সুৱদি সুৰীয়া অসম বাৰেবৰণীয়া সংস্কৃতিৰ লীলাভূমি ।অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন সময়ত লোক উৎসৱ সমূহ উদযাপিত হয় যদিও ব’হাগ আৰু মাঘ মাহতেই আঞ্চলিক লোক উৎসৱ সমূহ বেছিকৈ উদযাপিত হোৱা দেখিবলৈ পোৱা যায়।
বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা শিল্পনগৰী সৰ্থেবাৰীত বিভিন্ন লোক উৎসৱ পালন কৰি অহা হৈছে। এই লোক উৎসৱ সমূহৰ ভিতৰত ‘ মাঘী পূৰ্ণিমাৰ সভা’ বা ‘ সৰ্থেবাৰীৰ সভা’ অন্যতম । সৰ্থেবাৰী বুলিলেই আমাৰ মনত ভাঁহি আহে সাতামপুৰুষীয়া কাঁহৰ বান কাঁহী , বান বাটি , বিভিন্ন কাৰুকাৰ্য্য খচিত লোটা , বঁটা , বেলেগ বেলেগ আকাৰৰ তাল আৰু অনেক লাগতিয়াল কাঁহৰ বাচন- বৰ্তন আদি। কাঁহৰ বাচন- বৰ্তন সমূহে পৃথিবীৰ সকলো ঠাইতে সমাদৰ লাভ কৰাৰ উপৰিও বিশ্বৰ দৰবাৰত অসমক এক সুকীয়া স্থান দিবলৈ সমৰ্থ হৈছে। অসমৰ কাঁহ শিল্পনগৰী সৰ্থেবাৰীয়ে অসমীয়া কৃষ্টি , সভ্যতা , ধৰ্ম , সাহিত্য , সংস্কৃৃতি আদি বিভিন্ন দিশত অসমক প্ৰতিনিধিত্ব কৰি আহিছে।
অসমৰ শিল্পনগৰী সৰ্থেবাৰীত প্ৰতিবছৰে মাঘ মাহৰ পূৰ্ণিমাৰ পৰা পাঁচ দিন ধৰি মহা সমাৰোহেৰে সভা পতা হয়। মাঘ মাহৰ চতুদৰ্শী তিথিত আৰম্ভ হোৱা উৎসৱটিৰ পূৰ্ণিমাৰ পাছৰ কৃষ্ণা তৃতীয়া তিথিত সামৰণি পৰে। পাঁচদিন ধৰি হোৱা এই সভাখনক পাঁচোটা পৃথক ভাগত ভাগ কৰা হয়। সভাৰ প্ৰথম দিনটোক ‘গোন্ধৰ দিনা’ বুলি কোৱা হয়। গোন্ধৰ দিনা সকলো ৰাইজে একগোট হৈ ৰাজহুৱা গোসাঁই ঘৰৰ গোসাঁইৰ আসনবোৰ পৰিষ্কাৰ কৰি সুন্দৰকৈ সজায়। প্ৰত্যেক চুবাৰ লোক সকলে লগ লাগি বাঁহ -খেৰেৰে সভাৰ থলীত কেইবাখনো ৰভা দিয়ে। ৰভাৰ পূৱ দিশত বৃহৎ আকাৰত হোমৰ বেদী সজোৱা হয়। ৰভাৰ মাজৰ খালী ঠাই ডোখৰত সভাৰ লগত সংগতি ৰাখি যাত্ৰা , ঢুলীয়া নৃত্য , ওজাপালি আদি আনন্দদায়ক অনুষ্ঠান সমূহ পৰিৱেশন কৰা হয়। গোন্ধৰ দিনা ৰাতি বিভিন্ন চুবাৰ গোসাঁই ঘৰৰ গোসাঁইবোৰ ৰাইজে হৰিনাম – কীৰ্তন কৰি আনি সভাথলীৰ লগতে থকা মূল গোসাঁইঘৰত স্থাপন কৰে আৰু তেতিয়াৰ পৰা সৰ্থেবাৰীৰ সভা আৰম্ভ হয়।
সভাৰ দ্বিতীয় দিনা মাঘী পূৰ্ণিমা তিথিত সভাথলীৰ পূৱ দিশত থকা ‘হোমৰ বেদীত’ হোম ক্ৰিয়া সম্পন্ন কৰা হয়।এই হোম ক্ৰিয়াই সৰ্থেবাৰী সভাৰ মূল উৎসৱ। সৰ্থেবাৰীৰ সভাৰ এই দিনটোৰ স্বৰ্গীয় হোমৰ গোন্ধ ল’বলৈ ৰাইজৰ মন-প্ৰাণ উত্ৰাৱল হৈ উঠে। শংখ ,ঘণ্টা , দবা, বৰকাঁহ বাজি উঠাৰ লগতে বৈদিক মন্ত্ৰ পাঠ কৰি হোম ক্ৰিয়া আৰম্ভ কৰা হয়। ভাগৱত শাস্ত্ৰ পাঠ , নামৰ ধ্বনি , ভোৰতালৰ শব্দ , হোমৰ বেদধ্বনিয়ে অন্তৰত জগাই তোলে এক স্বৰ্গীয় অনুভূতি। জাত-পাত , উচ্চ-নীচ পাহৰি ভগবৎ প্ৰেমেৰে এয়া যেন মানৱৰ মহামিলনৰ তীৰ্থভূমি।
সভাৰ তৃতীয় দিনা ‘ভৰ সভা’। ভক্ত আৰু ৰাইজৰ আগমনেৰে সভা লোকে লোকাৰণ্য হৈ পৰে।নাম-প্ৰসংগৰ লগতে ঢুলীয়া নৃত্য আৰু যাত্ৰাভিনয় অনুষ্ঠিত হয়।
সভাৰ চতুৰ্থ দিনত নাম-প্ৰসংগ , ঢুলীয়া নৃত্য , ওজাপালি , যাত্ৰা আদি পূৰ্ণোদ্যমে চলি থাকে আৰু স্থানীয় মানুহৰ উপৰিও দূৰ- দূৰণিৰ পৰা অহা যাত্ৰী সকলেও আনন্দ উপভোগ কৰে।
পঞ্চম দিনাখন সভা অন্ত পৰে। সভা শেষ হোৱাৰ পাছত গোসাঁইবোৰ পুনৰ নিজ নিজ গোসাঁই ঘৰলৈ নিয়ম-নীতিৰ মাজেদি লৈ যোৱা হয় আৰু বিখ্যাত সৰ্থেবাৰীৰ সভাৰ অন্ত পৰে।
এনেদৰে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা পৰম্পৰাগত ভাৱে চলি অহা সভা সৰ্থেবাৰীৰ প্ৰতিজন ডেকা -গাভৰু , মুনিহ-তিৰোতাৰে হিয়াৰ ধন , বুকুৰ আপোন আৰু মহামিলনৰ তীৰ্থ মাঘী পূৰ্ণিমাৰ সভা।