গুৱাহাটী মহানগৰীৰ বিভিন্ন বিহু সমিতি সমূহৰ মাজত ঐক্য বজাই ৰকাৰ প্ৰয়াসেৰে জন্ম হোৱা ‘বৃহত্তৰ গুৱাহাটী বিহু সম্মিলনী সমন্বয়ৰক্ষী সমিতি’ৰ কাৰ্যকৰী সমিতি গঠনৰ বাবে শেহতীয়াকৈ মহানগৰীত এখন আনুষ্ঠানিক সভা অনুষ্ঠিত কৰা হয় ৷ সংগঠনটোৰ নতুন কাৰ্যকৰী সমিতিখনত ৰঞ্জন বৰাক সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয় ৷ আনহাতে ৰাজকুমাৰ ফৈজুল হক, মধুৰঞ্জন নাথ আৰু দিলীপ নাথক অৰ্পণ কৰা হয় কাৰ্যকৰী সভাপতিৰ দায়িত্ব ৷ ৬৭ জনীয়া সমিতিখনৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰা হয় অজয় তালুকদাৰক ।