ্বিতীয় স্থান -অমন আহমেদ (কলেজ ৰোড’ নলবাৰী) তৃতীয় স্থান প্ৰাপ্ত -লুইছা বৰগোঁহাই (নামৰূপ ) ৷ আনহাতে খ শাখাৰ প্রথম স্থান (যুটীয়া ভাৱে) গুণগুণ কাশ্যপ (পাণ্ডু, গুৱাহাটী) আৰু প্রিয়াঞ্চী বর্মণ (গড়চুক, গুৱাহাটী) দ্বিতীয় স্থান প্ৰাপক খ্যাতী তৃষ্ণা দেৱী (ভঙাগড়,গুৱাহাটী) তৃতীয় স্থান প্ৰাপক উপাসনা বর্মণ (গীতানগৰ, গুৱাহাটী )৷ গ শাখাৰ বিচাৰকৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হ’ল জ্যোতিমালা শর্মা বৰদলৈ (জামুগুৰিহাট ,শোণিতপুৰ) আৰু মিনার্ভা বেজবৰুৱাই (মালিগাঁও ,গুৱাহাটী)