আমাৰ দেশৰ ভিন ভিন ঠাইৰ ভিন ভিন লোক পৰম্পৰাক প্ৰধান বিষয়বস্তু হিচাপে লৈ দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পী,বুদ্ধিজীৱি আৰু শিক্ষাবিদ সকলৰ উপস্থিতিত অহা ২১ ছেপ্টেম্বৰৰ পৰা ২৪ ছেপ্টেম্বৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হৈছে ‘লোকমন্থন-২০২২’। এই চাৰিদিনীয়া উৎসৱত সমগ্ৰ দেশৰ লগতে অংশগ্ৰহণ কৰিব পূৰ্বাঞ্চলৰ বহুতো জনপ্ৰিয় শিল্পীয়ে ।
উত্তৰ পূৰ্বাঞ্চলৰ বৌদ্ধিক মঞ্চৰ উদ্যোগত আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ সহযোগিতাত অনু্ষ্ঠিত কৰা হৈছে এই বাৰেৰহণীয়া অনুষ্ঠান ৷ এক সংবাদমেলযোগে এই অনুষ্ঠানৰ কথা জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় বৌদ্ধিক সংগঠন ‘প্ৰজ্ঞা প্ৰবাহ’ৰ ৰাষ্ট্ৰীয় আহ্বায়ক জে নন্দ কুমাৰ তথা ‘লোকমন্থন ২০২২’ৰ আয়োজক সকলে ৷
উল্লেখনীয় যে এই বছৰ গুৱাহাটীত ‘লোকমন্থন’ৰ তৃত্বীয় সংস্কৰণৰ আয়োজন কৰা হৈছে ৷ অহা ২২ছেপ্টেম্বৰ তাৰিখে পুৱা দহবজাত অনু্ষ্ঠিত হ’বলগীয়া ‘লোকমন্থন’ৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ ৷ লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব অসম আৰু নাগালেণ্ডৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৷
আনহাতে সন্ধিয়া অনু্ষ্ঠিত হ’ব প্ৰদৰ্শনীৰ লগতে সাংস্কৃতিক অনুষ্ঠান ৷ এই সমূহৰ লগতে বৌদ্ধিক আলোচনা চক্ৰৰ আয়োজন কৰিছে ‘লোকমন্থনে’ ৷২৪ছেপ্টাম্বৰত সামৰণি পৰিবলগীয়া চাৰিদিনীয়া এই ‘লোকমন্থন’ অনুষ্ঠানৰ যোগেদি ভাৰতৰ হেজাৰ বছৰীয়া পুৰণি সংস্কৃতি ,ইতিহাস আৰু পৰম্পৰাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সাংস্কৃতিক অনুশীলনত ব্যস্ত হৈ থকা পৰম্পৰাগত সম্পদৰ প্ৰদৰ্শনৰ সৈতে ভাৰতীয় লোক-পৰম্পৰাৰ সৌন্দৰ্য উপস্থাপন কৰাৰ প্ৰয়াস কৰা হ’ব ৷ এই বৰ্ষৰ লোকমন্থন হ’ব আশ্চৰ্যময় ভাৰতৰ গৌৰৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি ৷
উদ্যোক্তাসকলে জানিবলৈ দিয়া অনুসৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ‘লোকমন্থন’ৰ প্ৰৱেশ হ’ব বিনামূলীয়া ৷ সেয়েহে সকলো ৰাইজৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে ৷