ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা অসমত বাস কৰি অহা অনাৰ্য সকলেই অসমৰ আদিম অধিবাসী। অনাদি কালৰে পৰা অসমত বসবাস কৰা জনজাতি সকলে কৃষি কৰ্মৰ উৰ্বৰতা বৃদ্ধি আৰু অধিক ফচলৰ কামনাৰে দেৱীৰ পূজা কৰি আহিছে। অসমত বাস কৰা জনজাতি সকলে বিভিন্ন নাম আৰু ৰূপেৰে দেৱীৰ পূজা কৰি আহিছে।
বড়ো সকলৰ দেৱী
অসমৰ প্ৰাচীন অধিবাসী সকলৰ ভিতৰত বড়ো সকল অন্যতম। বড়ো সকলে ব’হাগ বিহুৰ দিনা বাথৌ পূজাৰ বেদী কৰি কলপাতত আড়ৈ চাউল দি মহাদেৱ আৰু আই কামাখ্যাক আসন দিয়ে। নৱবৰ্ষৰ এই উৎসৱত জগতৰ মাতৃ খামাই খাৰ চৰণত সন্তানৰ দীৰ্ঘায়ু আৰু সন্তানহীন দম্পত্তিৰ সন্তান কামনা কৰি প্ৰাৰ্থনা কৰে।বড়ো সকলৰ ধৰ্মীয় বিশ্বাসত মনসা পূজাও অন্যতম।
বড়ো সকলে পথাৰৰ শষ্যৰ শ্ৰীবৃদ্ধি কামনা কৰি খেৰায় পূজা কৰে। খেৰাই পূজা তিনিটা কাৰণত কৰা হয়।
আহাৰ শাওণ মাহত আন্ধাৰ ৰাতি আহুধান আৰু অন্যান্য শষ্যৰ মঙ্গলৰ বাবে আশু খেৰায় পূজা কৰা হয়।
কাতিমাহৰ অন্ধকাৰ ৰাতি খেৰায় পূজা কৰি ৰবি শষ্য আৰু শালি ধানৰ মঙ্গল কামনা কৰি শালি খেৰায় পূজা কৰা হয়।
পৰিয়ালৰ কাৰোবাৰ টান বেমাৰ হ’লে , আগৰ দিনত বেজৰ চিকিৎসাৰে আৰোগ্য কৰিব নোৱাৰিলে ৰোগীৰ আৰোগ্য কামনা কৰি পূজা কৰিছিল। বিভিন্ন দেৱতাক পূজা কৰাৰ লগতে আই কামাখ্যা , চুংৰাণী বা হংৰাজী , আলায়খুংগ্ৰি , বিলায় খুংগ্ৰি , যখিনী দেৱী ,বৌলিবুৰি ঔষধ আৰু মন্ত্ৰৰ গুণ দিওঁতা দেৱী , ৰণচণ্ডী আৰু ৰণপাগলী আৰু কেঁচাইখাইতী। খেৰায় পূজাৰ অন্তত পৃথিৱীৰ বুকুৰ পৰা লক্ষী আইক উদ্ধাৰ কৰি ইছঙিত স্থাপন কৰা হয়।
কাৰ্বি সকলৰ দেৱী
কাৰ্বি বা মিকিৰ সকল অসমৰ প্ৰাচীন বাসিন্দা সকলৰ অন্যতম। ভৈয়ামৰ কাৰ্বি সকলৰ বেছি ভাগেই শক্তি উপাসনা বা দেৱী পূজাত বিশ্বাস কৰে আৰু দুৰ্গাদেৱীৰ পূজা কৰে।
কাৰ্বি আংলঙৰ কাৰ্বিসকলৰ ধৰ্ম বিশ্বাসত কেইবাগৰাকী দেৱীৰ পূজা-অৰ্চণা কৰা হয়। কাৰ্বিসকলৰ আৰাধ্য দেৱী সকলক দুভাগত ভাগ কৰিব পাৰি। স্বয়ং সম্পূৰ্ণ দেৱী আৰু দেৱতাৰ সহচৰী।
