এটা ভাল খবৰে সমগ্ৰ উত্তৰ-পূবৰ নাট্যকৰ্মী সকললৈ উৎসাহ কঢ়িয়াই আনিছে। অৰুণাচল প্ৰদেশৰ নাট্যকৰ্মী ৰিকেন নগমলেক নতুন দিল্লী ৰাষ্ট্ৰীয় নাট্যবিদ্যালয়ে সহকাৰী অধ্যাপক হিচাপে নিযুক্তি প্ৰদান কৰিছে।
উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ ৰিকেন হৈছে প্ৰথমজন নাট্যকৰ্মী যি ৰাষ্ট্ৰীয় নাট্যবিদ্যালয়ৰ এই সন্মানীয় পদত নিযুক্তি লাভ কৰিছে।ৰিকেন অৰুণাচল প্ৰদেশৰ লৱাৰ চিয়াং জিলাৰ হিমে গাঁৱৰ বাসিন্দা।ইয়াৰ পূৰ্বে ৰিকেনে হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ থিয়েটাৰ আৰ্ট বিভাগত সহকাৰী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।
ৰিকেনে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্যবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে পোলেণ্ডৰ গ্ৰোট’স্কি ইনষ্টিটিউটৰ ষ্টুডিঅ‘ মাটেজকাত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছিল।
এই পদত নিযুক্তি লাভ কৰি উৎফুল্লিত হৈ পৰা ৰিকেনে মনৰ ভাৱ প্ৰকাশ কৰি কয় যে অৰুণাচলত থিয়েটাৰ কলাৰ উন্নয়নৰ তেওঁ কঠোৰ পৰিশ্ৰম কৰিব। যিহেতু এই সময়ত থিয়েটাৰ বিকাশত অৰুণাচল অসম আৰু মণিপুৰতকৈ পিছ পৰি আছে।
থিয়েটাৰ কলা বিকাশ আৰু সামাজিক বিৱৰ্তনত এক শক্তিশালী যোগাযোগৰ মাধ্যম হিচাপে ই সমাজ আৰু গণতন্ত্ৰৰ বিৱৰ্তনতো এক উল্লেখযোগ্য ভূমিকা পালন কৰে।লগতে তেওঁৰ এই সাফল্যই বহু যুৱ অৰুণাচলীক অনুপ্ৰাণিত কৰিব বুলিও মত প্ৰকাশ কৰে।
তেওঁ অৰুণাচলত থিয়েটাৰ কলাৰ উন্নয়নৰ বাবে যুৱক-যুৱতী সকলক অভিনয়,থিয়েটাৰ আৰু চিনেমাক গুৰুত্বসহকাৰে ল’বলৈ আহ্বান জনাই এই বিষয় সমূহ অধ্যয়ন কৰিবলৈ ৰাজ্যৰ বাহিৰলৈ যোৱা উচিত বুলি মন্তব্য কৰে।
এই ক্ষেত্ৰত থিয়েটাৰ কলাৰ বিকাশৰ বাবে অৰুণাচল চৰকাৰে এক প্ৰগতিশীল পদক্ষেপ লোৱাৰো পোষকতা কৰে নাট্যকৰ্মীজনে।লগতে সংগীত,নৃত্য,সূক্ষ্ম কলা আদিৰ দৰে শৈক্ষিক ক্ষেত্ৰত থিয়েটাৰক এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে স্বীকৃতি দিবলৈ আহ্বান জনাই অৰুণাচল চৰকাৰক।