অসম চৰকাৰৰ নতুন শিক্ষানীতি সম্পৰ্কে মন্তব্য কৰি পুনৰ চৰ্চালৈ অহা নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গৰ ১২০০০খন কিতাপ পঢ়া বুলি প্ৰকাশ কৰা এটি মন্তব্যই খলকনি তুলিছে গ্ৰন্থ প্ৰেমী সকলৰ মাজত ৷ আনহাতে বিভিন্ন জনে ইয়াক লৈ সামাজিক মাধ্যমত বিভিন্ন টুলুঙা মন্তব্য কৰাও দেখা গৈছে ৷
তেওঁৰ দৃষ্টিত শিক্ষানো কি তাক বুজাবলৈ গৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে কৈছিল যে তেওঁ বি.এ. পাছ কৰা নাই কিন্তু এতিয়ালৈকে ১২,০০০খন কিতাপ পঢ়িছে ৷ ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যখনৰ বিভিন্ন মহলত ৷কাৰণ সীমিত জীৱনকালত প্ৰকৃতাৰ্থত ১২,০০০খন কিতাপ পঢ়া কিমান সহজ সেই কথা গ্ৰন্থ প্ৰেমী সকলে হয়তো ভালকৈয়ে জানে ৷ বহুতৰ মতে শিল্পী গৰাকীয়ে সময়ে সময়ে নভৱা নিচিন্তাকৈ কোৱা এনে বহু কথাই সমাজত যথেষ্ট বিৰূপ প্ৰভাৱ পেলোৱাৰ লগতে কিছু পৰিমাণে হ’লেও তেওঁৰ ব্যক্তিত্বৰ ওপৰতো প্ৰভাৱ পেলাইছে ৷
আনহাতে শিল্পী গৰাকীৰ এই মন্তব্য সন্দৰ্ভত অসমৰ জনপ্ৰিয় চলচিত্ৰ তথা উদ্যোগপতি লুইত কুমাৰ বৰ্মনকে আদি কৰি বিভিন্ন লোকে সামাজিক মাধ্যমত তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ সামাজিক মাধ্যমৰ এটি পোষ্টৰ যোগেদি চলচ্চিত্ৰ প্ৰযোজক লুইত কুমাৰ বৰ্মনে কয় যে ১২০০০কিতাপ পঢ়িবলৈ হ’লে তেওঁ সদায় এখনকৈ পঢ়িলেও মুঠতে ৩৩ বছৰ লাগিব ৷৩৩টা বছৰ যদি তেওঁ কিতাপেই পঢ়িলে তেন্তে শিল্পী গৰাকীয়ে কেনেকৈ কণ্ঠদান কৰিলে ৪০,০০০টা গীতত?
ই বাৰু সঁচাকৈয়ে সম্ভৱ নে ?
জনপ্ৰিয় শিল্পী গৰাকীৰ এনে কিছু আচহুৱা কথাই বহুসময়ত ব্যতিব্যস্ত কৰিছে বহুজনক ৷ এনেবোৰ মন্তব্যৰ বাবেই আগতকৈ জনপ্ৰিয়তা কিছু হ্ৰাস পাইছে নেকি নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গৰ ?নে কি ভাৱে আপোনালোকে ?