শেহতীয়াকৈ “আৱাহন থিয়েটাৰ”ৰ মঞ্চত পৰিবেশন কৰিবলৈ ওলোৱা অভিজিৎ ভট্টাচাৰ্যৰ ‘লভিতা’ নাটখনক লৈ অসমৰ ৰাইজে বিভিন্ন ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছতে অৱশেষত অৱাহনৰ দর্শনীৰ পৰা “লভিতা” পৰিবেশনৰ সিদ্ধান্ত বাতিল কৰিলে থিয়েটাৰখনৰ প্ৰযোজক সকলে ৷ এই কথা সামাজিক মাধ্যম ‘ফেচবুক’ৰ যোগেদি সকলোকে অৱগত কৰি অভিনেত্ৰী গৰাকীয়ে ক’লে যে সকলো দল-সংগঠন,সাংস্কৃতিক কৰ্মীৰ মতামতৰ ওপৰত ভিত্তি কৰি “আৱাহন থিয়েটাৰ”ৰ দর্শনীৰ পৰা “লভিতা” নাট খন পৰিবেশন নকৰাৰ সিদ্ধান্ত লোৱা হৈছে।কিয়নো তেওঁলোকে সদাই বিশ্বাস কৰি আহিছে যে ৰাইজৰ উৰ্দ্ধত কোনো নহয়৷ সাংস্কৃতিক কৰ্মী হিচাপে তেওঁলোক ধূলিকণা মাত্ৰ।লগতে তেওঁ কয় যে তেওঁলোকৰ চেষ্টা আছিল চিৰনমস্য ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা দেৱৰ অমৰ সৃষ্টি লভিতাৰ অনুপ্ৰেৰণাৰে স্বাধীনতা সংগ্ৰামৰ সেই সময় খিনিক ভ্ৰাম্যমাণৰ মঞ্চত উপস্থাপন কৰা। ৰূপকোঁৱৰ জনাৰ সৃষ্টিক বিকৃত কৰাৰ উদ্দেশ্য তেওঁলোকৰ কেতিয়াও নাছিল আৰু নাই। যিহেতু বিতৰ্ক সৃষ্টিৰে দৰ্শক সৃষ্টি কৰাৰ ধৃষ্টতাও নাই সেয়েহে ৰাইজৰ অনুৰোধ,দাবী,আৱেগ,আক্ষেপ আৰু স্বাভিমানক গুৰুত্বসহকাৰে লৈ এই নাট খন মঞ্চস্থ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
অভিনেত্ৰী গৰাকীয়ে সমূহ শুভাকাংক্ষী ,দৰ্শক তথা আহ্বায়াক সমিতি সমূহক বিনম্র অনুৰোধ জনাই কয় যে তেওঁলোকৰ এই পদক্ষেপক সঁহাৰি জনাই “লভিতা “নাট খনৰ ঠাইত আন এখন নাট প্ৰস্তুত কৰি উলিয়াবলৈ থিয়েটাৰখনক নূন্যতম যিমান সময় লাগে সেই সময়লৈকে যেন তেওঁলোকলৈ ৰাইজে সহযোগিতা আগবঢ়ায় ।
সৰ্বশেষত অভিনেত্ৰী গৰাকীয়ে দুটামান বিশেষ প্ৰসংগ উত্থাপন কৰি এই কথা উল্লেখ কৰে যে –
- মাত্ৰ এটাই অনুৰোধ একাংশলৈ ,ৰাজনীতিৰ মেৰপাকৰ মাজলৈ টানি আনি তেওঁলোকৰ অন্তৰত যেন আঘাত নিদিয়ে ।
- একাংশ সংবাদ মাধ্যমলৈও অনুৰোধ যে তেওঁলোকৰ বক্তব্য কিছুমানক কাটি কুটি এটা পৃথক অৰ্থ দিয়াৰ অপচেষ্টাই বিষয়টো আৰু গম্ভীৰ কৰি তুলিছে ৷ সামাজিক দায়িত্ব সকলোৰে থাকে,তেওঁলোকৰো আছে, ৰাইজৰো আছে।
সংবাদ-মাধ্যমেই হওঁক নাইবা সামাজিক মাধ্যম সকলোতে ভাইৰেল হৈ পৰা তেওঁৰ এটা ভিডিঅ’ সন্দৰ্ভত অভিনেত্ৰী গৰাকীয়ে কয় যে শিলৰ ৰেখা বাক্যটো আচলতে আৱাহণৰ মঞ্চত চলি থকা নাট খনৰ সম্পৰ্কতহে কোৱা হৈছিল যে ৰাইজৰ মতামতৰ মতে আমি কৰি থকা নাটখন সালসলনি কৰিব নোৱাৰাৰ কোনো কথাই নাই ৷ তাকে একাংশ ৰাইজে যদি ভুল ভাবি আছে তেন্তে বিনম্ৰতাৰে তেখেতসকলক সেই সম্পূৰ্ণ ভাষ্যটো এবাৰ চাই লবলৈ একান্ত অনুৰোধ জনালে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ।