কাপোৰৰ পৰা আৰম্ভ কৰি গহনা, মেকআপ আদিৰ জৰিয়তে প্ৰতিগৰাকী ছোৱালীয়েই আকৰ্ষণীয় হ’বলৈ বিচাৰে ৷ কিন্তু এইক্ষেত্ৰত আজিকালি ল’ৰাবোৰো পিছপৰি থকা নাই ৷ ছোৱালীবোৰৰ দৰে তেওঁলোকেও যদি সঠিকভাৱে সাজ-পোছাক পিন্ধি নিজকে আকৰ্ষণীয় কৰি ৰাখিবলৈ বিচাৰে, তেন্তে তেওঁলোকৰ বাবেও বিকল্পৰ কোনো অভাৱ নাই। সেয়েহে এই ঋতুত সাধাৰণতে ল’ৰাবোৰে বতাহ নাইবা ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ মাফলাৰ ব্যৱহাৰ কৰে যাৰ বাবে তেওঁলোকক ষ্টাইলিছ দেখা যায়। বেছিভাগ ল’ৰাই শীতৰ এই সময়ছোৱাত বিভিন্ন ধৰণে মাফলাৰ পৰিধান কৰে।
আহকচোন জানো এই শীতৰ সময়ছোৱাত ল’ৰাবোৰে মাফলাৰ পৰিধান কৰাৰ চাৰিটা ভিন্ন উপায় –
শীতকালত সাধাৰণতে ল’ৰাবোৰে অফিচৰ পৰা আৰম্ভ কৰি পাৰ্টিলৈকে সকলোতে মাফলাৰ পিন্ধে। মাফলাৰ পিন্ধাৰ এই ধৰণটো অতি ষ্টাইলিছ আৰু আৰামদায়ক। এই ধৰণত মাফলাৰখন ডিঙিত মেৰিয়াই লোৱাৰ পিছত মাফলাৰ খনৰ দুয়োটা মূৰ কান্ধৰ পৰা বাহিৰলৈ উলিয়াই লোৱা হয় ।
চাৰ্টেই হওঁক বা চুৱেটাৰ নাইবা কোট, এই ষ্টাইলেৰে মাফলাৰ পিন্ধিলে সকলো ধৰণৰ কাপোৰৰ লগতে ভাল দেখা যায়। এই ধৰণে মাফলাৰ পিন্ধোতে মাফলাৰখন ডিঙিত সম্পূৰ্ণকৈ মেৰিয়াই তাৰ মূৰদুটা ভিতৰলৈ ভৰাই দিয়া হয় ।
আনহাতে ঠাণ্ডা বতাহৰ পৰা হাত সাৰিবলৈ আৰু ষ্টাইলিছ দেখাবলৈ গাঁঠি মাৰিও মাফলাৰখন পিন্ধিব পাৰে। এই পদ্ধতি কেৱল ফেশ্বনেবলেই নহয় বৰঞ্চ ই ঠাণ্ডা বতাহৰ মাজতো পিন্ধোতাজনক গৰম অনুভৱ কৰায়।
মাফলাৰ পিন্ধাৰ চাৰিটা উপায়ৰ ভিতৰত আটাইতকৈ সহজ উপায় হ’ল মাফলাৰখন দুয়ো মূৰে ডিঙিত মেৰিয়াই লোৱা। ইয়াত মাফলাৰখন গাঁঠিমাৰি বা মেৰিয়াই ল’ব নালাগে। এই ষ্টাইলটোও সকলো ধৰণৰ সাজ-পোছাকত ভাল দেখা যায়।
ছোৱালী হওঁক বা ল’ৰা, সকলোৱে নিজকে ষ্টাইলিছ আৰু ফেশ্বনেবল দেখুৱাব বিচাৰে। নিজৰ সাজপোছাকৰ দ্বাৰা সকলোকে আকৰ্ষিত কৰিব বিচাৰে। এনে পৰিস্থিতিত ল’ৰাবোৰেও ছোৱালীৰ দৰে ট্ৰেণ্ডি কাপোৰ পৰিধান কৰে ৷ সেয়েহে এই ক্ষেত্ৰত আনতকৈ বেলেগ আৰু ভাল দেখাবলৈ মাফলাৰ এক ফেশ্বন ট্ৰেণ্ড হ’ব পাৰে ।