কাৰ্বি সকলৰ মতে দুৰণি কুংৰীয়েই হ’ল ভূ-মণ্ডলৰ দেৱী । দুৰণি দেৱীৰ বুকুৰ গাখীৰ খাই সকলো লালিত – পালিত হ’ল আৰু পৃথিৱী খন সুন্দৰ ৰম্যভূমি হ’ল। সৃষ্টিৰ আদি অৱস্থাৰ পৰা আজিলৈকে এই দুৰণি দেৱীৰ বুকুৰ গাখীৰেৰেই সকলো লালিত-পালিত হৈ আহিছে , তাৰ বাবে কৃতজ্ঞতা জনাবলৈ আৰু শষ্যৰ লগতে হেৰাং জাংনাই , হেৰে কুম্বাঙৰ জৰিয়তে আমাক খাদ্য যোগান ধৰি থাকিবলৈ লংলে আই-ঈ কাৰকি (মাটিৰ শক্তিক পূজা দিয়া ) অনুষ্ঠান কৰা হয়। কৃষিজীৱি কাৰ্বিসকলৰ ই এটা অপৰিহাৰ্য পূজা। এই পূজা শৰৎ কালত পতা হয় বাবে ইয়াক কাৰ্বি সকলৰ শাৰদীয় উৎসৱ বুলি বহুতে ক’ব খোজে। আন এগৰাকী স্বয়ংসম্পূৰ্ণ দেৱী হ’ল থেকাৰ। থেকাৰ দেৱীক দুটা নামেৰে জনা যায় , কাৱে আৰু কাচে। কাৱেৰ জৰিয়তে অপায় অমঙ্গল , মাৰি-মৰক , নিন্দা , অসূৱা-অপ্ৰীতি দূৰ কৰাটো বুজায় আৰু কাচেৰ জৰিয়তে সমাজৰ শ্ৰীবৃদ্ধি , শষ্য , ধন-জনৰ বৃদ্ধি আৰু সকলো ক্ষেত্ৰত সমৃদ্ধিৰ বাহক ৰূপেৰে স্মৰণ কৰা হয়।
তিৱা সকলৰ দেৱী
অসমৰ এটা প্ৰধান জনজাতি হ’ল তিৱাসকল।এওঁলোক লালুং নামেৰে পৰিচিত। তিৱা সকলে মহামায়া , কেচাঁইখাইতী , মা কালিকা , আই , শ্ৰী শ্ৰী জগদ্ধাত্ৰী বসুন্ধৰী আদি দেৱী সকললৈ বছৰৰ বিভিন্ন সময়ত পূজা-সেৱা আগবঢ়ায়।
আই পূজা :– আই গৰাকী হ’ল বসন্ত ৰোগৰ অধিষ্ঠাত্ৰী দেৱী। তিৱা সকলে বছৰত এবাৰকৈ আই পূজা পাতে। তেওঁলোকৰ মনত গভীৰ বিশ্বাস আছে যে , গৃহস্থই পূজা পাতি সুকলমে সমাধান কৰিব পাৰিলে ঘৰত বসন্তৰোগে দেখা নিদিয়ে।এই পূজা সাধাৰণতে শনিবাৰে বা মঙলবাৰে কৰা হয়।
কেচাঁইখাইতী থান :– অসমৰ বিভিন্ন জাতি-জনজাতিৰ গাৱঁত থকাৰ দৰে তিৱা সকলৰ মাজতো কেঁচাইখাইতী দেৱীৰ পূজা কৰা থান আছে। পূৰ্বতে কিছুমান থানত নৰবলি দিয়াৰ জনশ্ৰুতি আছে যদিও বৰ্তমান ছাগলী , কুকুৰা , কাছ আদি বলি দি পূজা- অৰ্চনা কৰা হয়।
শ্ৰী শ্ৰী জগদ্ধাত্ৰী বসুন্ধৰী এখন প্ৰসিদ্ধ থান। শিলাময় পাহাৰৰ নামনি অংশত শিলত কটা মহাদেৱ , গনেশ , দেৱী আই , যোনীপীঠ আদিৰ চিহ্ন আছে। বসুন্ধৰী থানত মাহ- প্ৰসাদৰ শৰাই আগবঢ়াই পূজা কৰা হয়। ইয়াত বলি দিয়া নহয় যদিও পাৰ , ছাগলী আদিত সেন্দুৰৰ ফোঁট দি মা বসুন্ধৰীৰ নামত উসৰ্গা কৰি এৰি দিয়া হয়। ভীম একাদশী , জগদ্ধাত্ৰী পূজা , মাঘী সপ্তমী আৰু মাঘী সপ্তমী তিথিত বসুন্ধৰী আইৰ থানত উৎসৱ পালন কৰা হয়।
