পাশ্চাত্যৰ লোক সকলে উদযাপন কৰা হেলোইন উৎসৱৰ ইতিহাস কেইবাশ বছৰ পুৰণি ৷ পূৰ্বতে পাশ্চাত্যৰ মানুহে সাধু-সন্যাসীৰ পোছাক পিন্ধি মানুহৰ ঘৰে ঘৰে গৈছিল যাক চামাহিন বুলি কোৱা হৈছিল। এই ‘চামাহিন’ক ধৰ্মনিৰপেক্ষ হেলোইন পৰম্পৰাৰ আটাইতকৈ পুৰণি উৎস বুলি গণ্য কৰা হয়।
সমগ্ৰ বিশ্ববাসীৰ প্ৰিয় এই হেলোইন উৎসৱ চেল্টিক আৰু খ্ৰীষ্টান দুয়োটা পৰম্পৰাৰ পৰা আহিছে। ‘হেলোইন’ হৈছে বছৰটোৰ ভিতৰতে আটাইতকৈ ভয়ংকৰ ৰাতি। আজিকালি সমগ্ৰ বিশ্বৰ মানুহে বিভিন্ন ধৰণে এই হেলোইন উদযাপন কৰে। অৱশ্যে এই হেলোইন এক প্ৰাচীন পৰম্পৰাহে যি এতিয়া এক ভৌতিক উৎসৱলৈ ৰূপান্তৰিত হৈছে।
দ্য চিমেনৰ আৰম্ভণিতে, মৃত উপৰিপুৰুষ সকলৰ আত্মাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ বহুতো ৰীতি-নীতিৰে এক অনুষ্ঠান সম্পন্ন কৰা হৈছিল। কাৰণ চেল্টসকলে বহুতো দেৱতাক উপাসনা কৰিছিল। যদিও এই উদযাপনবোৰৰ বিষয়ে সিমানকৈ জনা নাযায়, বহুতে বিশ্বাস কৰে যে চেল্টসকলে বিভিন্ন পোছাক পিন্ধি আৰু ছদ্মবেশ ধৰি এক বিশেষ ভোজ উদযাপন কৰিছিল য’ত খালী ৰঙালাওৰ পৰা লণ্ঠন তৈয়াৰ কৰা হৈছিল। অৱশ্যে পৰৱৰ্তী সময়ত খ্ৰীষ্টান ধৰ্ম্মৰ প্ৰভাৱ বাঢ়ি অহাৰ লগে লগে এই ধৰ্ম্মৰ অনুগামীসকলে মূল পৰম্পৰাবোৰ ত্যাগ নকৰি প্ৰতি বছৰে ইয়াক তেওঁলোকৰ সংস্কৃতিৰ অংশ কৰি তুলিলে আৰু তেতিয়াৰ পৰা ই প্ৰতিবছৰে উদযাপিত হৈ আহিছে।
আৰম্ভণিতে, মানুহে সাধুসকলৰ ছদ্মবেশত ঘৰে ঘৰে গৈ গান গাইছিল বা আবৃত্তি কৰিছিল আৰু এই পৰম্পৰাকে আগবঢ়াই শিশুসকলে ঘৰে ঘৰে গৈ “ছ’ল কেক” বিচাৰিছিল যি দেখাত বিস্কুটৰ দৰে। আনহাতে ১৯০০ শতিকাৰ মাজৰ সময়ছোৱাত ‘অল ছ’লছ ডে’ হিচাপে ২ নৱেম্বৰক বন্ধৰ দিন হিচাপে লৈ এই ছ’ল কেক গ্ৰহণৰ পৰম্পৰা আৰম্ভ হৈছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত মুখ্যত পৰিয়ালবোৰে শিশুসকলক পোছাক পিন্ধাই এই উদযাপন আৰম্ভ কৰিবলৈ লয় ।
আজিৰ সময়ত, হেলোইন আমেৰিকাত এক জনপ্ৰিয় বন্ধৰ দিন। ইয়াৰ লগতে, বিশ্বৰ বহুতো দেশত ইয়াক অতি উলহ-মালহেৰে উদযাপন কৰা হয়। অনুমান কৰা হৈছে যে বিংশ শতিকাৰ আৰম্ভণিলৈকে, উত্তৰ আমেৰিকাৰ বেছিভাগ (কেণ্ডি-প্ৰেমী, পোছাক পিন্ধা) লোকৰ দ্বাৰাই এই হেলোইন উদযাপন কৰা হৈছিল।
এই বছৰো ৩১ অক্টোবৰ অৰ্থাৎ আজিৰ দিনটোত সমগ্ৰ বিশ্বতে পালন কৰা হৈছে এই হেলোইন উৎসৱ য’ত বিভিন্ন ধৰণৰ সাজ-সজ্জা পৰিধান কৰি সকলোৱে নিজকে ভয়লগা ৰূপত সজাই তুলিছে আৰু এই ভিডিঅ’ নাইবা ফটোৱে বুৰাই পেলাইছে সামাজিক মাধ্যমৰ মজিয়া ৷