সাধাৰণতে বিবাহ অনুষ্ঠান সমূহত দৰা-কইনাৰ বন্ধুসকলে তেওঁলোকৰ দৰা বা কইনা বন্ধুৰ সৈতে সচৰাচৰ কিছুমান ধেমালি কৰা দেখা যায় । বেছিভাগেই গীত-নৃত্য প্ৰদৰ্শন কৰি,জেতুকা,মাহ-হালধি লগাই এই উৎসৱক এক অনন্য মাত্ৰা প্ৰদান কৰে ৷ কিন্তু শেহতীয়াকৈ চিকাগোৰ পৰা ভাইৰেল হোৱা এটা ভিডিঅ’ই এইবাৰ এজন বন্ধুক তেওঁৰ বিয়াত এনে এক উপহাৰ দিলে যি আছিল তেওঁৰ কল্পনাৰো অতীত ৷ এক আচৰিত ধৰণৰ অগতানুগতিক কাম কৰি নিজৰ দৰা বন্ধুক উপহাৰ দিলে তেওঁৰ দুজন পুৰুষ বন্ধুৱে ।
শেহতীয়াকৈ ভাইৰেল হোৱা এই ভিডিঅ’টোত এজন ভাৰতীয় বন্ধুৰ বিয়ালৈ শাৰী পিন্ধি গ’ল দুজন পুৰুষ বন্ধু ৷ চিকাগোৰ ৰাজপথত খোজ কাঢ়ি যোৱা এই দুই পুৰুষ বন্ধুৱে ‘শাৰী কেৱল ছোৱালীয়েহে পিন্ধিব পাৰে’ বুলি ভবা পূৰ্বধাৰণাক যেন ছিন্নভিন্ন কৰি পেলালে । দৰাৰ “বেষ্ট ফ্ৰেণ্ড” কেইজনে কপালত ফোঁট আৰু শাৰী পিন্ধি নিজকে যেন নিখুঁত ভাৱে ভাৰতীয় নাৰীৰ ৰূপত ডাঙি ধৰিলে । যাক দেখি অবেগিক হৈ পৰিল দৰা বন্ধু গৰাকী ৷ আনহাতে সামাজিক মাধ্যমতো দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে পুৰুষসকলে এনে অসাধাৰণ সাজ-পোছাকেৰে বন্ধুৰ বিবাহ অনুষ্ঠানলৈ যোৱা এই ভিডিঅ’টো ।
এই ভিডিঅ’ ক্লিপটো সামাজিক মাধ্যমত আপলোড কৰিছে পেৰাগন ফিল্মছ, চিকাগো ৱেডিঙৰ ভিডিঅ’ গ্ৰাফাৰসকলে। ভিডিঅ’টোৰ কেপচনত লিখা আছিল যে এক বিবাহ অনুষ্ঠানৰ ৰাতিপুৱা দৰাৰ ২ জন শ্ৰেষ্ঠ বন্ধুৱে শাৰী পিন্ধি মিচিগান এভিনিউত খোজ কাঢ়িছে।
ভিডিঅ’টোত দেখা পোৱা মতে এগৰাকী মহিলাই অৰ্থাৎ কইনাই ৰাস্তাত পুৰুষসকলক সহায় কৰি আছে।ইফালে বিবাহ মণ্ডপত উপস্থিত হোৱাৰ পিছত বন্ধু দুগৰাকীৰ সাজ-পোছাক দেখি দৰাকে আদি কৰি তাত উপস্থিত বাকী সকলো আচৰিত হৈ হাঁহিত বাগৰি পৰাৰ উপক্ৰম হৈছে ।আনহাতে ভিডিঅ’টোৰ শেষত দৰাজনে আবেগিক হৈ বন্ধুকেইজনক সাৱটি ধৰিছে ৷
উল্লেখযোগ্য যে সামাজিক মাধ্যমত এই ভিডিঅ’টোৱে ত্ৰিশ হাজাৰৰো অধিক লাইক আৰু তিনি লাখ ঊনৈশ হাজাৰৰো অধিক ভিউ লাভ কৰিছে। কেইবাজনো ব্যৱহাৰকাৰীয়ে দৰাৰ এই শ্ৰেষ্ঠ বন্ধু দুগৰাকীৰ এই অকল্পনীয় কাৰ্য্যৰ শলাগ লোৱাৰ লগতে বিভিন্ন জনে বিভিন্ন মন্তব্যৰে উপচাই পেলাইছে ভিডিঅ’টোৰ মন্তব্য শিতান ৷ ত্ৰিশ হাজাৰৰো অধিক লাইক আৰু তিনি লাখ ঊনৈশ হাজাৰৰো অধিক ভিউ লাভ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এই অসাধাৰণ ভিডিঅ’টোৱে ৷ যি হয়তো প্ৰমাণ কৰিছে যে ভাৰতীয় সাজ-পোছাক প্ৰকৃতাৰ্থত আন দেশৰ লোকসকলৰ বাবেও কিমান আদৰণীয় ৷