তেওঁৰ প্ৰকৃত নাম আছিল সম্পূৰ্ণ সিং কালৰা ৷ ভাৰতৰ এজন আগশাৰীৰ কবি, গীতিকাৰ, লেখক, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ পৰিচালক এইজন সম্পূৰ্ণ সিং কালৰাৰ জন্ম হৈছিল ১৯৩৪চনৰ আজিৰ দিনটোত অৰ্থাৎ ১৮আগষ্টত৷ যি পৰৱৰ্তী সময়ত হিন্দী চিনেমা ৰচনাৰ বাবেও প্ৰখ্যাত।
কালৰাই বলীউড জগতৰ এই যাত্ৰা আৰম্ভ কৰিছিল ১৯৬৩ চনত এছ.ডি বৰ্মনে সংগীত পৰিচালনা কৰা ‘ বন্দিনী’ ছবিখনৰ গীতিকাৰ হিচাপে ৷ আনহাতে তেওঁ আৰ ডি বৰ্মন, ছলিল চৌধুৰী, বিশাল ভৰদ্বাজ আৰু এ আৰ ৰহমানকে ধৰি বহু সংগীত পৰিচালকৰ সৈতেও কাম কৰিছিল। পৰৱৰ্তী সময়ত ভাৰতৰ সাহিত্য-সংস্কৃতিৰ জগতত গুলজাৰ নামেৰে জনপ্ৰিয় হোৱা এইগৰাকী মহান ব্যক্তিৰ বিভিন্ন সৃষ্টিৰাজিয়ে ভাৰতীয় সাহিত্য-সংস্কৃতিৰ ভড়াল সমৃদ্ধ কৰিবলৈ সক্ষম হৈছে ৷
৭০ৰ দশকত ‘আন্ধী’ আৰু ‘মৌছম’ আৰু আশীৰ দশকত টিভি ধাৰাবাহিক ‘মিৰ্জা গালিব’ৰ পৰিচালক আছিল তেওঁ ।আনহাতে ১৯৯৩ চনত তেওঁ ‘কিৰদাৰ’ৰ পৰিচালনাও কৰিছিল।
উল্লেখনীয় যে তেওঁ ৫ টা ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে ৷ তাৰে দুবাৰ শ্ৰেষ্ঠ গীতৰ কথাৰ বাবে , এবাৰ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে , এবাৰ দ্বিতীয় শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ (পৰিচালক) আৰু এবাৰ শ্ৰেষ্ঠ জনপ্ৰিয় চলচ্চিত্ৰ (পৰিচালক)হিচাপে ৷ আনহাতে মুঠ ২২টা ফিল্মফেয়াৰ বঁটা, এটা একাডেমী বঁটা আৰু এটা গ্ৰেমী বঁটা লাভ কৰিছে এইগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তিয়ে ।
২০০২ চনত সাহিত্য একাডেমী বঁটা – হিন্দী, ২০০৪ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ, ২০১৩ চনত ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা দাদাচাহেব ফালকে বঁটাৰ সন্মানো লাভ কৰিছে এইজন গুলজাৰে। ২০১৩ চনৰ এপ্ৰিল মাহত গুলজাৰক অসম বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰ হিচাপে নিযুক্তি দিয়া হয়। তেওঁক ২০০৫চনত সম্বলপুৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা কবিতাত গংগাধৰ ৰাষ্ট্ৰীয় বঁটাও প্ৰদান কৰা হয় ৷
ব্ৰিটিছ ভাৰতৰ (বৰ্তমানৰ পাকিস্তান) ঝেলুম জিলাৰ দীনাত এটা শিখ পৰিয়ালত জন্ম হৈছিল সম্পুৰ্ণ সিং কালৰাৰ ৷ তেওঁৰ পিতৃৰ নাম আছিল মাখান সিং কালৰা আৰু মাতৃ সুজান কৌৰ । স্কুলত পঢ়ি থকা সময়ত তেওঁ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচনাৰ অনুবাদ পঢ়িছিল যাক তেওঁ জীৱনৰ বহুতো টাৰ্নিং পইণ্টৰ ভিতৰত এটা বুলি তেওঁ অভিহিত কৰিছিল।
দেশ বিভাজনৰ বাবে তেওঁৰ পৰিয়ালটো বিভাজিত হোৱাৰ বাবে তেওঁ পঢ়া-শুনা বন্ধ কৰি মুম্বাইলৈ গৈ পৰিয়াল পোহপাল দিব লগা হৈছিল। মুম্বাইত জীৱিকাৰ বাবে বহুতো সৰু সৰু কাম কৰিছিল
প্ৰথম অৱস্থাত লেখক বুলি দেউতাকে তেওঁক তিৰস্কাৰ কৰিছিল। সাহিত্য চৰ্চাৰ ক্ষেত্ৰত তেওঁ তেওঁৰ নাম ‘গুলজাৰ দীনৱী’ কৰি লৈছিল আৰু পিছলৈ ই গুলজাৰ হয় । এবাৰ এক সাক্ষাৎকাৰত তেওঁ এজন চিত্ৰশিল্পী হিচাপে তেওঁৰ কৰ্ম উপভোগ কৰাৰ কথাও কৈছিল কাৰণ ইয়াৰ ফলত তেওঁক একেলগে পঢ়িবলৈ, লিখিবলৈ, কলেজত পঢ়িবলৈ আৰু পিডব্লিউএ (প্ৰগ্ৰেছিভ ৰাইটাৰ্ছ এছ’চিয়েশ্যন)ৰ সৈতে জড়িত হ’বলৈ বহু সময় পাইছিল ৷
অজিৰ তেওঁৰ জন্মদিনত তেওঁৰ সুস্বাস্থ্য কামনা কৰি যাচিলোঁ আন্তৰিক শুভকামনা ৷