VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিনোদ ভাগৱতীৰ অপূৰ্ব সৃষ্টি ” মই মন্দিৰাই কৈছো “

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
August 30, 2022
in সংস্কৃতি
বিনোদ ভাগৱতীৰ অপূৰ্ব সৃষ্টি ” মই মন্দিৰাই কৈছো “
0
SHARES
101
VIEWS
Share on FacebookShare on Twitter

সাতসৰী সামাজিক উন্নয়ন সংস্থাৰ সৌজন্যত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আদৰ্শ নাৰী ড° মন্দিৰা বৰুৱাৰ সংগ্ৰামী জীৱনৰ আধাৰত ‘মই মন্দিৰাই কৈছো ‘ বিনোদ ভাগৱতীয়ে ৰচনা কৰা নাটক খন মঞ্চস্থ কৰা হয়। ডালিমী দেৱীৰ পৰিকল্পনা আৰু সত্যজিত হাজৰিকাই পৰিচালনা কৰা নাটক খনত সংগীত পৰিচালনা ঘনশ্যাম বৈশ্যৰ আৰু মঞ্চসজ্জা জয়ন্ত শৰ্মাৰ।
এখন সুন্দৰ সঁচা জীৱনৰ কাহিনীৰে জীৱনৰ সত্যক আলোকপাত কৰা নাটক খন উপভোগ কৰি আনন্দিত হ’লো। ২৮ আগষ্টত ৰাজ্যত তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা গতিকে ভীষণ যান-জঁটৰ বাবে আমি গৈ পাওঁতে পলম হ’ল। ইতিমধ্যে নাটক আৰম্ভ হৈ গৈছে , গোটেই প্ৰেক্ষাগৃহতো মানুহৰে ভৰি আছে এখনো চকী খালি নাই। কিছুমানে নাটক চাবলৈ চকী নাপাই তলতে বহিছে। ইমান দিনে হেঁপাহ কৰি থকা নাটক খন আমিও তলতে বহি উপভোগ কৰিলো আৰু অভিভূত হৈছিলো মানুহৰ সঁহাৰি দেখি।
মন্দিৰা বৰুৱাৰ বিষয়ে , মন্দিৰা বৰুৱাৰ সংগ্ৰামী জীৱনৰ বিষয়ে , জীৱনত অত লাঞ্চনা ভূগিও হাৰ নামানি জীৱন যুদ্ধত জয়ী হোৱা নাৰী গৰাকীৰ বিষয়ে জানিবলৈ উৎসুক হৈ থকা মনটোৱে যেন সাৰ্থকতা পালে।
নাটক খন সমালোচনা কৰিব বিচৰা নাই ,কাৰণ অলপ ইফাল-সিফাল হ’বই। নতুন শিল্পী বহুত আছে। তাৰ মাজত শিল্পীৰ(ৰক্তিম) অভিনয় কৰা অভিনেতা জন দুখীয়া খেতিয়ক দেউতাকৰ (ভুবন পাচনি) অভিনয় উচ্চ খাপৰ বুলি ক’ব পাৰি। শিশু শিল্পী সকলৰো অভিনয় অতি সুন্দৰ হৈছে।
এতিয়া আহো মন্দিৰা বৰুৱাৰ জীৱন কাহিনীলৈ। অতি দুখীয়া পৰিয়ালত জন্ম মন্দিৰাৰ। খেতি কৰি ৬ জন ল’ৰা -ছোৱালীক পোহপাল দিব নোৱাৰা অনবৰতে খঙতে থকা ভুবন পাচনি মন্দিৰাক পঢ়াৰ দায়িত্ব ল’ব বিচৰা নাছিল । সৰুৰে পৰা মেধাৱী আৰু পঢ়িবলৈ প্ৰৱল ইচ্ছাত দেউতাকৰ প্ৰচণ্ড বাধা। স্কুলত যাবলৈ ওলোৱা মন্দিৰাৰ কিতাপ-পত্ৰ ফালি মাকৰ লগত পাকঘৰত কাম কৰিবলৈ পঠিয়ায় মন্দিৰাক ।দেউতাকৰ প্ৰচণ্ড আপত্তি স্বত্বেও মাকৰ সহযোগিতাত মন্দিৰাই পঢ়াশুনা কৰি থাকিল। দেখিবলৈ ধুনীয়া হোৱা বাবে নৱম শ্ৰেণীত পঢ়ি থাকোতে মন্দিৰাক বিয়া দিবলৈ অসৎ কেৰাণীয়ে ভুবন পাচনিৰ পিছত লাগি থাকিল। এনেকৈয়ে মন্দিৰাই মহাবিদ্যালয়ত বি এ পঢ়ি থকা সময়ত মন্দিৰাৰ ৰূপ-গুণত আকৰ্ষিত হৈ অভিযন্তা পুত্ৰৰ বাবে মন্দিৰাক বোৱাৰী হিচাপে বাচনি কৰিলে আৰু এটা প্ৰতিষ্ঠিত পৰিয়ালত মন্দিৰাৰ বিয়া হৈ যায় । অভিযন্তা হ’লেও মানুহজন ৰুগীয়া হোৱা বাবে বিয়া পাতিবলৈ আপত্তি কৰিছিল কিন্তু মাকৰ ইচ্ছাত তেওঁৰ আপত্তিয়ে একো কৰিব নোৱাৰিলে , ইয়াৰ পিছত আহিল মন্দিৰাৰ আন এক জীৱন সংগ্ৰাম । ইতিমধ্যে স্বামীৰ অসুখ বেছি হৈ থকা বাবে চাকৰিও এৰি দিবলৈ বাধ্য হ’ল। এটা এটাকৈ দুটা সন্তানৰ মাতৃ মন্দিৰাই গাড়ীৰ ড্ৰাইভিঙ শিকি আনক গাড়ী চলাবলৈ প্ৰশিক্ষণ দি সংসাৰ চলাবলৈ ধৰিলে। কথাটো সিমানতে শেষ নহ’ল। অত্যন্ত ৰূপহী মন্দিৰাৰ ওপৰত বহুতো অসৎ লোকৰ দৃষ্টি পৰিল কিন্তু মন্দিৰা থমকি নৰল। জীৱনৰ প্ৰত্যাহ্বানৰ ওচৰত হাৰ নামানি মন্দিৰাই সৎ পথেৰে আগুৱাই গ’ল জীৱন যুদ্ধত। দ্বিতীয় সন্তানক ডক্টৰ দেখুৱাই ডিব্ৰুগড়ৰ পৰা ঘুৰাই লৈ আহোঁতে চলন্ত বাছত মৃত্যুু হোৱাত বাছৰ ভিতৰত হ’ব লগা পৰিস্থিতৰ কথা ভাবি পুত্ৰৰ মৃত্যু যন্ত্ৰনাও নিৰৱে সহি থকা মন্দিৰাৰ ধৰ্য্য আৰু সহনশীলতাৰ কথা উনুকিয়াবই লাগিব। শয্যাশায়ী স্বামীক পুত্ৰৰ মৃত্যুৰ বাতৰি নজনাই নিজ হাতে নৱগ্ৰহত অন্তিম সৎকাৰ কৰা মাক এজনীৰ বাবে কিমান কঠিন সেৱা সকলো পাঠকে নিশ্চয় অনুভৱ কৰিব পাৰিব।
স্বামীৰ মৃত্যুৰ পিছত মন্দিৰাৰ জীৱনত নতুন নতুন সমস্যাই দেখা দিব ধৰিলে কিন্তু সেই দুৰ্যোগৰ সময়ত ঘৰ খনৰ সকলোৰে পৰা পোৱা অৱহেলাই মন্দিৰাক অধিক শক্তিশালী কৰি তুলিলে। সংগ্ৰামী মন্দিৰাই হাঁহ-পাঁৰ পুহি , বিভিন্ন আত্ম সহায়ক গোট খুলি জীৱিকা উপাৰ্জন কৰি নিজে স্ৱাৱলম্বী হোৱাৰ লগতে আন দহজনক জীৱিকাৰ পথ দেখুৱাই বহুতো দুখীয়া মহিলাক তেওঁ কৰ্মসংস্থাপন দিছিল। সমাজৰ দৰিদ্ৰ আৰু অৱহেলিত মানুহক কেনেকৈ সহায় কৰিব পাৰে সেয়াই আছিল মন্দিৰাৰ উদ্দেশ্য। অতি গৌৰৱৰ বিষয় তেওঁৰ সামাজিক কামৰ বাবে এগৰাকী সমাজ সেৱিকা হিচাপে জাৰ্মানে তেওঁক ডক্টৰেট উপাধি প্ৰদান কৰিছিল।
আজি মন্দিৰা বৰুৱাৰ পুত্ৰ-বোৱাৰীৰে এখন সুন্দৰ সংসাৰ। গোটেই জীৱন কষ্টত থাকিও তেওঁ নিজৰ বাসভৱনৰ এটা অংশ ‘সাতসৰী’ অনুষ্ঠানত দান দিয়া আৰু পুঁথি ভঁৰালটোও ৰাইজলৈ আগবঢ়াই দিয়াত তেওঁৰ মহানুভৱতাৰ পৰিচয় ফুটি ওলাইছে।
নাটক খনৰ পৰিকল্পনা ডালিমী দেৱীৰ। সকলোতকৈ ভাল লগা বিষয় এগৰাকী নাৰীয়ে আন এগৰাকী নাৰীৰ সাফল্যৰ ওপৰত ভিত্তি কৰি নাটক এখনৰ পৰিকল্পনা কৰাৰ কথা সঁচাকৈ আদৰণীয়। ‘নাৰীয়ে নাৰীৰ শত্ৰু ‘ বুলি থকা ধাৰণাক ধূলিসাৎ কৰিলে ডালিমী দেৱীয়ে । এই ছেগতে তেখেতলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ।
সাংবাদিক ড° মনমৰমী মহন্তই আত ধৰা অনুষ্ঠানটোত ডাঃ সুৰেশ শৰ্মা , নিপন গোস্বামী , অভিনেতা দীনেশ দাস , শিশু সাহিত্যিক অভিজিত শৰ্মা বৰুৱা , অভিনেত্ৰী চেতনা দাস , গায়িকা নমিতা ভট্টাচাৰ্য আদি মঞ্চত উপস্থিত থাকি মন্দিৰা বৰুৱাৰ লগতে নাটক খনৰ ওপৰত বক্তব্য আগবঢ়ায়।
এগৰাকী সংগ্ৰামী মহিলাৰ জীৱিত অৱস্থাতে তেওঁৰে জীৱনৰ আধাৰত নাটক ৰচনা কৰা মাননীয় বিনোদ ভাগৱতীক শ্ৰদ্ধা জনাইছোঁ। এগৰাকী হাৰি হাৰি জিকি যোৱা নাৰীৰ জীৱনৰ ঘাত-প্ৰতিঘাতক সুন্দৰ ভাৱে উপস্থাপন কৰি যি গৰাকীৰ কৰ্ম ৰাজীয়ে আনকো মহৎ কাম কৰিবলৈ অনুপ্ৰাণিত কৰে , তেনে এগৰাকী আদৰ্শ নাৰীৰ জীৱন কাহিনীক লৈ যিখন নাটক উপহাৰ দিলে তাৰ বাবে তেওঁ সদায় প্ৰশংসনীয় হৈ থাকিব। আমি আশাবাদী ভাগৱতী দেৱে সমাজলৈ আৰু বহুতো অৱদান আগবঢ়াই দিয়াৰ লগতে তেওঁৰ কলমত আৰু বহুতো সৃষ্টিমূলক নাটক – উপন্যাস ৰচনা হব , বহতো মন্দিৰাৰ কাহিনীয়ে তেখেতৰ কলমত প্ৰাণ পাই উঠিব।

