উত্তৰ লক্ষীমপুৰ জিলাৰ লাহন গাৱঁত অৱস্থিত এটি সংগ্ৰহালয় যাৰ নাম গ্ৰাম্যানুভূতি ( Graimmyanuvuti) ৷ ন-পুৰণি অসমীয়া সমাজ জীৱনৰ বিভিন্ন ধৰণৰ অমূল্য সামগ্ৰী সংগৃহীত হৈ আছে এই সংগ্ৰহালয়টোত।
অসমীয়া সমাজত অতি পুৰণি কালত প্ৰচলিত এখন দোলা খুব সুন্দৰকৈ সংগ্ৰহ কৰি ৰাখিছে ইয়াৰ কৰ্তৃ পক্ষই। স্থানীয় লোকৰ পৰা আৰম্ভ কৰি বিদেশী নাগৰিকৰ আগমন ঘটা দেখিবলৈ পোৱা যায়। উত্তৰ লক্ষীমপুৰ জিলাত অৱস্থিত এই সুন্দৰ সংগ্ৰহালয়টোত নানান ধৰণৰ অসমীয়া চুটি ছবি তথা ধাৰাবাহিকৰ দৃশ্য গ্ৰহণ কৰা হয়।
বিভিন্ন ধৰণৰ সামগ্ৰী যেনে সোণালী গ্ৰামোফোন,পুৰণি ঘড়ী, কৃত্ৰিম টুকুৰা চৰাইৰ বাঁহ,পুৰণি কিতাপ, আহোম সকলৰ হেংদাং, আহোম ৰজাৰ মুকুট তথা জাপিৰ লগতে হাতী খুজীয়া বাতি আৰু ৰজাদিনীয়া আ-অলংকাৰকে আদি কৰি পুৰণি দিনৰ বোলছবি নিৰ্মাণ ৰ বাবে ব্যৱহাৰ কৰা কেমেৰা ইত্যাদি অতি আটোমটোকাৰিকৈ কৰ্তৃপক্ষই সংগ্ৰহ কৰি ৰাখিছে উক্ত সংগ্ৰহালয়টোত ।
এই সংগ্ৰহালয়টো খুব সুন্দৰ ভাৱে ৰং তুলিকাৰে সজাই তুলিছে উত্তৰ লক্ষীমপুৰৰ সন্তান চিত্ৰকৰ নীলিম মহন্তই।পৰ্যটকৰ আকৰ্ষণ কেন্দ্ৰ এই সংগ্ৰহালয়টো বৰ্তমান সময়ত হৈ পৰিছে বিভিন্ন ব্যক্তিৰ বাবে অৱসৰ বিনোদনৰ এক বিশেষ ঠাই।