আজি ভাৰতৰ এক আগশাৰীৰ টিভি চেনেল দূৰদৰ্শনৰ জন্মদিন। এই টিভি চেনেল দূৰদৰ্শনৰ আৰম্ভ হয় ১৯৫৯ চনৰ ১৫ চেপ্তেম্বৰ তাৰিখে আৰু সেই সময়ৰ পৰাই দূৰদৰ্শনে দৰ্শকক বিভিন্ন প্ৰকাৰে বিনোদনৰ সোৱাদ দিবলৈ সক্ষম হৈ আহিছে।
উল্লেখ্য যে সেই সময়ত যিসকল লোকে জন্মগ্ৰহণ কৰিছিল তেনে লোকৰ বাবে মাত্ৰ এটা ৰাষ্ট্ৰীয় চেনেল থকাতো কোনো আৱদানতকৈ কম নাছিল। এই চেনেলত প্ৰতিটো বয়সৰ দৰ্শকৰ বাবে আছিল বিভিন্ন প্ৰকাৰৰ অনুষ্ঠান। দেওবাৰৰ ৰাতিপুৱাটি যদি সৰু ল’ৰা-ছোৱালীৰ বাবে ,আনহাতে বয়সস্থ সকলৰ বাবে আছিল গোটেই সন্ধিয়াতো মনোৰঞ্জন তথা জানিবলগীয়া তথ্যৰে ভৰপূৰ।
আনহাতে গ্ৰীষ্মৰ বন্ধত শিশুৰ বাবে আছিল কিছুমান বিশেষ অনুষ্ঠান যেনে Chutti বা Guchcha । ইয়াৰ উপৰিও “The Turning Point” আৰু “Krishi Darshan“ আদিৰ দৰে উল্লেখযোগ্য অনুষ্ঠানো আছিল।দূৰদৰ্শনৰ সকলোৰে মনত থাকি যোৱা কিছুমান অনুষ্ঠান হ’ল- বমকেছ বক্সী , কেপ্তেইন ব্য’ম , জাংগল বুক , চন্দ্ৰকান্তা আদি। ইয়াৰ উপৰিও আন বহুতো অনুষ্ঠান আছিল যিবোৰৰ কথা হয়তো বহুতে এতিয়াও পাহৰি যোৱা নাই।
- আলিফ লেইলা(Alif Laila)- দূৰদৰ্শনৰ আলিফ লেইলা এনে এক মনোৰঞ্জনধৰ্মী অনুষ্ঠান যিয়ে যাদুৰ নগৰীত প্ৰৱেশৰ ক্ষেত্ৰত শিশুসকলৰ মনত এক নতুন বাট মুকলি কৰিছিল। কল্পনাৰ জগতৰ উৰি থকা কাৰ্পেট , কথা কোৱা চৰাই , বৃহৎদাকাৰ দানৱ , যাদুকৰি চাকি আদিবোৰ নিজ চকুৰে চোৱা সম্ভৱ হৈছিল এই অনুষ্ঠানৰ বাবেই।
- জাংগল বুক(Jungle book)- বৰ্তমান সময়তো বহুতো লোকৰ মুখে মুখে এই অনুষ্ঠানৰ আৰম্ভণিৰ গানটি। উল্লেখ্য যে মোগলি আৰু তাৰ বন্ধুবৰ্গ , লগতে তাৰ দুঃসাহসিক কাৰ্যকলাপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।
- হাম ল’গ (Hum Log) – দূৰদৰ্শনৰ প্ৰথম পাৰিবাৰিক ধাৰাবাহিক আছিল হাম ল’গ। এই ধাৰাবাহিকখন সপ্তাহত এবাৰকৈ প্ৰদৰ্শন কৰা হৈছিল। এই ধাৰাবাহিকখনে দৰ্শকক যথেষ্ট আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।
- নুক্কাড় (Nukkad )- দূৰদৰ্শনৰ নুক্কাড় এনে এক অনুষ্ঠান য’ত কোনো যুৱক অথবা যুৱতীয়ে নিজৰ লক্ষ্যত উপনীত হ’বৰ বাবে কিদৰে কষ্ট কৰে আৰু নিজৰ ব্যক্তিগত জীৱনত কিদৰে প্ৰভাৱ বিস্তাৰ কৰে সেই বিষয়ে বিস্তৃত ৰূপত প্ৰদৰ্শন কৰিছিল।
- ৱাগলে কি দুনিয়া (Wagle Ki Duniya)- এই অনুষ্ঠান টি আছিল ১৮ টা খণ্ডৰ। সেই সময়ত ভাৰতৰ টিভি চেনেলে সীমিত অনুষ্ঠানৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছিল। এক মধ্যবিত্ত পৰিয়ালৰ দৈনদ্দিন জীৱনৰ উত্থান-পতন, জীৱন-প্ৰণালী আদিবোৰ সুন্দৰ ৰূপত দাঙি ধৰিছিল এই অনুষ্ঠানে। উল্লেখ্য যে বলিউডৰ কিং শ্বাহৰুখ খানে এই ধাৰাবাহিকত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলিছিল। আনহাতে সেই সময়ত তেঁও দূৰদৰ্শনৰ কিছু অনুষ্ঠানত ঘোষক হিচাপেও কাম কৰিছিল।
- মিট্টি কে ৰংগ (Mitti Ke Rang)- বহুতো লোকৰ এই অনুষ্ঠানটিৰ কথা হয়তো মনত নাই। কিন্তু সেই সময়ত এই অনুষ্ঠান গাঁওৰ লোকসকলৰ ক্ষেত্ৰত এক বিশেষ গদ্য সম্পৰ্কীয় সংকলন আছিল ।
- প’টলি বাবা কি (Potli Baba Ki )- এই অনুষ্ঠানত বিভিন্ন কাহিনী পুতলাৰ জৰিয়তে বৰ্ণনা কৰা হৈছিল। এই কাহিনীসমূহৰ জৰিয়তে শিশুক নীতিশিক্ষা প্ৰদান কৰা হৈছিল। উল্লেখ্য যে এই অনুষ্ঠানৰ আৰম্ভণি গীতটি লিখিছিল গুলজাৰ য়ে আৰু সুৰেৰে সজাইছিল বিশাল ভৰদ্বাজে।
- ইধৰ- ওধৰ (Idhar Udhar)- এই আনুষ্ঠানটি আছিল এক কৌতুকধৰ্মী অনুষ্ঠান। এই আনুষ্ঠানত পাঠক ভগ্নীদ্বয়ে নিজৰ কৌতুকধৰ্মী কাহিনীৰ জৰিয়তে দৰ্শকৰ মন মোহিবলৈ সক্ষম হৈছিল।
দুৰদৰ্শন ৮০ বা ৯০ দশকৰ লোকসকলৰ বাবে কেৱল এক চেনেল নহয় , এক আবেগস্বৰূপ আছিল। সেই সময়ত দৰ্শকৰ মনোৰঞ্জন, পচন্দৰ অনুষ্ঠান তথা দেশ-বিদেশৰ বাতৰিৰ বিষয়ে জানিবৰ বাবে দুৰদৰ্শনেই আছিল একমাত্ৰ থল। বৰ্তমান দুৰদৰ্শনৰ বহুতো অনুষ্ঠান ইউটিউবতো উপলব্ধ।