আজি ভাৰতৰ এগৰাকী জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীত অভিনেতাজনক স্মৰণ কৰি এটা ইনষ্টাগ্ৰাম পোষ্টৰ যোগেদি মনৰ ভাৱ প্ৰকাশ কৰে অভিনেতা গৰাকীৰ প্ৰিয় বান্ধৱী ৰিয়া চক্ৰৱৰ্তীয়ে । অভিনেত্ৰীগৰাকীয়ে প্ৰয়াত অভিনেতাজনৰ সৈতে থ্ৰোবেক ছবিৰ ৰূপত কিছুমান প্ৰিয় স্মৃতি ভাগ বতৰা কৰে। তেওঁ পোষ্টটোৰ সৈতে এটা হৃদযন্ত্ৰৰ ইমোজি যোগ দি ৰিয়াই শিৰোনাম দিছিল: “প্ৰতিদিনেই তোমাক মিছ কৰিম…” ।
৩৪ বছৰীয়া সুশান্ত সিং ৰাজপুতক ২০২০ চনৰ জুনত মুম্বাইৰ তেওঁৰ বান্দ্ৰা এপাৰ্টমেণ্টত মৃত অৱস্থাত পোৱা গৈছিল। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআইয়ে) ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ লগতে সুশান্তৰ কেইজনমান কৰ্মচাৰীক সোধা-পোছা কৰিছিল। ৰিয়া আৰু তেওঁৰ ভায়েক শ্বইকক নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোয়ে পৃথকে পৃথকে ড্ৰাগছৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।
সামজিক মাধ্যম যোগে ৰিয়া চক্ৰৱৰ্তীয়ে প্ৰায়েই প্ৰয়াত অভিনেতগৰাকীক মনত পেলাই, যাৰ লগত তেওঁ বহুদিন এক সুন্দৰ সম্পৰ্কৰে বান্ধ খাই আছিল। এই বছৰ সুশান্তৰ জন্ম বাৰ্ষিকীত তেওঁ থ্ৰোবেক ভিডিঅ’ৰ ৰূপত এটা স্মৃতি পোষ্ট কৰিছিল আৰু লিখিছিল: “তোমাক বহুত মিছ কৰিছোঁ।”
কামৰ ক্ষেত্ৰত, ৰিয়াক শেষবাৰৰ বাবে থ্ৰিলাৰ ‘চেহৰে’ত দেখা গৈছিল য’ত ইমৰান হাছমী আৰু অমিতাভ বচ্চনে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।
‘পবিত্ৰ ৰিস্তা’ ধাৰাবাহিকখনত মুখ্য চৰিত্ৰ ৰূপায়ণ কৰাৰ পিছত, সুশান্ত সিং ৰাজপুতে ২০১৩ চনৰ ‘কাই পো চে’ৰ যোগেদি চলচ্চিত্ৰজগতত আত্মপ্ৰকাশ কৰে! তেওঁৰ আকৰ্ষণীয় চলচ্চিত্ৰগ্ৰাফীৰ ভিতৰত আছিল ‘কেদাৰনাথ’, ‘এম এছ ধোনী’ , ‘দ্য আনটোল্ড ষ্ট’ৰী’, ‘ৰাবতা’ আৰু ডিটেকটিভ ‘ব্যোমকেশ বক্সী’! সুশান্ত সিং ৰাজপুতক শেষবাৰৰ বাবে ২০২০ চনত ‘দিল বেচাৰা’ চলচ্চিত্ৰখনত দেখা পোৱা গৈছিল। আভিনেতা জনৰৰ মৃত্যু বাৰ্ষিকীত তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছো ৷