ভোগালীৰ মাহ মানে পিঠা খোৱাৰ মাহ। অসমীয়াই বিভিন্ন ধৰণৰ পিঠাৰে বিহুক আদৰণি জনায়। প্ৰতিঘৰ অসমীয়াৰ পাকঘৰ শুৱণি কৰে লাড়ু-পিঠা , সান্দহ কড়াইগুৰি আদি বিভিন্ন উপচাৰেৰে। কিছু বছৰ আগতে ঢেঁকীৰ শব্দত টোপনি ভাগিছিল , প্ৰতিজনী জীয়ৰী -বোৱাৰীয়ে ঢেঁকী শালত ব্যস্ত হৈ পৰিছিল ঘৰৰ কাম বন সামৰি।
আজিৰ দিনত ঢেঁকীৰ মাত নুশুনিলেও (ঠাই বিশেষে এতিয়াও আছে ) মেচিনেৰে হ’লেও পিঠাগুৰি তৈয়াৰ কৰি পিঠা বনাই বাপতি সাহোন বিহুটি অতি হেঁপাহেৰে পালন কৰে । তিলপিঠা , ঘিলা পিঠা , বৰ পিঠাকে আদি কৰি বিভিন্ন ধৰণৰ পিঠাৰে অতিথিক আাপ্যায়ন কৰা হয়। জাঁনো আহকচোন আজি পাটিচেপ্তা পিঠাৰ বিষয়ে।
পাটিচেপ্তা বুলিলে আমি কেৰাহীত অকণমান তেলৰ প্ৰলেপ দি গুলি লোৱা পিঠাগুৰি খিনি ঢালি দি ঘুৰাই লৈ তাৰ ভিতৰত ভাজিলোৱা নাৰিকল বা খীড়ৰ পূৰ দি পিঠাখন বনোৱা হয়। আৰু এক বিশেষ ধৰণৰ পাটিচেপ্তা পিঠা আছে যি খন পিঠা ময়ডাৰে বনোৱা মিঠা ৰেছিপি । এই পিঠা ধুবুৰী জিলাৰ গৌৰীপুৰৰ এক বিশেষ পিঠা। পাটিচেপ্তা কেনেকৈ বনাই জাঁনো আহক–
গাখীৰ উতলাই , উতলাই শুকুৱাব লাগে । ডাঠ শুকাই যোৱা গাখীৰ খিনিত চেনি অলপ দি একেবাৰে গাখীৰ খিনি শুকাই গ’লে নমাই থ’ব লাগে। তৈয়াৰ হোৱা খীড়ৰ পূৰ খিনি এৰাতি বা কিছু ঘণ্টা ফ্ৰিজত থৈ দিব লাগে যাতে খীড় খিনি টান হৈ যায়। লুচি বনোৱাৰ দৰে ময়দা , ৰিফাইন আৰু পানীৰে ভালকৈ মথি ল’ব লাগে। লুচি বনোৱাৰ দৰে বেলি লোৱাৰ পিছত খীড়ৰ পূৰ অলপ ভিতৰত সুমুৱাই লুচিখনৰ দুটা চাইদ ভালকৈ বন্ধ কৰি দিব লাগে।
দীঘলকৈ হোৱা পিঠাখনৰ আন চাইদ দুটাও আঙুলিৰে অলপ পানী লৈ বন্ধ কৰি দিব লাগে যাতে পূৰ খিনি ওলাই নাযায়। এটা পাত্ৰত চেনীৰ ৰস বনাই অলপ ইলাচী দি’ব লাগে। গৰম ৰিফাইন তেলত পিঠাবোৰ দুটা বা তিনিটা কৰি ৰঙচুৱা কৈ ভাজি চেনীৰ ৰসত দিব লাগে। ৰস খিনি পিঠাবোৰত সোমালে পিঠাখন খাবলৈ বৰ সোৱাদময় হয় । এই পিঠাবিধ দেখিবলৈ ধুনীয়া হোৱাৰ লগতে খাবলৈও সোৱাদ হয়। বিহুৰ বতৰত পিঠাৰে সজোৱা প্লেট খনত এই পাটিচেপ্তা পিঠাৰেও আমি বিহুত আনন্দ লওঁ আহক।