অৱশেষত সামাজিক মাধ্যমত স্পষ্টীকৰণ দিলে বৰ্তমান সময়ৰ এটি বিতৰ্কিত কবিতা ‘লেডী টেট টিচাৰ’ৰ স্ৰষ্টা কবি ৰ’নাল্ড’ টাইডে ৷ মহিলা টেট শিক্ষক সকলক উদ্দেশ্যি কবিগৰাকীয়ে সৃষ্টি কৰা এই কবিতাৰ বাবে কবিগৰাকীক সামাজিক মাধ্যমত ট্ৰ’ল কৰাৰ পিছতে এই স্পষ্টীকৰণ দিবলৈ বাধ্য হয় কবি ৰ’নাল্ড’ টাইড ৷
‘নদী আৰু নাৰী’ শীৰ্ষক এটা বিশাল অনুষ্ঠানৰ গুৰি ধৰোতা ৰ’ণাল্ড’ টাইডে বৰ্তমান সময়ত কাব্য চৰ্চাৰ জড়িয়তে অসমৰ নাৰীসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ যাৰ বাবে বৰ্তমান সময়ত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে কাব্যপ্ৰেমী সকলৰ মাজত ৰ’ণাল্ড’ টাইড এক পৰিচিত নাম হৈ পৰিছে৷ কিন্তু তেনে সময়তে তেওঁৰ এটি বিশেষ কবিতাৰ বাবে সামাজিক ভাৱে সমালোচনাৰ সন্মূখীন হৈছে কবিগৰাকী ৷ বৰ্তমান সময়ৰ মহিলা টেট শিক্ষক সকলক উদ্দেশ্যি তেওঁ সৃষ্টি কৰা ‘লেডী টেট টিচাৰ’ শীৰ্ষক কবিতাটোৱে পাঠকৰ সমালোচনাৰ সন্মূখীন হৈছে ৷ আনহাতে জনপ্ৰিয় সামাজিক মাধ্যম প্লেটফৰ্ম ফেচবুকত ট্ৰ’ল কৰা হৈছে কবিগৰাকীক ৷
সেয়েহে শেহতীয়াকৈ এই কবিতা সন্দৰ্ভত ফেচবুকত এটি স্পষ্টীকৰণ দি কবিগৰাকীয়ে কয় যে লেখকৰ অনুভৱ আৰু পাঠকৰ অনুভৱ দুয়োটাই সম্পূৰ্ণ সুকীয়া। লেখকে লিখে এটা, এচাম পাঠকে বুজে এটা। তেওঁ লগতে কয় যে পৰম শ্ৰদ্ধাৰ ‘মহিলা টেট শিক্ষকৰ জ্ঞান-গৰিমা, শাৰীৰিক- মানসিক সৌন্দৰ্য, প্ৰচুৰ ত্যাগ-কষ্ট, বৃদ্ধিদীপ্ত মন আৰু ” শিশুৰ প্ৰতি থকা প্ৰেম”ক কাব্যিক ব্যঞ্জনাৰে লিখি উদ্দীপনা দিবলৈ চেষ্টা কৰা ‘’লেডী টেট টিচাৰ” কবিতাটোৰ অপব্যাখ্যা কৰি তেওঁক ট্ৰ’ল কৰি আছে বহুজনে। সেয়েহে শ্ৰদ্ধাৰ পাঠক সমাজক এনে স্বয়ম্ভূ সমালোচকৰ কথাত মন নিদিবলৈ বিনম্ৰ আহ্বান জনালে কবিগৰাকীয়ে । তেওঁৰ দৃষ্টিত মহিলা টেট শিক্ষক, সমাজত সদায়ে দেৱী স্বৰূপ। তেওঁলোকৰ প্ৰতি পুনৰ সেৱা আৰু শ্ৰদ্ধা জনাই তেওঁ এই কথাও উল্লেখ কৰে যে তেওঁ আগতেও তেওঁলোকৰ সমস্যাৰ ওপৰত বহুবাৰ মাত মাতি আহিছে।