২০২২-২৩ বৰ্ষৰ আৱাহন থিয়েটাৰৰ ‘লভিতা’ নাটকখনক লৈ সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পিছত অসমৰ ৰাইজলৈ এক স্পষ্টীকৰণ আগবঢ়ালে ‘সদৌ অসম ভ্ৰাম্যমাণ থিয়াটাৰ প্ৰযোজক সন্থা’ই ৷ স্পষ্টিকৰণৰ যোগেদি সন্থাটোৱে এই কথা প্ৰকাশ কৰিলে যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লভিতা’ নাটকৰ অলম লৈ অভিজিৎ ভট্টাচাৰ্যই সৃষ্টি কৰা ‘লভিতা’ নাটখনৰ বাবে তেওঁলোকে একেমুখে গৰিহনা দিছে ৷ কিয়নো অসমীয়া জাতিৰ ভেঁটি গঢ়োতা সকলৰ সৃষ্টিক বিকৃত কৰা কাৰ্য্যক তেওঁলোকে কেতিয়াও সমৰ্থন নকৰে ৷ আনহাতে তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ যে অসমৰ বৰেণ্য লোক সকলে অসমীৰ সাংস্কৃতিক জগতখনলৈ আগবঢ়াই থৈ যোৱা এই মহান অৱদানসমূহ তেওঁলোকে কোনো কাৰণতে বিকৃত হ’বলৈ নিদিয়ে ৷
অৱশ্যে সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাৰ এই স্পষ্টীকৰণ সামাজিক মাধ্যমত প্ৰচাৰিত হোৱাৰ পিছতেই ফেচবুক যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সন্থাটোক যেন বহু কথা আঙুলিয়াই দিয়াৰ লগতে প্ৰশ্ন উত্থাপন কৰিলে প্ৰকাশন পৰিষদ গুৱাহাটীৰ ,অসম একাডেমিক চেণ্টাৰৰ পৰিচালন সঞ্চালক হেমকান্ত বৰাই ৷
ভ্ৰাম্যমাণত বলীউড শৈলীৰ ’চিত্ৰহাৰ’ মাৰ্কা নাটক প্ৰদৰ্শন কৰা কাৰ্য বন্ধ কৰিবলৈ আহ্বান জনাই তেওঁ ক’লে যে বিশ-পঁচিছ বছৰৰ আগতেও ড০ ভবেন্দ্ৰনাথ শইকীয়া, মহেন্দ্ৰ বৰঠাকুৰ, হেমন্ত দত্ত, উগ্ৰ মেনা, অৱতাৰ সিঙৰ দৰে নাট্যকাৰৰ নাটকেৰে ভ্ৰাম্যমাণ থিয়েটাৰে দপদপাই আছিল ৷ সেইসময়ত তেওঁলোকৰ নাটক নাচাই বুলি কোনেও কোৱা নাছিল ৷ নাচ-গান, ফাইটিং আদি নাথাকিলে থিয়েটাৰ কোনেও নাচাই বুলি কোৱা নাছিল ৷ কিয়নো ব্যৱসায়িক চিনেমাতকৈ ভ্ৰাম্যমাণ থিয়েটাৰ পৃথক বুলি অসমৰ দৰ্শকে জানে বাবেই চিনেমা হললৈ নগ’লেও থিয়েটাৰ চাবলৈ যায় অসমীয়া ৰাইজ ৷
আনহাতে এক প্ৰশ্ন উত্থাপন কৰি প্ৰকাশন পৰিষদ গুৱাহাটীৰ ,অসম একাডেমিক চেণ্টাৰৰ পৰিচালন সঞ্চালক গৰাকীয়ে ক’লে যে অসমত নাট্যকাৰৰ অভাৱ বুলি ক’ব খোজে নেকি ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাই ?
তেওঁ ক’লে যে থিয়েটাৰৰ বাবে বলীউড শৈলীৰ নাটক বিচাৰিলে নাট্যকাৰ ক’ত বিচাৰি পাব তেওঁলোকে ৷যোৱা বিশ-পঁচিছ বছৰৰ আগৰ গ্ৰন্থ এখন নতুন প্ৰজন্মই যদি পঢ়িব পাৰে তেন্তে যোৱা বিশ-পঁচিছ বছৰৰ আগৰ হাজাৰৰো অধিক নাটক থিয়েটাৰ সমূহ কিয় পুনৰ মঞ্চায়ন কৰিব নোৱাৰিব থিয়েটাৰ সমূহে !
সেয়েহে সামাজিক মাধ্যম ফেচবুকৰ প’ষ্টটোৰ যোগেদি তেওঁ সন্থাটোক এই দাবী জনালে যে তেওঁলোকে যেন এই সংকল্প লয় যে তেওঁলোকে ভ্ৰাম্যমাণ থিয়েটাৰৰ পূৰ্বৰ মৰ্যাদা পুনৰ ঘূৰাই আনিব ৷ জ্যোতিপ্ৰসাদৰ নাটকৰ মৰ্যাদা যদি তেওঁলোকে সঁচাকৈয়ে বুজি পাইছে তেন্তে ভ্ৰাম্যমাণ থিয়েটাৰক বজৰুৱা নকৰি পূৰ্বৰ মননশীল হাজাৰৰো অধিক নাটক বুটলি আনি তেওঁলোকে ভ্ৰাম্যমানৰ হেৰোৱা মৰ্যাদা ঘূৰাই দিয়ক ।