বৰ্তমান বলিউডৰ নতুন অভিনেত্ৰীসকলৰ ভিতৰত এক জনপ্ৰিয় নাম হৈছে ছাৰা আলি খান। শ্বেইফ আলি আলি খান আৰু অমৃতা সিংৰ কন্যা ছাৰাই খুব কম সময়ৰ ভিতৰতেই নিজৰ অভিনয় প্ৰতিভা আৰু সৌন্দৰ্যৰ দ্বাৰা দৰ্শক –অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে বৰ্তমান বহুতো নামী-দামী ব্ৰেণ্ডৰ লগত কাম কৰিছে ছাৰাই। আনহাতে এক ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰিছিল যদিও ছাৰাই অতি সাধাৰণভাৱে জীৱন-যাপন কৰিছিল। বলিউডত নিজৰ খুপনি পোতাৰ পাছত, এক ভাল আয় আৰ্জন কৰিহে নিজৰ কিছুমান চখ পুৰণ কৰিছে চৰ্মিলা টেগৰৰ এইগৰাকী নাতিনীয়েকে।
ছাৰাৰ ওচৰত আছে কিছুমান দামী সামগ্ৰী। যিবোৰ তেঁও ক্ৰয় কৰিছে নিজে আৰ্জন কৰা টকাৰে। উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে ছাৰাই এখন মাৰ্চিডিজ জি- ৱেগণ (Mercedes G-Wagon) ক্ৰয় কৰিছিল , যাৰ দাম আছিল ১.৩ কোটি টকা।
ছাৰাৰ দ্বাৰা অভিনীত ছবি “Love Aaj Kal 2” ৰ প্ৰম’ছনৰ সময়ত তেঁওৰ হাতত দেখা পোৱা গৈছিল এটা ধুনীয়া “Bvlgari” ঘড়ী ।এই ঘড়ীৰ ব্ৰেণ্ডৰ ৱেবচাইটৰ মতে ছাৰাৰ ঘড়ীটোৰ দাম ৯ লাখতকৈ অধিক।
কৰ’না ভাইৰাছ সংক্ৰমণৰ প্ৰথম ঢৌৰ সময়ত বলিউডৰ আন বহুতো তাৰকাৰ লগতে ছাৰাইয়ো চাইকেল চলোৱা কাৰ্যটো এক হবি হিচাপে গ্ৰহণ কৰিছিল। সেইবাবে ছাৰাই এখন চাইকেল ক্ৰয় কৰিছিল যাৰ দাম আছিল প্ৰায় ১৫,০০০ টকা।