আজিকালি যিকোনো বিষয়ৰ জ্ঞান আৰণৰ বাবেই হওঁক নাইবা আন কিবা কথাৰ বাবেই হওঁক সামাজিক মাধ্যম এক শক্তিশালী মঞ্চ ৰূপে পৰিগণিত হৈছে ৷ অৱশ্যে ইয়াৰ ভাল আৰু বেয়া দুয়োধৰণৰ ফলাফলেই আছে ৷ কোনোবাই যদি ইতিবাচক চিন্তাৰে আগুৱাই গৈছে কোনোবাই কিন্তু নেতিবাচক দিশেৰেও ক্ষতি কৰিছে নিজৰ নাইবা আন দহজন লোকৰ ৷
শেহতীয়াকৈ অসমৰ সাংস্কৃতিক জগতৰ এজন পৰিচিত কণ্ঠশিল্পী কল্লোল বৰঠাকুৰক উদ্দেশ্যি বন্দিতা কাশ্যপ নামৰ এগৰাকী যুৱতীয়ে দিয়া আপডেটে জোকাৰি গৈছে অসমৰ সংগীত জগতকো ৷ যি হয়তো সংগীত প্ৰেমী সকলৰ মনতো বিৰূপ প্ৰভাৱ পেলাব পাৰে ৷
অৱশ্যে যুৱতীগৰাকীয়ে দিয়া সেই ফেচবুক আপডে’টটোৰ পিছতেই কণ্ঠশিল্পী কল্লোল বৰঠাকুৰে নিজৰ ফেচবুক প্ৰফাইল যোগে দিয়া প্ৰত্যুত্তৰে নিশ্চয়কৈ সকলো কথাই স্পষ্ট কৰি তুলিছে দৰ্শক সকলৰ আগত ৷
জনপ্ৰিয় সামাজিক মাধ্যম প্লেটফৰ্মটোত যুৱতীগৰাকীয়ে কল্লোল বৰঠাকুৰৰ সংগীতানুষ্ঠানৰ বিষয়ে দিয়া আপডেটটোৰ জড়িয়তে কল্লোল বৰঠাকুৰে সংগীতানুষ্ঠানত প্লাছ ট্ৰেক ব্যৱহাৰ কৰি লিপ্স মিলাই গান গোৱা বুলি কৰা অভিযোগক নস্যাৎ কৰি কণ্ঠশিল্পী গৰাকীয়ে ক’লে যে যুৱতী গৰাকীয়ে যদি নতুনকৈ গীত শুনিবলৈ লৈছে তেন্তে তেওঁৰ নিশ্চয় যুৱতী গৰাকীক দোষ দিবলগীয়া কোনো কাৰণেই নাই ৷
কিন্তু ২৩অক্টোবৰৰ দিনা ৰূপনগৰত অনুষ্ঠান পৰিবেশন কৰোতে তেওঁ প্লাছ,মাইনাছ ট্ৰেক ব্যৱহাৰ সন্দৰ্ভত যি কথা ক’লে সেয়া নিশ্চয় গ্ৰহণযোগ্য নহয় ৷ কাৰণ তেওঁ সেইদিনা অনুষ্ঠানত মাইনাছ ট্ৰেকত হে গীত পৰিবেশন কৰিছিল,প্লাছ ট্ৰেকত লিপ্স মিলাই নহয় ৷ লগতে বন্দিতাই অনুষ্ঠানৰ মাজতে দৰ্শক উঠি যোৱা বুলি কোৱা কথাষাৰৰ প্ৰত্যুত্যৰ দি শিল্পী গৰাকীয়ে কয় যে অনুষ্ঠান শেষ কৰাৰ পিছতো যথেষ্ট ৰাইজ তাত আছিল ৷ আনহাতে তেওঁ ক’লে যে মিউজিক নোহোৱাকৈ গীত পৰিবেশন কৰি ৰাইজৰ সমাদৰ লাভ কৰাৰ অভিজ্ঞতাও তেওঁৰ আছে ৷
২০ বছৰ ধৰি অসমৰ সংগীত জগতখনৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত হৈ থাকি অসমৰ বিভিন্ন মঞ্চত গীত পৰিবেশন কৰি অহা শিল্পীগৰাকীয়ে ৰাইজক ঠগিছে বুলি যুৱতীগৰাকীয়ে কৰা অভিযোগ তেওঁৰ হজম নহ’ল বুলি কয় তেওঁ ৷ লগতে তেওঁ ইয়াকো কয় যে যে মিছাকৈ তেওঁৰ বিষয়ে সামাজিক মাধ্যমত লিখাৰ আগতে যুৱতীগৰাকীয়ে এবাৰ সঠিকভাৱে বিবেচনা কৰা উচিত আছিল ৷ সেয়েহে ভৱিষ্যতে তেওঁ মাইনাছ আৰু প্লাছ ট্ৰেক কাক কয় সেই বিষয়ে কোনো সংগীত বিশেষজ্ঞৰ পৰা সম্যক জ্ঞান আহৰণ কৰিহে যেন কাৰোবাৰ বিষয়ে এনে ধৰণৰ অভিযোগ উত্থাপন বা মন্তব্য প্ৰদান কৰে ৷