পৰ্ণ ছবি নিৰ্মাণ কৰি অগাধ সম্পত্তিৰ গৰাকী হোৱা শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা সম্প্ৰতি কাৰাগাৰৰ বন্ধ কুঠৰীত।এটা সময়ত অতি সুখী পৰিয়ালৰ খ্যাতি লাভ কৰা দম্পতি হালৰ এতিয়া সম্পৰ্ক চিঙাৰ পথত।
সমগ্ৰ ঘটনাৰ সৈতে এতিয়া শিল্পাৰ নামো জড়িত হৈ পৰিছে। তেনেক্ষেত্ৰত কুন্দ্ৰাৰ কাণ্ডক লৈ চৰম লজ্জাবোধ কৰিছে অভিনেত্ৰী গৰাকীয়ে। খবৰ অনুসৰি ৰাজৰ এই কাণ্ডৰ বিষয়ে একোৱেই জনা নাছিল অভিনেত্ৰী গৰাকীয়ে।
শিল্পাৰ বন্ধু মহলৰ পৰা প্ৰকাশ পোৱা মতে এই সকলো কথা জনাৰ পিছত আৰু ৰাজৰ সৈতে থাকিব বিচৰা নাই শিল্পাই।লগতে সন্তান দুটিকো আতৰাই ৰাখিব খুজিছে ৰাজৰ পৰা।
আনহাতে শিল্পাৰ অন্য এগৰাকী বন্ধুয়ে জানিবলৈ দিয়া মতে ৰাজৰ অবৈধ সম্পদৰ পৰা আতৰাই ৰাখিব সন্তান দুটিক।শিল্পাই ৰাজৰ সম্পদৰ পৰা এপচাও নিব বিচৰা নাই।
টিভি শ্ব‘ আৰু চলচ্চিত্ৰ উদ্যোগৰ পৰা অৰ্জন কৰা ধনেই সন্তান দুটিৰ বাবে যথেষ্ট বুলি অনুভৱ কৰিছে অভিনেত্ৰী গৰাকীয়ে।
অৱশ্যে শিল্পাৰ বন্ধু মহলে দুয়ো পৃথক হোৱাৰ কথা প্ৰকাশ কৰিছে যদিও এই বিষয়ৰ সত্যতা সন্দৰ্ভত স্পষ্ট মত প্ৰকাশ কৰা নাই।