অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক যাৰ সৃষ্টি ৰাজিয়ে অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰিছে সেই গৰাকী স্বনামধন্য সাহিত্যিক য়েছে দৰজে ঠংচিলৈ এইবাৰ আগবঢ়োৱা হৈছে আন এক সাহিত্য সন্মান।
জীৱন ৰাম মুংগী দেৱী গোৱেঙ্কা পাব্লিক চেৰিটেবল ট্ৰাষ্টে সাহিত্যিক গৰাকীলৈ এই সন্মান আগবঢ়াইছে বুলি জানিব পৰা গৈছে ৷২০২২ বৰ্ষৰ ‘জীৱন ৰাম মুংগী দেৱী গোৱেঙ্কা মেম’ৰিয়েল নেচনেল এৱাৰ্ড ফৰ এক্সেলেন্স ইন লিটাৰেচাৰ’ সন্মান আগবঢ়োৱা হৈছে সাহিত্যিকগৰাকীলৈ ৷ অহা ২৫ ছেপ্টেম্বৰত গুৱাহাটীত প্ৰদান কৰিবলগীয়া এই বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট সাহিত্যিকগৰাকীলৈ বঁটাৰ লগতে নগদ ২লাখ টকা আগবঢ়োৱা হ’ব বুলি জীৱন ৰাম মুংগী দেৱী গোৱেঙ্কা পাব্লিক চেৰিটেবল ট্ৰাষ্টে প্ৰেৰণ কৰা পত্ৰত প্ৰকাশ কৰিছে ।