পঞ্চদশ শতিকাত মহম্মদ বিন টোগলকৰ শাসনকালৰ অন্তিম সময়ছোৱাত দক্ষিণ ভাৰতত প্ৰতিষ্ঠা কৰা হৈছিল ‘বাহমণি চলতনত’ । এই চলতনতত এজন বিদ্বান প্ৰধান মন্ত্ৰী আছিল ৷ যাৰ নাম আছিল মাহমুদ গাৱান। মূলতঃ ইৰাণৰ পাৰ্চী সম্প্ৰদায়ৰ মাহমুদ গাৱানৰ আন এটা নাম আছিল – খোৱাজা মাহমুদ গিলানি। তেওঁ ফাৰ্জাৰ গৱন গাঁৱৰ পৰা আহিছিল বাবে তেওঁৰ নামটোত গনৱা শব্দটো যোগ কৰা হৈছিল।
ইছলামিক ধৰ্মতত্ত্ব, পাৰ্চী আৰু গণিতৰ জ্ঞান থকাৰ ওপৰিও তেওঁ আছিল এজন কবি আৰু এজন বিশিষ্ট গদ্য লেখক।
এইজন মাহমুদ গাৱানেই নিৰ্মাণ কৰিছিল কৰ্ণাটকৰ বিদাৰ চহৰৰ ঐতিহাসিক মাদ্ৰাছা ৷ যাক লৈ শেহতীয়াকৈ বলপূৰ্বক উপাসনা কৰাৰ বিতৰ্ক পোহৰলৈ আহিছে ।
উক্ত ঘটনাসন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৰ্ণাটকৰ গৃহমন্ত্ৰী অৰাগা জ্ঞানেন্দ্ৰই কৈছে যে মাদ্ৰাছাখনৰ ওচৰত এজোপা গছ আছে, য’ত প্ৰতি বছৰে পূজা কৰা হয়। এই পূজা বহু বছৰ ধৰি চলি আছিল, কিন্তু আগতে কেতিয়াও ইয়াক লৈ বিবাদ হোৱা নাছিল। আনহাতে এছ পি দেক্কা কিশোৰ বাবুয়ে কৈছে যে নিজামৰ সময়ৰ পৰা নিয়মীয়াকৈ ইয়াত দশেৰাৰ সময়ত উপাসনা কৰাৰ পৰম্পৰা চলি আহিছে ।
১৪৬০ চনত নিৰ্মিত বিদাৰৰ মাহমুদ গাৱান মাদ্ৰাছা ভাৰতবৰ্ষৰ এখন ঐতিহাসিক শিক্ষানুষ্ঠান। ইয়াক ভাৰতৰ এক পুৰাতাত্ত্বিক স্থান হিচাপেও ঘোষণা কৰা হৈছে। কোৱা হয় যে মাহমুদে নিজৰ খৰচত এই মাদ্ৰাছাখন নিৰ্মাণ কৰিছিল আৰু ই এখন আৱাসিক বিশ্ববিদ্যালয়ৰ দৰে কাম কৰিছিল ৷ খোৰাচানৰ এখন মাদ্ৰাছাৰ আৰ্হিত নিৰ্মাণ কৰা হৈছিল এই শিক্ষানুষ্ঠানখন। এই মাদ্ৰাছা হৈছে ইণ্ডো-ইছলামিক স্থাপত্যৰ আঞ্চলিক শৈলীৰ এক মূৰ্ত উদাহৰণ।
এই মাদ্ৰাছাখনৰ বিশাল অট্টালিকাটোক এক স্থাপত্য ৰত্ন আৰু বিদাৰৰ পৰিচয় বুলি গণ্য কৰা হয়। মাদ্ৰাছাখন ৰ দৈৰ্ঘ্য ২৪২ ফুট ৷ আনহাতে ই ২২২ ফুট বহল আৰু ৫৬ ফুট ওখ তিনিমহলীয়া অট্টালিকা য’ত আছিল এটা মছজিদ, পুথিভঁৰাল, পৰীক্ষাগাৰ, বক্তৃতা কোঠা আৰু এটা বিশাল চোতাল ।
উল্লেখনীয় যে প্ৰায় ১০০০ জন শিক্ষাৰ্থী আৰু শিক্ষকৰ ক্ষমতাৰে সেই সময়ৰ ইৰাণ আৰু ইৰাকৰ বহুতো বিখ্যাত পণ্ডিতে এই মাদ্ৰাছাত অধ্যাপনা কৰিবলৈ আহিছিল।