প্ৰতিটো বাৰিষাৰ দৰেই এইবাৰো গোৱাৰ কেথলিকসকলে আজি উদযাপন কৰিছে চাও জোয়াও( Sao Joao, the feast of St John the Baptist)উৎসৱ । গোৱাৰ এই আনন্দোৎসৱত লোক সকলে পৰিধান কৰিব ফল,ফুল আৰু পাতৰে নিৰ্মিত মুকুট ৷ আনহাতে এই ভোজৰ মুখ্য আকৰ্ষণ হ’ল জলাশয় , কুঁৱা, পুখুৰী, ঝৰ্ণা, নদী আদি য’ত সকলোৱে আনন্দেৰে জাঁপ মাৰিব।
শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে একেলগে উপভোগ কৰা এই উৎসৱত পৰম্পৰাগত গুমট (বাদ্যযন্ত্ৰ) বজোৱাৰ হয় ৷ এই উৎসৱৰ এক গুৰুত্ব পূৰ্ণ অংশ হ’ল নৌকা উৎসৱ ৷ আনহাতে উৎসৱত ফেনী পৰিৱেশন কৰাৰ লগতে আৰু নতুন জোঁৱাই সকলকো সন্নিবিষ্ট কৰা হয় ।
গোৱাত কেথলিকসকলে ৰোমান কেথলিক গীৰ্জাৰ সকলো উৎসৱ উদযাপন কৰে যাৰ ভিতৰত এক অন্যতম উৎসৱ হ’ল এই চাও জোয়াও উৎসৱ। পৰম্পৰাগতভাৱে দক্ষিণ গোৱাৰ কৰ্টালিম আৰু উত্তৰ গোৱাৰ হাৰমাল, বাগা, চিওলিম আৰু তেৰেখোল গাঁৱত এই চাও জোয়াও উৎসৱ পালন কৰা হয়।
গোৱা পৰ্যটন উন্নয়ন নিগমৰ (জিটিডিচি) মতে, বিগত বছৰবোৰত গোৱাত পুল পাৰ্টি আৰু ব্যক্তিগত চাও জোয়াও পাৰ্টি পৰ্যটকসকলৰ বাবে ‘আনন্দ আৰু আনন্দৰ সম্পূৰ্ণ পেকেজ’ হৈ আহিছে।
২০০৪ চনত ‘ ফিষ্টচ, ফেষ্টিভেলছ এণ্ড চেলিব্ৰেচনছ অৱ গোৱা’ নামৰ কিতাপখনৰ লেখিকা আৰু বুৰঞ্জীবিদ মাৰিয়া ডি লৰ্ডেছ ব্ৰাভো দা কষ্টা ৰড্ৰিগছে লিখিছিল: ‘গোৱাৰ যুৱক-যুৱতীসকলে এই অনুষ্ঠানটো আনন্দেৰে উদযাপন কৰে আৰু সাহসী কাৰ্য্য সম্পাদন কৰে য’ত কুঁৱা বা নদীত ল’ৰাবোৰে আনন্দৰ জঁপিওৱাৰ দৃশ্যই পৰ্যটক সকলকো আকৰ্ষিত কৰে ৷
এই উৎসৱত গোৱা বাসীয়ে কোপেল অৰ্থাৎ ফল, ফুল আৰু পাতৰ মুকুট পিন্ধি গাওঁবোৰত ফুৰে আৰু প্ৰায়ে এঠাইৰ পৰা আন ঠাইলৈ ফুৰিবলৈ যায় আৰু পানীত জপিওৱা সকলক উৎসাহ যোগাবৰ বাবে বাবে গাওঁবাসীসকলে কুঁৱা বা পুখুৰীটোৰ ওচৰত একত্ৰিত হয় আৰু ‘চাও জোয়াও! ভিভা চাও জোয়াও’ বুলি আনন্দত চিঞৰে । এই উৎসৱৰ কোঙ্কণী গীত পৰিবেশন কৰাৰ লগে লগে পৰম্পৰাগত বাদ্যযন্ত্ৰ যেনে গুমট আৰু কেনচাইম (চিম্বল) পৰিবেশন কৰা হয় ।
