বলিউডৰ তাৰকা কৰিণা কাপুৰ প্ৰায়ে সংবাদমহলৰ শীৰ্ষত থকা এগৰাকী অভিনেত্ৰী। আনহাতে তেঁওৰ পুত্ৰ টাইমুৰ আলি খানেও জন্মৰ সময়ৰ পৰাই সংবাদ মাধ্যমৰ জৰিয়তেই মানুহৰ অন্তৰত স্থান দখল কৰিবলৈ সক্ষম হৈছে। প্ৰায়ে এই তাৰকাসকলৰ লগত জড়িত কিছুমান ঘটনা চৰ্চাত থকা দেখিবলৈ পোৱা যায়।

কৰিণা আৰু শ্বেইফ আলি খানৰ পুত্ৰ টাইমুৰ আলি খানৰ চোৱা চিতা কৰা মহিলা গৰাকীও বৰ্তমান চৰ্চাত আছে তেঁওৰ আয়ৰ বাবে। প্ৰাপ্ত তথ্য মতে সাৱিত্ৰী নামৰ টাইমুৰৰ এইগৰাকী ব্যক্তিগত পৰিচাৰিকাক দিব লগীয়া হয় ১.৫লাখ টকা। আনহাতে নিৰ্ধাৰিত সময়তকৈ অধিক সময় কাম কৰিলে তেঁও অৰ্জন কৰে প্ৰায় ১.৭৫ লাখ টকা।
উল্লেখ্য যে কিছুদিনৰ আগতে আৰবাজ খানৰ কঠোপকথন অনুষ্ঠান ‘Pinch’ ত কৰিণা কাপুৰ খানে এই কথা মুকলিমূৰীয়া কৈ আলোচনা কৰে। উক্ত অনুষ্ঠানটোতে কৰিণাৰ কথাত আচৰিত হৈ আৰবাজ খানে কয় যে টাইমুৰৰ পৰিচাৰিকা গৰাকীৰ এই আয় চৰকাৰী বিভাগত কৰ্মৰত লোকৰ সমসাময়িক বা তাতকৈ বেছি বুলিও ক’ব পৰা যায়।
