গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱাৰ অসমৰ সাংস্কৃতিক জগতলৈ এক অনবদ্য অৱদান ‘জোনাকীমেল’ ৷ ‘জোনাকীমেল’ মানেই হৈছে পোহৰৰ মেলা ৷ অৰ্থাৎ মনৰ আন্ধাৰ আতৰ কৰি যি আলোকিত কৰে হৃদয়ৰ ভিতৰ চ’ৰা ৷ সেয়েহে গীতিকবিয়ে কৈছিল মনৰ আলোকেৰে অমাৱস্যাৰ ৰাতিতো অনুষ্ঠিত কৰিব পাৰি এই ‘জোনাকীমেল’ ৷
গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ এই অৱদান অসমবাসীৰ বাবে বিশেষকৈ গীতিকবি জনাৰ নিজৰ ঠাই সোণাৰি অঞ্চলবাসীৰ বাবে সদায় গুৰুত্বপূৰ্ণ ৷ প্ৰতিবছৰেই সেয়ে কোনো এটি শাৰদীয় সন্ধিয়াত সোণাৰিবাসী ৰাইজে ঐক্যবদ্ধ হৈ অনুষ্ঠিত কৰি আহিছে এই ‘জোনাকীমেল ‘ ৷ অৱশ্যে এইবাৰো তাৰ ব্যতিক্ৰম নহয় ৷ সেয়েহে ১০ অক্টোবৰ তাৰিখ সোমবাৰে “চৰাইদেউ জিলা কবি-সাহিত্য চক্ৰ”ৰ উদ্যোগত তথা “সোণাৰি সংগীত মহাবিদ্যালয়” আৰু “চৰাইদেউ জিলা লেখিকা সমাজ”ৰ সহযোগত সোণাৰি সংগীত মহাবিদ্যালয়ৰ প্ৰাঙ্গণত অতি সু-শৃংখলিতভাৱে অনুষ্ঠিত হৈ যায় এই “জোনাকী মেল” ।
গীতিকবিজনাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে সোণাৰিৰ জ্যেষ্ঠ ব্যক্তি দ্বিজেন্দ্ৰ শৰ্মাদেৱে । আনহাতে “শাৰদী সন্ধিয়াৰ জোনাকী মেল” গীতটি সমবেত কণ্ঠত পৰিৱেশন কৰি সন্মান জনোৱা হয় গীতিকবিজনাৰ মহান সৃষ্টিৰাজিক ।
উক্ত অনুষ্ঠানটিৰ আঁত ধৰে “চৰাইদেউ জিলা কবি-সাহিত্য চক্ৰ”ৰ সভাপতি ড০ ৰীতা দত্তই লগতে জোনাকীমেলৰ বৰমৈলুৱৈ ৰূপে অনুষ্ঠানটি আগবঢ়াই নিয়ে গোৱাপাণেৰে নিমন্ত্ৰিত অৱসৰপ্ৰাপ্ত শিক্ষক , বিশিষ্ট সমাজকৰ্মী , “চৰাইদেউ জিলা কবি-সাহিত্য চক্ৰ”ৰ উপদেষ্টা তথা সংগীত মহাবিদ্যালয়ৰ সভাপতি নৰেণ ৰাজখোৱাই । উল্লেখনীয় যে বৰষুণৰ বতৰকো নেওচি অনুষ্ঠানটিত উপস্থিত থাকে অঞ্চলটোৰ প্ৰায় শতাধিক ব্যক্তি । গীত-নৃত্য-কথা-কবিতাৰে নিশা প্ৰায় ১১ বজালৈকে মহাবিদ্যালয়ৰ চৌহদ মুখৰ হৈ থকাৰ লগতে সোণাৰি অঞ্চলৰ বিশিষ্ট চাহ খেতিয়ক গোলাপ বুঢ়াগোহাঁয়ে পৰিৱেশন কৰা এটি ঝুমুৰেৰে অনুষ্ঠানটি সামৰণি মৰা হয় ।
অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তিকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে “চৰাইদেউ জিলা কবি-সাহিত্য চক্ৰ”ৰ সভানেত্ৰী ড. ৰীতা দত্তই ।