Previous Post

যৌতুক দাবী কৰি ঘৰৰ পৰা উলিয়ই দিয়া মহিলাক উচ্চ ন্যায়ালয়ৰ নির্দেশৰ পাছতো খুলি নিদিলে দর্জা, বুলড’জাৰ লৈ উপস্থিত হ’ল আৰক্ষী

Next Post

২০২০ চনৰ বিতৰ্কিত টুইট, গ্ৰেপ্তাৰ অভিনেতা কমল আৰ খান

Related Posts

ভোগালী বিহু আৰু জোনবিল উৎসৱ
সংস্কৃতি

ভোগালী বিহু আৰু জোনবিল উৎসৱ

January 19, 2025
গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা
সংস্কৃতি

গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা

November 13, 2024
বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান
সংস্কৃতি

বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান

June 15, 2024
বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?
সংস্কৃতি

বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?

April 22, 2024
ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?
সংস্কৃতি

ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?

April 16, 2024
আজি ‘ আলি আয়ে লৃগাং “
মুখ্য সংবাদ

আজি ‘ আলি আয়ে লৃগাং “

February 14, 2024
Next Post
২০২০ চনৰ বিতৰ্কিত টুইট, গ্ৰেপ্তাৰ অভিনেতা কমল আৰ খান

২০২০ চনৰ বিতৰ্কিত টুইট, গ্ৰেপ্তাৰ অভিনেতা কমল আৰ খান

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7