ডিমাচা সকলৰ দেৱী
বড়ো জনগোষ্ঠীৰ এটা প্ৰধান শাখা হ’ল ডিমা হাছাও জিলাৰ ডিমাচা সকল। এখেত সকলৰ মূল দেৱতা হ’ল ব্ৰাই , শিব্ৰাই আৰু তেখেত সকলৰ সহধৰ্মিণী আদ্যাশক্তি মহামায়া। এই আদ্যাশক্তিক বিভিন্ন নামেৰে নামাকৰণ কৰি ডিমাছা সকলে পূজা-পাতল কৰি আহিছে।
ৰাভা সকলৰ দেৱী
ৰাভা সকলৰ ঐতিহ্য মণ্ডিত পূজাৰ থলী হ’ল বায়খো থান। ৰাভা সকলৰ লোকবিশ্বাস মতে বায়খো দেৱীয়েই শ্ৰেষ্ঠ দেৱী। ৰাভা সকলৰ আন এগৰাকী দেৱী হ’ল তামায়া। তামায়া দেৱীক ৰাভা সকলে কেঁচাই খাইতী দেৱীৰ স্বৰূপ বুলি বিশ্বাস কৰে। তামায়া দেৱীৰ পূজাৰ স্থান গাঁৱৰ পৰা চাৰি পাঁচ মাইলমান ভিতৰৰ ওখ পাহাৰৰ ওপৰত স্থাপন কৰা হয়। অন্তৰত সাহস , বল , বীৰ্য , শষ্য নদন-বদন কৰা ,মাৰি মৰক ৰোধ কৰা আৰু বছৰটো সুখ- শান্তিৰে অতিবাহিত কৰিবলৈ কুকুৰা আৰু গাহৰি বলি দি পূজা আগবঢ়ায়।
সোণোৱাল কছাৰীসকলৰ দেৱী
সোণোৱাল কছাৰী সকলে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিলেও এতিয়াও বহুতে কেঁচাইখাইতী , বুঢ়া-বুঢ়ী পূজা কৰি আহিছে। ইয়াৰ উপৰিও ন-ভনী , বাৰ ভনী , সৰস্বতী দেৱীৰ পূজা কৰাৰ লগতে আই বসুমতীক বিশেষ স্থান দি আহিছে। ভুৰুলী হাবুকি নামৰ দেৱী গৰাকীক সবাতোকৈ ডাঙৰ দেৱী বুলি বিশ্বাস কৰে। সোণোৱাল সকলে কৃষিৰ সকলো প্ৰকাৰৰ মঙ্গল কামনা কৰি লখিমীক আদৰণি জনোৱা উৎসৱ পাতে।
মেছ সকলৰ দেৱী
মেছ সকলে সিজু গছকে বুঢ়াদেও বা মহাদেৱ বা শিৱ বুলি পূজা কৰে। তেওঁলোকে উপাসনা কৰা অন্যান্য দেৱী সকল হ’ল বাথু বুঢ়ী , আই চিৰি , আইদেউ , ভৰলী , সৰস্বতী , কেঁচাইখাইতী , পকাইখাইতী , নখৰা বুঢ়ী , দুইভনী , অলাবুঢ়ী , কামাখ্যা আদি।
শৰণীয়া কছাৰীসকলৰ আই পূজা
শৰণীয়া কছাৰী সকলে প্ৰাচীন কালৰে পৰা আই গোসাঁনীৰ পূজা কৰি আহিছে। বসন্ত ৰোগকে ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ’লে বিশেষকৈ শিশুৰ জীৱন ভিক্ষা কৰিবলৈ আই গোসাঁনীৰ পূজা কৰিছিল। শৰণীয়া কছাৰী সকল আই নামত বিশেষভাৱে চহকী। আই গোসাঁনীৰ পূজা আৰু আই নাম সমূহ শৰণীয়া কছাৰী সকলৰ বৈচিত্ৰপূৰ্ণ আৰু সমৃদ্ধিশালী সংস্কৃতিৰ পৰিচয়। (সহায় লৈ)