আজি ‘বুম্বা ৰাইড’ চাবলৈ জ্যোতি চিত্ৰবনত উপস্থিত হ’ল শিক্ষামন্ত্ৰী ৰণোজ পেগু ৷ অসমৰ ভিতৰুৱা মিচিং গাঁও এখনৰ শিক্ষা ব্যৱস্থাক লৈ অসমীয়া-মিচিং ভাষাত নিৰ্মিত আন্তৰ্জাতিক খ্যাতিসম্পন্ন চলচ্চিত্ৰ ‘বুম্বা ৰাইড’ ৷ ছবিখন চাই জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকত মনৰ ভাৱ প্ৰকাশ কৰিলে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷ লগতে শিশু অভিনেতা শ্ৰীমান ইন্দ্ৰজিত পেগুৰ মনোগ্ৰাহী অভিনয়ৰ লগতে চলচ্চিত্ৰখনৰ সামগ্ৰিক নিৰ্মাণ যথেষ্ট উন্নত হোৱা বুলি একেমুখে শলাগিলে তেওঁ।
অসমৰ চলচ্চিত্ৰ জগতক এক অনন্য মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হোৱা আন্তৰ্জাতিক ক্ষাতিসম্পন্ন ছবি ‘বুম্বাৰাইড’ৰ পৰিচালক শ্ৰীবিশ্বজিত বৰা, প্ৰযোজক শ্ৰীলুইত কুমাৰ বৰ্মন প্ৰমুখ্যে চলচ্চিত্ৰখনৰ সমূহ কলাকুশলীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি ফেচবুক প’ষ্টটোৰ যোগেদি শুভ কামনা জ্ঞাপন কৰিলে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।