আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ জিলিকিল অসমৰ নাম।ৱাশ্বিংটন ডিচি দক্ষিণ এছিয়ান ফিল্ম ফেষ্টিভেলত উজলি উঠিল এখন ভাৰতীয় ছবি।‘ৰাহগীৰ’ শীৰ্ষক ছবি খনৰ কৰা অভিনয়ৰ বাবে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসম সন্তান আদিল হুছেইনে লাভ কৰিলে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান।
ছবিখনে লাভ কৰা মুঠ চাৰিটা সন্মানৰ ভিতৰত শ্ৰেষ্ঠ বৈশিষ্টযুক্ত ছবি,শ্ৰেষ্ঠ পৰিচালক,শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মানো লাভ কৰিবলৈ সক্ষম হ’য়।
আদিল হুছেইনে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰাৰ লগতে গৌতম ঘোষে লাভ কৰিলে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা।একেদৰে অভিনেত্ৰী তিলোত্তমা স্বোমেলৈ আগবঢ়ালে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান।
বুধবাৰে টুইটযোগে এই কথা জানিবলৈ দিয়ে অভিনেতা আদিল হুছেইনে।প্ৰফুল্ল ৰয়ৰ কাহিনীৰে নিৰ্মিত এই এঘন্টা ২৫ মিনিত দৈঘ্যৰ ছবি খনে ২০১৯ বৰ্ষৰ ৭ অক্টোবৰত বুচান ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত আৰু একেটা বৰ্ষৰ ২০ অক্টোবৰত জিঅ মামি ফিল্ম ফেষ্টিভেলত মুক্তি লাভ কৰিছিল।