পশ্চিম অসমৰ এটি অতি জনপ্ৰিয় নাট্য অনুষ্ঠান কুশান গান। কুশান গানত প্ৰধানকৈ ৰামায়ণৰ কাহিনীহে গোৱা হয় । খোল , তাল , পেঁপা , বাঁহী আদিৰে সংগীত পৰিৱেশন কৰা সময়ত তালে তালে নৃত্যও কৰা হয়।কুশান গান কোচ ৰাজত্বৰ সময়ৰে পৰা প্ৰচলিত বুলি অনুমান কৰা হয়।
‘কুশান গান’ সৃষ্টিৰ অন্তৰালত এটা মনোগ্ৰাহী কাহিনী জড়িত হৈ আছে। শ্ৰী ৰামচন্দ্ৰই বনবাসৰ পৰা উভতি অহাৰ পাছত সহধৰ্মিণী সতী সীতাক বনবাস দিয়াত উপায়ন্তৰ হৈ সীতাই মহৰ্ষি বাল্মীকিৰ আশ্ৰমত আশ্ৰয় গ্ৰহণ কৰে। কিছুদিন পাছত সীতাদেৱীৰ এটা ল’ৰা জন্ম হয় আৰু ল’ৰাটোৰ নাম ৰখা হয় লব। লব লাহে লাহে ডাঙৰ হৈ আহি খোজ কাঢ়িব পৰা হ’ল। এদিনাখন সীতাদেৱীয়ে লবক বাল্মীকিৰ তত্বাবধানত ৰাখি পানী আনিবলৈ যোৱাত হঠাতে লব নিৰুদ্দেশ হোৱাত বহুতো বিচাৰিও বাল্মীকি মুনিয়ে লবক বিচাৰি উলিয়াব নোৱাৰিলে। মুনি চিন্তান্বিত হৈ সমস্যা সমাধানৰ বাবে পৱিত্ৰ বন ‘কুশ ‘ কাটি আনি সন্তান এটি নিৰ্মাণ কৰিলে। সন্তান টি দেখিবলৈ লবৰ নিচিনা হ’ল। কুশেৰে নিৰ্মাণ কৰা বাবে নাম ৰাখিলে ‘কুশ’। তেতিয়াৰে পৰা লব-কুশক যমজ সন্তান বুলি জানিব পৰা যায়। কুশ+আন অৰ্থাৎ কুশ আনি সৃষ্টি কৰা বালকে পৰিৱেশন কৰা গানকে কুশান গান বুলি কোৱা হয়। কুশান গানৰ বিষয়বস্তু ৰামায়ণ কেন্দ্ৰীক। ৰামায়ণৰ আধাৰতহে কুশান গান পৰিৱেশন কৰা হয়। ৰজা হৰিশচন্দ্ৰৰ দান , সীতাৰ বনবাস , ৰত্নাকৰৰ পাপ ক্ষয় , লক্ষ্মণৰ শক্তিশেল আদিবোৰে কুশান গানৰ বিষয়বস্তু। নৃত্য ,গীত আৰু সংলাপৰ সুসামঞ্জস্য পৰিলক্ষিত হয়। কুশান গান একপ্ৰকাৰ লোকনাট্য। এই অনুষ্ঠানত ‘ষ্টেজ’ ৰ ব্যৱহাৰ নাই। মাটিৰ ওপৰত আসৰ পাতি গান পৰিৱেশন কৰে আৰু দৰ্শকবৃন্দ আসৰৰ চাৰিওফালে বহে। কুশান গানত দৰ্শকে ভগৱান ৰামচন্দ্ৰ , লক্ষ্মণ , সীতাৰ চৰিত্ৰ অনুধাৱন কৰে আৰু ভক্তিৰসত আপ্লুত হয়।
কুশান গানৰ চৰিত্ৰ বোৰ মনকৰিবলগীয়া। মুখ্য চৰিত্ৰক মূল বা গীদাল বুলি গোৱা হয়। গীদালে বেনা বজাই গান পৰিৱেশন কৰে। দোৱাৰীৰ চৰিত্ৰটো বৰ আকৰ্ষনীয়। দৰ্শক বৃন্দৰ মনত হাস্যৰসৰ খোৰাক যোগোৱা চৰিত্ৰটোৱে হ’ল দোৱাৰী। মাজে মাজে তত্ত্বগধুৰ কথাৰে দৰ্শক মণ্ডলীক অভিভূত কৰি তোলে। মূলৰ গান দোহাৰে বাবে চৰিত্ৰটোক দোৱাৰী বুলি কোৱা হয়। দোৱাৰীক কুশান যাত্ৰাৰ সমন্বয়ক বুলিও কোৱা হয়। অংকীয়া নাটকৰ সূত্ৰধাৰ আৰু সংস্কৃত নাটকৰ বিদুষকৰ লগত দোৱাৰী চৰিত্ৰটোৰ তুলনা কৰিব পাৰি। খোল বজোৱাজনক ‘বাইন’ , বাঁহী বজোৱাক ‘বাশীয়াল’ , মূলৰ গান ধৰোতাক ‘ পাইল’ বুলি কোৱা হয়। নাৰীৰ বেশ ধৰি নৃত্যগীত পৰিৱেশন কৰা চৰিত্ৰবোৰক ছুকুৰী বুলি কোৱা হয়। যাৰ নিৰ্দেশত গোটেই যাত্ৰাটো পৰিচালিত হয় তেওঁক ওস্তাদ বুলি কোৱা হয়।
কুশান গান পশ্চিম অসমৰ এটি লোকপ্ৰিয় অনুষ্ঠান। ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে কুশান গানক প্ৰাণ ভৰি ভাল পায়। সংস্কৃতি জীয়াই থাকিলেহে সংস্কাৰ থাকিব , সভ্যতা থাকিব। গতিকে এই সংস্কৃতিবোৰ যাতে হেৰাই নাযায় তাৰ বাবে আমি সকলোৱে সচেতন আৰু সজাগ হৈ থাকিব লাগিব ।(সহায় লৈ)