পূৱ ভাৰতৰ শেষ সীমাত অৱস্থিত অসম ৰাজ্য। ইয়াতে প্ৰৱাহিত হৈ আছে নৈ , উপনৈ , জান-জুৰি , নিজৰাৰ এক মনোৰম ছবি।হিমালয়ৰ গাত আঁউজি – কামেং ,চিয়াং , লোহিত , টিৰাপ আৰু সোৱণশিৰি। মানস সৰোবৰৰ পৰা তিব্বতৰ মাজেদি চাংপো নামেৰে বৈ আহি এই ৰাজ্যৰ মাজেৰে চিয়াং নামেৰে বৈ আহোঁতে বাটতে লগ লাগিছে দিবাং আৰু লোহিত নদী। এই মহাসঙ্গমেই হৈছে ভৈয়ামত মহাবাহু ব্ৰহ্মপুত্ৰ। চিৰযুগমীয়া ঐতিহ্য বহন কৰি আহিছে ব্ৰহ্মপুত্ৰই।
ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশী চিৰ প্ৰবাহিত হৈ আছে অসমৰ বুকুত। সাহিত্য , কলা – সংস্কৃতি আৰু সভ্যতাও নদীক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছিল বুলি পণ্ডিত সকলে কৈ আহিছে। অসমৰ সাহিত্য সংস্কৃতিতো নদ-নদীৰ যথেষ্ট বৰঙণি আছে। অনাড়ম্বৰ সৰল ভাষা , ঘৰুৱা চিত্ৰ , ভাৱৰ মুকলি প্ৰকাশ , সৰল বিশ্বাস আৰু অলৌকিকতাৰ প্ৰভাৱ লোকগীত সমূহত বিদ্যমান।গীতবোৰৰ ছন্দ , ভাৱ আৰু ভাষা শৃঙ্খলিত নহয় , সাৱলীল আৰু উন্মুক্ত। চহাপ্ৰাণৰ মুক্ত পৰিস্ফুৰণ আৰু আদিম আৰু মৌলিক ভাৱাবেগৰ অকৃত্ৰিম প্ৰকাশ।
আনহাতে চহা অসমীয়াৰ খাদ্যাভাসৰ এক অবিচ্ছেদ্য অংগ হ’ল মাছ ৷ অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ গোৱালপাৰা অঞ্চলৰ খাদ্যাভাষত সুস্বাদু ব্যঞ্জন হিচাপে মাছৰ ব্যৱহাৰ তথা দৈনন্দিন জীৱনধাৰাৰ স’তে মাছৰ সম্পৰ্ক প্ৰকাশ পাই উঠিছে সেই অঞ্চলৰ কিছুমান পৰম্পৰাগত গীতৰ জৰিয়তে ৷
গোৱালপাৰীয়া লোক সাহিত্যৰ লোকগীত , যোঁজনা , সাথঁৰ , প্ৰবচন , প্ৰবাদবাক্য , সাধুকথা সকলোতে মাছৰ উল্লেখ পোৱা যায়।মাছ প্ৰৱজন শক্তিৰ প্ৰতীক বুলিও সমাজ ব্যৱস্থাত প্ৰচলিত।
সাধাৰণতে যৌৱন কালত ডেকা – গাভৰুৰ মনে আকাশৰ তলত স্বাধীনভাৱে ‘মনেৰ মানুষ টা’(মনৰ মানুহ)ৰ লগত মুকলি চৰাইৰ দৰে বিচৰণ কৰাৰ সপোন দেখে।চকুত চকু থৈ সপোন দেখাৰ ইচ্ছাই সিহঁতক উন্মনা কৰে। এফালে মিলনৰ বাসনা আৰু আনফালে সংস্কাৰত আৱদ্ধ জীৱন। এই বেদনা প্ৰকাশিত হয় এনেদৰে-
” মাছেৰ বসন্ত কালে
কৰে উজান ভাটি
আমি নাৰী একলা ঘৰে
কৰুং কান্দাকাটি”।
প্ৰেমিক-প্ৰেমিকাৰ মনৰ আশা পূৰণ নহলে আহাৰ মাহৰ কলীয়া ডাৱৰে মনৰ আকাশ আৱৰি থাকে। গোৱালপাৰীয়া লোকগীতত প্ৰকাশ পাইছে এনেদৰে-
“চেংৰী গেইছে মাছ মাৰিতে
চেংৰা বসিয়া কৰে ভাৱনা।”
প্ৰেমিক বন্ধু যেতিয়া মাছ মাৰিবলৈ যায় , প্ৰেমিকাই তেতিয়া মনে মনে চাই থাকে-
” সোণাৰ বন্ধু মাছত যায়
গুণ গুণ কৰিয়া
মুই সুন্দৰী চায়া আছুং
হাসিয়া হাসিয়া”।
অসমীয়া মানুহ অতিথি পৰায়ন।গোৱালপাৰীয়া লোকগীতত অতিথি আপ্যায়নৰ কথা সুন্দৰ ভাবে প্ৰকাশ পাইছে-
“আইজুং চাউলেৰ ভাত চাইৰটা
ইলছা মাছেৰ জোল
ডৰকিনা মাছেৰ ছৰছৰিতা
মূলা শাকে শউল।”
মেকুৰী আৰু মাছ। সুবিধা পালেই যেন মেকুৰিয়ে মাছ চুৰ কৰি খায়-
“আৰে বিলাই মেও
ঘৰতে আছে মাছেৰ খলাই
সৰত কৰিয়া নেও।”
বিবাহ অনুষ্ঠানত মাছৰ উল্লেখ মন কৰিবলগীয়া-
“পুঠি মাছে গুৱা কাটে
আকে আৰো পাকে
তাকে দেখি টেপা মাছে
মুখ ভোকৰেয়া থাকে।”
গোৱালপাৰীয়া লোকগীতত ইলিছ মাছৰ বৰ্ণনা খুওব ধুনীয়াকৈ প্ৰকাশ পাইছে –
“ইলছা মাছে উঠিয়া কয়
আমাৰ বৰো পেটি
আমাকে মজাইতে পাৰে
গোৱালপাৰাৰ বেটি।
ইলছাৰে ইলছা মাছ
ইলছা মাছে উঠিয়া কয়
আমাৰ বৰো গাদা
আমাকে মজাইতে পাৰে
গোৱালপাৰাৰ দাদা ।
ইলছাৰে ইলছা মাছ।
ইলছা মাছে উঠিয়া কয়
আমাৰ বৰো লেজা
বেছি তেলে ভাজিয়া খালে
লাগে বৰো মজা।
ইলছাৰে।”
এইদৰে গোৱালপাৰাৰ জনজীৱনৰ নানা দৃশ্য , বিৰহ-বেদনা , আচাৰ-অনুষ্ঠান আদিত মাছৰ ব্যৱহাৰ কিম্বা পাকঘৰত ইয়াৰ গুৰুত্বৰ কথা সুন্দৰ বিৱৰণীৰে লোকগীত সমূহত দেখিবলৈ পোৱা যায়।