আজি সমগ্ৰ বিশ্বৰ মুছলমানসকলে পালন কৰিছে মহৰম ৷ এই সময়তে দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হজৰত ইমাম হুছেইনে সমতা আৰু ভাতৃত্ববোধৰ ওপৰত গুৰুত্ব দিয়াৰ কথা আলোকপাত কৰি দেশৰ সামাজিক মাধ্যম প্লেটফৰ্ম টুইটাৰত এক টুইত কৰিছে। টুইটৰ যোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মহৰম হৈছে ৭ম শতিকাৰ বিপ্লৱী নেতা তথা পয়গম্বৰ মহম্মদৰ নাতি ইমাম হুছেইনৰ ত্যাগ আৰু সত্যৰ প্ৰতি তেওঁৰ অটল প্ৰতিশ্ৰুতি আৰু অন্যায়ৰ বিৰুদ্ধে তেওঁৰ যুঁজক্তেওঁক ত্যাগক স্মৰণ কৰাৰ এটি পবিত্ৰ দিন যি সদায় সমতা আৰু ভাতৃত্ববোধৰ ওপৰতো যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল।
আজিৰ দিনটোত, মুছলমানসকলক যুদ্ধৰ দৰে কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ আৰু ইয়াক প্ৰাৰ্থনা আৰু প্ৰতিফলনৰ সময় হিচাপে ব্যৱহাৰ কৰিবলৈ নিষেধ কৰা হৈছে।
আজিৰ এই পবিত্ৰ দিনটোত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকে ধৰি দেশৰ কেইবাজনো ৰাজনৈতিক নেতাই সত্য আৰু ন্যায়ৰ বাবে ইমাম হুছেইনৰ ত্যাগৰ কথা স্মৰণ কৰে ।
বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এটি টুইট যোগে কয় যে মহৰম উপলক্ষে তেওঁ কাৰবালাৰ শ্বহীদ আৰু হজৰত ইমাম হুছেইনৰ বলিদানক নমস্কাৰ জনাই হজৰত ইমাম হুছেইনৰ ত্যাগক স্মৰণ কৰি তেওঁৰ আদৰ্শ গ্ৰহণ কৰিবলৈ ৰাজ্যবাসীক আবেদন জনাইছে।