উত্তৰ-পূৰ্বাঞ্চল দেশৰ আটাইতকৈ বৈচিত্ৰ্যপূৰ্ণ আৰু বিচিত্ৰ অঞ্চলসমূহৰ অন্যতম। এই অঞ্চলৰ বেছিভাগ লোক খেতিৰ ওপৰত নিৰ্ভৰশীল। চাউল উত্তৰ-পূবৰ মুখ্য খাদ্য আৰু সহজাত ভাৱেই ইয়াৰ অধিবাসীসকলে পৰম্পৰাগত প্ৰক্ৰিয়াৰ জৰিয়তে চাউল আধাৰিত ঐতিহ্যবাহী পানীয় তৈয়াৰ কৰিবলৈ ভাল পায়। এই স্থানীয় পানীয়বোৰ মূলতঃ ঘৰত বনৌষধি আৰু মচলাৰে প্ৰস্তুত কৰা হয়। ইয়াৰ সুগন্ধি তথা থলুৱা স্পৰ্শত যেন যাদু আছে!
উল্লেখযোগ্য যে অসমৰ ডিমাচাসকলৰ পৰম্পৰাগত পানীয় জুদিমা সুৰাই অলপতে জি আই টেগ লাভ কৰিবলৈ সক্ষম হৈছে। চাউলৰ পৰা প্ৰস্তুত কৰা জুদিমা সুৰা হৈছে এই স্বীকৃতি লাভ কৰা উত্তৰ-পূবৰ প্ৰথম বিধ পানীয়।
geographical indication বা জি আই টেগ বা ভৌগোলিক সংকেট হৈছে এক নাম বা চিহ্ণ যি নিৰ্দিষ্ট অঞ্চলৰ ভৌগোলিক অৱস্থান বা উৎপত্তিৰ সৈতে সামঞ্জস্য তথা যোগাযোগক প্ৰতিনিধিত্ব কৰে। ২০০৪-৫ চনত দাৰ্জিলিং চাহ ভাৰতৰ প্ৰথম জি আই টেগ যুক্ত সামগ্ৰী হিচাপে পৰিগণিত হৈছিল।
ভৌগোলিক সংকেতৰ সুৰক্ষাই নিৰ্মাতা আৰু উৎপাদকসকলক সামগ্ৰিক অৰ্থনৈতিক সমৃদ্ধিলৈ লৈ যায়। তদুপৰি জি আই টেগৰ সৈতে সামগ্ৰীৰ বিপণন আৰু প্ৰচাৰে সেই নিৰ্দিষ্ট অঞ্চলত অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰে, যাৰ ফলত আঞ্চলিক অৰ্থনৈতিক বিকাশ বৃদ্ধি হয়।
এই আইনখনে ভাৰতত সামগ্ৰী সম্পৰ্কীয় ভৌগোলিক সংকেতৰ পঞ্জীয়ন আৰু সুৰক্ষা ব্যৱস্থা উন্নত কৰিব বিচাৰে। এই আইনখন ভৌগোলিক সংকেত পঞ্জীৰ পেটেন্ট, নক্সা আৰু বাণিজ্য চিহ্নৰ উচ্চপদস্থ নিয়ন্ত্ৰক বিষয়াৰ দ্বাৰা পৰিচালিত হয়।
কৰ্ণাটকত সৰ্বাধিক সংখ্যক জি আই টেগ আছে। ৰাজ্যখনৰ ৪৭ বিধ সামগ্ৰী জি আই টেগযুক্ত আৰু তাৰ পিছত ৩৯ টা টেগেৰে তামিলনাডু দ্বিতীয় স্থানত আছে।
অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে কেইমাহমানৰ পূৰ্বৰ পৰাই জুডিমাৰ বাবে স্বীকৃতি বিচাৰি নথি প্ৰেৰণ কৰা হৈছিল। মধ্য অসমৰ ডিমা হাচাও জিলাৰ যুৱ উন্নয়ন আৰু সশক্তিকৰণ সংস্থা আৰু ডিমাজিক নামৰ এটা ডিমাচা মহিলা সংগঠনে জুডিমাৰ প্ৰচাৰৰ বাবে সমৰ্থন বিচাৰি বিশ্ববিদ্যালয়ৰ কাষ চাপিছিল বুলি বিশ্ববিদ্যালয়খনৰ গৱেষণা সঞ্চালক অশোক ভট্টাচাৰ্যই উল্লেখ কৰে।
জুডিমা ডিমাচৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ অন্তৰ্নিহিত। ওচৰৰ কাৰ্বি আংলং জিলাৰ আদাই ভৌগোলিক সংকেট লাভ কৰাৰ ১৪ বছৰৰ পিছত পানীয়টোৰ বাবে জি আই টেগ আহিছে। এসপ্তাহ আগতে মণিপুৰে ইয়াৰ দুটা থলুৱা সামগ্ৰীৰ বাবে জি আই টেগ লাভ কৰিছিল। এই দুটা হ’ল পাহাৰত উৎপন্ন হোৱা তামেংলং কমলা আৰু হেথেই জলকীয়া।
অসমৰ মুগা শিল্প, গামোচা, চাহ শিল্প, কাৰ্বি আংলঙৰ আদা, তেজপুৰৰ লিচু, জহা চাউল, চকুৱা চাউল, বোকা চাউল আৰু কাজি নেমুৱে এই স্বীকৃতি লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে এবিধ পানীয়ই জি আই টেগ লাভ কৰাৰ খবৰে স্বাভাৱিকতেই সকলোকে আনন্দিত কৰি তুলিছে।