বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী কৰিণা কাপুৰ খান। বৰ্তমান সময়ৰ সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছে এই গৰাকী অভিনেত্ৰীয়ে তেঁওৰ বৰ্দ্ধিত মাননিৰ বাবে। প্ৰাপ্ত তথ্য মতে এখন পৌৰাণিক কাহিনীৰ আধাৰত নিৰ্মাণ হ’বলগীয়া চিনেমাৰ মুখ্য চৰিত্ৰৰ বাবে অভিনেত্ৰীগৰাকীয়ে বিচাৰিছিল ১২ কোটি টকা।
উল্লেখ্য যে বৰ্দ্ধিত মাননিৰ বাবে কৰিণাক চিনেমাখনৰ পৰা বাদ দিয়া হৈছে বুলি গুজৱ উলাইছিল যদিও নিৰ্মাতাসকলে পুনৰ এই ক্ষেত্ৰত বিচাৰ বিবেচনা কৰিছে বুলি জানিব পৰা গৈছে।
আনহাতে অভিনেত্ৰী গৰাকীয়ে বৰ্তমান সময়লৈ বলিউডৰ বহুতো নামী দামী চিনেমাত কাম কৰিবলৈ অস্বীকাৰ কৰিছে আৰু বহুতো ক্ষেত্ৰত নিৰ্মাতা সকলে নিজেই তেঁওক লব’লৈ অমান্তি হৈছিল। তাৰেই ভিতৰত কেইখন মান ছবিৰ কথা উল্লেখ কৰা হ’ল।
- ‘Kaho Na Pyar Hai’ নামৰ ছবিখনত আমিষা পাটেলৰ দ্বাৰা অভিনীত ছ’নিয়া নামৰ চৰিত্ৰটিত প্ৰথমতে অভিনয় কৰিছিল কৰিণা কাপুৰে। চিনেমাখনৰ শ্বুটিং ইতিমধ্যে আৰম্ভ হৈ গৈছিল। কিন্তু কিছু দিন শ্বুটিং কৰাৰ পাছত তেঁও এই চিনেমাত কাম কৰিবলৈ অস্বীকাৰ কৰে আৰু “Refugee“ নামৰ চিনেমাৰ কামত জড়িত হৈ পৰে।
- সঞ্জয় লীলা ভান্সালীৰ ‘Devdas’ চিনেমাখনৰ বাবে কৰিণাই এক স্ক্ৰীণ টেষ্টো দিছিল । কিন্তু বিশেষ কাৰণবসতঃ সেই চিনেমাখনৰ পৰা বাদ পৰিল অভিনেত্ৰী গৰাকী।
- বলিউডৰ এখন জনপ্ৰিয় চিনেমা হ’ল “No One Killed Jessica” । চিনেমাখনত ৰাণী মুখাৰ্জীয়ে অভিনয় কৰা চৰিত্ৰটিত অভিনয় কৰাৰ ক্ষেত্ৰত নিৰ্মাতাসকলৰ প্ৰথম পদন্দ আছিল কৰিণা কাপুৰ। কিন্তু অভিনেত্ৰী গৰাকী অমান্তি হয় এই ছবিখনত কাম কৰিবৰ বাবে।
- কৰণ জোহৰৰ “Kal Ho Na Ho” নামৰ ছবিখনৰ এটি চৰিত্ৰ আগবঢ়োৱা হৈছিল কৰিণা কাপুৰক । কিন্তু নিৰ্মাতাসকলে দিব খোজা মাননিত অসন্তুষ্ট হৈ সেই ছবিখন নকৰিবলৈ সিদ্ধান্ত লয় অভিনেত্ৰী গৰাকীয়ে। উল্লেখযোগ্য যে সেই চৰিত্ৰটি পাছত ৰূপায়ণ কৰে প্ৰীতি জিন্টাই।
- ‘Bride & Prejudice’ চিনেমাখনৰ বাবে পৰিচালক গুৰিন্দৰ চাদ্ধাই কৰিণাক এটি চৰিত্ৰৰ বাবে নিৰ্বাচন কৰিছিল। কিন্তু অভিনেত্ৰীগৰাকীয়ে সেই চৰিত্ৰটি ৰূপায়ণ কৰিবলৈ অমান্তি হয় কাৰণ তেঁওক মুখ্য চৰিত্ৰৰ বিপৰীতে সৰু ভনিয়েকৰ চৰিত্ৰটিৰ বাবেহে বিচৰা হৈছিল। উল্লেখ্য যে মুখ্য চৰিত্ৰটিত অভিনয় কৰিছিল ঐশ্বৰ্য ৰায় বচ্চনে।
- কৰিণা কাপুৰ খানক “Fashion” ছবিখনত প্ৰিয়ংকা চোপ্ৰাই অভিনয় কৰা চৰিত্ৰটি আগবঢ়োৱা হৈছিল , কিন্তু তেঁও সেই চৰিত্ৰটিত অভিনয় কৰিবলৈ অমান্তি হয়।
- ‘Dostana’ চিনেমাখনটো প্ৰিয়ংকা চোপ্ৰা অভিনীত মুখ্য চৰিত্ৰটি আগবঢ়োৱা হৈছিল কৰিণা কাপুৰক । কিন্তু অভিনেত্ৰী গৰাকীয়ে গ্ৰহণ নকৰিলে সেই চৰিত্ৰটি ।
- ‘LoveStory 2050’ নামৰ ছবিখনত প্ৰিয়ংকা চোপ্ৰাই অভিনয় কৰা চৰিত্ৰটিও প্ৰথমতে আগবঢ়োৱা হৈছিল কৰিণা কাপুৰক।
- ‘Page 3’ নামৰ ছবিখনত কংকণাই ৰূপায়ণ কৰা চৰিত্ৰটিৰ বাবে নিৰ্মাতা সকলৰ প্ৰথম পচন্দ আছিল কৰিণা কাপুৰ খান।
- ‘Yeh Hai Jalwa’ ছবিখনৰ বাবে নিৰ্মাতা সকলৰ প্ৰথম পচন্দ আছিল কৰিণা কাপুৰ। কিন্তু পাছত সেই চৰিত্ৰটিত আমিষা পাটেলেহে অভিনয় কৰা দেখিবলৈ পোৱা যায়।