আমগুৰিত শিৱসাগৰ জিলা লেখিকা সমাজৰ প্ৰাক্-ভোগালী মেলা অনুষ্ঠিত হয়। গ্ৰামাঞ্চলৰ মহিলাৰদ্বাৰা থলুৱাভাৱে চাউলৰ পৰা প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ সুস্বাদু পিঠা-পনা প্ৰদৰ্শনেৰে অনুষ্ঠিত হয় এই প্ৰাক্-ভোগালী মেলা।
চামগুৰিৰ নীলাক্ষি মেম’ৰিয়েল একাডেমীৰ জানমণি কমপ্লেক্সত অনুষ্ঠিত প্ৰাক্-ভোগালী মেলাত জিলাখনৰ শতাধিক মহিলাই অংশগ্ৰহণ কৰে। চৰাইদেউ জিলা প্ৰাথমিক শিক্ষা বিষয়া প্ৰণৱ গগৈয়ে উদ্বোধন কৰা অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা চন্দ্ৰ বৰুৱা, শিৱসাগৰ জিলা লেখিকা সমাজৰ দ্বীপ্তি গগৈ বৰুৱাকে ধৰি বহু গণ্য-মাণ্য ব্যক্তি উপস্থিত থাকে।
গ্ৰামাঞ্চলৰ মহিলাই ঢেকীত খুন্দি প্ৰস্তুত কৰা তেলপিঠা, তিলপিঠা, ভাপত দিয়া পিঠা,ধোপ পিঠা, ভুৰভূৰীয়া পিঠা, গৰু পিঠা, জেং পিঠা, সুতুলি পিঠা, নাৰিকল পিঠা, চুঙা পিঠা, খোলাচাপৰি পিঠা, নাঙলধোৱা পিঠা, ঘিলা পিঠা আদি প্ৰদৰ্শন কৰে।
অসমীয়া সংস্কৃতিক ধৰি ৰাখি সমাজ ব্যৱস্থাৰ পৰা হেৰাই যাবলৈ ধৰা বহু পিঠা-পনা প্ৰদৰ্শন কৰি গ্ৰামাঞ্চলৰ এইসকল মহিলাই এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।