ফটোকেইখন দেখি হয়তো আচৰিত হৈছে আপুনি ?
মাটিৰ তলত লগা মূলা কেনেকৈ উঠিল এইবাৰ গছত ! গছৰ ওপৰত ওলমি ওলমি মূলা লগাৰ দৃশ্য দেখি অৱশ্যে আচৰিত নহৈও নোৱাৰি ৷আচলতে এইখন ফটো জাপানৰ এখন ঠাইৰ ৷ চীনৰ সংবাদ মাধ্যম চিচিটিভি এছিয়া পেচিফিকৰ দ্বাৰা সামজিক মাধ্যম ফেচবুকত শ্বেয়াৰ কৰা হৈছে এই ফটোকেইখন ৷ জাপানৰ কিয়’ট’ প্ৰিফেকচাৰৰ ইয়াৱাটা চহৰত জিংক’ গছত আচাৰ বনাবলৈ মূলাবোৰ এনেকৈ ওলমাই ৰাখে এনপুকুজি মন্দিৰৰ ভিক্ষুসকলে৷ এই দৃশ্য দূৰৰ পৰা দেখাত এনে লাগে যেন ওলমাই থোৱা নহয় গছজোপাত মূলাবোৰ লাগিহে আছে ৷
পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহৰ থকা-খোৱা নাইবা পিন্ধা-উৰাৰ ধৰণ কৰণো ভিন ভিন,সংস্কৃতি-পৰম্পৰাও ভিন ভিন ৷ আমাৰ দেশ ভাৰতবৰ্ষৰ মানুহৰ খাদ্যা-খাদ্যও হয়তো আন এখন দেশৰ খাদ্যা-খাদ্যৰ সৈতে একে নহয় ৷ তেনেকৈ জাপানৰ লোকসকলৰ খাদ্য পৰম্পৰাও পৃথিৱীৰ আন দেশ সমূহতকৈ সম্পূৰ্ণ পৃথক ৷
জাপানৰ এই ভিক্ষু সকলে আচাৰ তৈয়াৰ কৰিবৰ বাবে এনেকৈ গছত ওলমাই থৈ মূলা শুকোৱাৰ দৃশ্য সঁচাকৈয়ে আমোদজনক ৷