আজি ভাৰতৰ সমগ্ৰ হিন্দুধৰ্মাৱলম্বী লোকসকলৰ বাবে এক পবিত্ৰ দিন ৷ ভাতৃত্ববোধৰ দিন ৷ ভাতৃ স্নেহেৰে প্ৰতিগৰাকী ভগ্নীয়ে ভাতৃসকলৰ দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা কৰে আৰু ভাতৃসকলো ভগ্নীসকলৰ ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হয় ৷এই ক্ষেত্ৰত পিছ পৰি থকা নাই দেশৰ প্ৰধান মন্ত্ৰী গৰাকীও ৷ এইবাৰ ৰাখী পূৰ্ণিমাৰ এই বিশেষ দিনটোত দেশৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীৰ কন্যা সকলৰ সৈতে এই উৎসৱ উদযাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷
প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক ‘এটা অতি বিশেষ ৰক্ষাবন্ধন’ বুলি অভিহিত কৰিছে।আজি নিজৰ বাসগৃহতে কণমানি ছোৱালীৰ সৈতে ৰক্ষা বন্ধন পালন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।
ছুইপাৰ, পিয়ন, মালি, চালককে ধৰি কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীসকলৰ কন্যাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে ৰক্ষাবন্ধন উদযাপন কৰা এই দিনটো সঁচাকৈয়ে এক বিশেষ দিন।যি প্ৰধানমন্ত্ৰী গৰাকীৰ মহানুভৱতা ও ভাতৃত্ববোধক স্পষ্টকৈ প্ৰতিফলিত কৰিছে ৷
A very special Raksha Bandhan with these youngsters… pic.twitter.com/mcEbq9lmpx
— Narendra Modi (@narendramodi) August 11, 2022