ছ’নী টিভিৰ জনপ্ৰিয় সংগীত ৰিয়েলিটি শ্ব “ইণ্ডিয়ান আইডল”ৰ ১২ সংখ্যক সংস্কৰণৰ বিজয়ী হয় উত্তৰাখণ্ডৰ পৱনদীপ ৰাজন। ১৫ আগষ্টত অনুষ্ঠিত হোৱা গ্ৰেণ্ড ফিনালেত শীৰ্ষ ৬ জন প্ৰতিযোগীয়ে নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিছিল। অৱশেষত জনতাৰ ভোটৰ আধাৰত ৰাজনক বিজয়ী হিচাপে ঘোষণা কৰা হয়।
উল্লেখ্য যে দেশৰ ৭৫ সংখ্যত স্বাধীনতা দিৱস উপলক্ষ্যে এই গ্ৰেণ্ড ফিনালে দেওবাৰে দিনৰ ১২ বজাৰ পৰা নিশা ১২ বজালৈ সৰ্বমুঠ ১২ ঘন্টীয়াকৈ অনুষ্ঠিত হয়। ভাৰতীয় সংগীত আৰু চিনেমা জগতৰ বহু আগশাৰীৰ তাৰকা , লগতে পূৰ্বতে বিজয়ী হোৱা প্ৰতিযোগীও গ্ৰেণ্ড ফিনালেত উপস্থিত আছিল।
বিজয়ী প্ৰতিযোগী গৰাকীয়ে পুৰষ্কাৰ হিচাপে ট্ৰফীৰ লগতে ২৫ লাখ টকাৰ চেক আৰু এখন মাৰুটি চুজুকী ছুইফ্ট গাড়ী লাভ কৰে। প্ৰাপ্ত তথ্য মতে বিজয়ী হৈ লাভ কৰা ধনেৰে নিজৰ গাঁৱত এখন সংগীত বিদ্যালয় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে বুলি জনায় পৱনদীপে।
উল্লেখযোগ্য যে পৱনদীপে সকলো ধৰণৰ বাদ্য বজোৱাৰ লগতে নিজৰ সুন্দৰ কণ্ঠৰে সকলোকে আকৰ্ষণ কৰিছিল। ৰিয়েলিটি শ্বটোত অৰুণিতা কাঞ্জিলালে প্ৰথম ৰাণাৰ-আপৰ খিতাপ লাভ কৰে। আনহাতে তৃতীয় স্থানত থাকে মহাৰাষ্ট্ৰৰ সায়লি কাম্বলে , চতুৰ্থ স্থানত মহম্মদ দানিশ ,পঞ্চম স্থানত নিহাল টৰু আৰু ষষ্ঠ স্থান অধিকাৰ কৰে সন্মুখপ্ৰিয়াই।