শীতকালত নাইবা বৰষুণৰ বতৰত পকোৰা বুলি ক’লেই আমাৰ ভোক দুগুণে চৰে ৷ বিশেষকৈ ভাৰতীয় সকলৰ মাজত অতি জনপ্ৰিয় এবিধ ব্যঞ্জন হ’ল পকোৰা ৷ এই সময়ছোৱাত সঁচাকৈয়ে পাকোৰাৰ সোৱাদেই যেন অনন্য। এই পকোৰা ভাৰতীয় সকলৰ সম্পূৰ্ণ থলুৱা ব্যঞ্জন। ইয়াৰ আছে এক নিজস্ব ইতিহাস।
পকোৰাক ভজিয়া, পুকৰা, ফুকৰা,ফুলৰি আদি নামেৰেও জনা যায়। পকোৰা তৈয়াৰ কৰিবলৈ কোনো বিশেষ এটা শাক-পাচলিৰ প্ৰয়োজন নহয় ৷ আমিষৰ পৰা নিৰামিষলৈকে বিভিন্ন ধৰণে তৈয়াৰ কৰা এই পকোৰা সঁচাকৈয়ে সুস্বাদু ।
এই বিশুদ্ধ দেশী ব্যঞ্জনক সংস্কৃতত ‘পক্কাৱত’ বুলি কোৱা হয়। টি.ভি.৯ভাৰতবৰ্ষ নামৰ এক সংবাদ মাধ্যমত প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি ইয়াৰ উল্লেখ বেদ-পুৰাণতো পোৱা যায়। পাকৱা শব্দৰ অৰ্থ হ’ল ৰন্ধা আৰু ৱাত মানে হ’ল সৰু সৰু টুকুৰা । অৱশ্যে প্ৰথম অৱস্থাত ই কেৱল নিৰামিষ খাদ্য হৈ আছিল যদিও আজিকালি আমিষ পকোৰাও প্ৰচূৰ জনপ্ৰিয় ।
কোৱা হয় যে পৰ্তুগীজসকলৰ বাবেই আমি আলু আৰু পিঁয়াজৰ পকোৰা খাবলৈ পালোঁ । কিয়নো ষোড়শ শতিকাত পৰ্তুগীজসকলেহে ভাৰতলৈ আলু আনিছিল বুলি জনা যায় । আমাৰ দেশৰ বাহিৰেও ব্ৰিটেইন আৰু আমেৰিকাৰ মানুহেও এই খাদ্য বৰ ভাল পায়।
চীন, আফগানিস্তান, মালয়েছিয়া আৰু নেপালত ষ্ট্ৰীট ফুড হিচাপে বিক্ৰী কৰা ডাম্পলিঙক ছোমালিয়াত ভাজিয়া বুলি কোৱা হয়। এই ভাৰতীয় ব্যঞ্জন বিদেশতো অতি জনপ্ৰিয় ৷