কমনৱেলথ গেমছ ২০২২ত ভাৰতীয় খেলুৱৈসকলৰ সংগীত হৈ পৰে অসমৰ জনপ্ৰিয় গায়ক নিলোৎপল বৰাৰ ‘চাবাশ’ ৷ মাজুলী খ্যাত অসমীয়া গায়ক নিলোৎপল বৰাৰ ‘চাবাশ’ গীতটো বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ, ২০২২ ত হৈ পৰিল ভাৰতীয় খেলুৱৈসকলৰ সংগীত ।
এই বিষয়ে ফেচবুকত এটা প’ষ্ট আপলোড কৰি তেওঁ লিখিলে যে এতিয়ালৈকে তেওঁৰ সংগীত কেৰিয়াৰৰ ই আটাইতকৈ ডাঙৰ খবৰ ৷ কাৰণ তেওঁৰ গীত “চাবাশ” কমনৱেলথ গেমছত ভাৰতীয় খেলুৱৈসকলৰ সংগীত হৈ পৰিছে।গীতটো শুক্ৰবাৰে কুস্তি অনুষ্ঠানৰ সময়ত বজোৱা হৈছিল যেতিয়া ভাৰতীয় খেলুৱৈসকল খেলপথাৰত নামিছিল।
উল্লেখযোগ্য যে ‘চাবাশ’ গানটো ১৫ জুলাইত নেটফ্লিক্সত মুক্তি লাভ কৰা জিতেন্দ্ৰ কুমাৰ, জাৱেদ জাফেৰী অভিনীত ‘জাদুগৰ’ চলচ্চিত্ৰখনৰ গীত ।গায়ক নিলোৎপল বৰা তেওঁৰ ‘মাজুলী’, ‘ঢাগা’ আদি কেইবাটাও জনপ্ৰিয় গীতৰ বাবে জনাজাত ৷ ৱেব চিৰিজ ইলেক্ট্ৰিছত তেওঁৰ কামৰ বাবে শ্ৰেষ্ঠ মূল ধ্বনি ট্ৰেক (best original sound track) শ্ৰেণীৰ বাবে ২০২১ চনত ফিল্মফেয়াৰ অ’টিটি বঁটাৰ বাবেও মনোনীত হৈছিল অসমৰ জনপ্ৰিয় গায়ক নিলোৎপল বৰা।