আজি অনুষ্ঠিত হোৱা এই বিশিষ্ট উৎসৱৰ ভিতৰত চিওলিমৰ চাও জোয়াও নাও কুচকাৱাজ হ’ব য’ত সাধাৰণতে দৰ্শনাৰ্থীসকল হাজাৰ হাজাৰলৈ দৌৰি যোৱা দেখা যাব। উল্লেখযোগ্য যে চাও জোয়াও পৰম্পৰাগত নাও উৎসৱ ১৯৯২ চনত আৰম্ভ হৈছিল ৷
চাও জোয়াও পৰম্পৰাৰ বিষয়ে ৰড্ৰিগছে লিখিছে যে উত্তৰ গোৱাৰ উপকূলীয় বেল্টৰ বাগা নামৰ এক ব্যস্ত অংশত, ‘চেইণ্ট জন দ্য বেপ্টিষ্ট’ৰ ভোজৰ অংশ হিচাপে ‘চাংগোড’ উদযাপন কৰা হয়। ইয়াত ‘দুখন নাও একত্রিত কৰি বান্ধি দিয়া হয় । নাও দুখন বান্ধি দিয়াটোৱে গাওঁখনৰ একতাক সূচায় ৷ দৰাচলতে, এই চাংগোডে বাগাৰ গোটেই সম্প্ৰদায়ক একত্ৰিত কৰে আৰু ই বন্ধু আৰু আত্মীয়সকলক মনোৰঞ্জন দিয়াৰ এক উপলক্ষ হৈ পৰে। বাগা নদীৰ দুয়োটা সীমাত, মানুহে অংশগ্ৰহণ কৰিবলৈ আৰু চাংগোডক আকৰ্ষণ কৰিবলৈ একত্ৰিত হয় ৷
গোৱাত, চাও জোয়াও হৈছে পৰিয়াল আৰু গাওঁবাসীৰ বাবে তেওঁলোকৰ নৱ বিবাহিত কন্যাৰ স্বামীসকলক অলপ ভালদৰে জনাৰ এক উপলক্ষ। পৰম্পৰাগতভাৱে, নতুন জোঁৱাইক ফল আৰু পাতৰ মুকুট পিন্ধাই গাওঁখনৰ চাৰিওফালে লৈ যোৱা হয় আৰু তাৰ পিছত আন উল্লাসকাৰীসকলৰ সৈতে তেওঁ কুঁৱাটোত জঁপিয়াই পৰে।
ৰড্ৰিগছে লিখিছে: ‘জোঁৱাইক গাওঁখনৰ চাৰিওফালে লৈ যোৱাৰ পৰম্পৰা এটা অতি দুখজনক ঘটনাৰ পৰা আহিছে। এবাৰ এজন নতুন জোঁৱাই তেওঁৰ শহুৰেকক লগ কৰিবলৈ আহিছিল। কিন্তু ঘৰলৈ উভতি যাওঁতে, তেওঁ এক দুৰ্ঘটনাত পতিত হয় আৰু মৃত্যুবৰণ কৰে। দুৰ্ভাগ্যবশতঃ মানুহে তেওঁক চিনি পোৱা নাছিল, কিয়নো তেওঁ গাওঁবাসীৰ সৈতে চিনাকি হোৱা নাছিল। সেয়েহে, পৰৱৰ্তী সময়ত তেওঁলোকে সিদ্ধান্ত লৈছিল যে ভৱিষ্যতে তেওঁলোকে জোঁৱাইক গাওঁবাসীৰ সৈতে পৰিচয় কৰাই দিব আৰু এই ছেইণ্ট জন দ্য বেপ্টিষ্টৰ ভোজেই এনে এক উদযাপনৰ বাবে এক ভাল উপলক্ষ হ’ব।’