অসমলৈ পুনৰবাৰ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী অসমীয়া বোৱাৰীয়ে। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজ্জ্বলি উঠিছে এগৰাকী অসমীয়া। উল্লেখ্য যে ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে সাগৰিকা কাকতি নামৰ এগৰাকী বোৱাৰীয়ে। ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত ৰাণী খিতাপ অৰ্জন কৰা নগাঁৱৰ মাজ জাজৰিৰ বোৱাৰী সাগৰিকা বৰ্তমান এটি কন্যা সন্তানৰ মাতৃ ।
উল্লেখ্য যে উক্ত প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰি বিজয়ী মুকুট পৰিধান কৰাটো আছিল সাগৰিকাৰ সপোন। বঁটা গ্ৰহণ কৰি অসমীয়া বোৱাৰীগৰাকীয়ে মনৰ অনুভৱ ব্যক্ত কৰি কয় যে বিদেশলৈ আহি অসমৰ হৈ সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটোৱেই এক ডাঙৰ কথা। তেঁও জনোৱা মতে আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগিতাখনিৰ প্ৰশ্নোত্তৰ শিতানত অসমৰ কথা হিয়া উজাৰি ক’বলৈ পাই তেঁও বহুত বেছি গৌৰৱ অনুভৱ কৰিছে।
সাগৰিকাই জনোৱা মতে অসমৰ লোকসংস্কৃতিৰ কথা ক’বলৈ গৈ বিহুৰ বৰ্ণনা দিওঁতে বিচাৰকৰ পৰা তেঁও উচ্চ প্ৰশংসা লাভ কৰিছিল। ইয়াৰ উপৰিও দেশী-বিদেশী অগণন দৰ্শকে বিহু সম্পৰ্কে আৰু অধিক জানিবলৈ বিচৰাত তেঁও নিজে বিহুগীত গাই, নাচি সকলোৰে লগত আনন্দ কৰিছিল।
উল্লেখ্য যে সাগৰিকাৰ বহুত দিনৰ পৰা ৰেম্পত খোজ কঢ়াৰ আশা মনত সাঁচি ৰখাৰ পাছত অৱশেষত পূৰণ হ’ল আৰু এই ধুনীয়া মুহূৰ্তখিনিৰ সাক্ষী হৈ ৰৈছিল তেঁওৰ কণমানি কন্যা । আনহাতে তেঁও জানিবলৈ দিয়া মতে স্বামী ৰূপজ্যোতি বৰুৱাই সদায় এই ক্ষেত্ৰত তেঁওক সাহস আৰু প্ৰেৰণা যোগায় আহিছে।
অসমৰ জনসাধাৰণ ,পৰিয়ালবৰ্গ তথা অগণন শুভাকাংক্ষীক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সকলোকে ধন্যবাদ জনাইছে সাগৰিকা কাকতিয়ে । উল্লেখ্য যে আমেৰিকা, অষ্ট্ৰেলিয়া, ৰাছিয়া, ইউক্ৰেনিয়ানকে ধৰি বহুকেইখন ৰাষ্ট্ৰৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল উক্ত সৌন্দৰ্য প্ৰতিযোগিতাখনত।