ভাৰতৰ ভিতৰত বিহাৰ এনে এখন ৰাজ্য য’ত ভ্ৰমণৰ এক সুকীয়া আনন্দ আছে। বিহাৰত এনে বহু ঐতিহাসিক ঠাই আছে যি ঠাইলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ সোঁত বয় । লগতে ৰাজ্যখনত আছে ভালেসংখ্যক মন্দিৰ ।ইয়াত আছে পৃথিৱীৰ দুটা পুৰণি ধৰ্ম বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ জন্মস্থান যাৰ ইতিহাস ৬০০ বছৰতকৈও পুৰণি। বিহাৰৰ এনে ৬ টা পৌৰাণিক আকৰ্ষণীয় মন্দিৰৰ বিষয়ে জানোঁ আহক –
মহাবোধি মন্দিৰ, বোধগয়া
বিহাৰৰ বোধগয়াত অৱস্থিত এই মন্দিৰ বিশ্ব বিখ্যাত। নিৰঞ্জনা নদীৰ পাৰত অৱস্থিত এই মন্দিৰটোতে গৌতম বুদ্ধই জ্ঞান লাভ কৰিছিল বুলি জনা যায় । এইকাৰণেই বোধগয়াৰ দেশক জ্ঞানৰ দেশ বুলিও কোৱা হয়। ইউনেস্কোৱে ২০০২ চনত এই মন্দিৰটো বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল। প্ৰতি বছৰে সমগ্ৰ বিশ্বৰ পৰা লাখ লাখ পৰ্যটকৰ এই মন্দিৰলৈ অগমন ঘটে ।
পাটন দেৱী মন্দিৰ, পাটনা
পাটন দেৱী হৈছে বিহাৰৰ ৰাজধানী পাটনাৰ অন্যতম বিখ্যাত মন্দিৰ। পাটন দেৱীক ‘মা পাটনেশ্বৰী’ বুলিও জনা যায়। এই মন্দিৰক ভাৰতৰ ৫১ টা প্ৰাচীন শক্তি পীঠৰ ভিতৰত এক বুলি গণ্য কৰা হয়। কোৱা হয় যে ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰৰে কটা দেৱী সতীৰ সোঁ উৰু ইয়াত পৰিছিল।
বিষ্ণু পদ মন্দিৰ, গয়া
বিহাৰৰ এই বিষ্ণু মন্দিৰ দৰ্শন কৰি ভক্তসকলে ভগৱান বিষ্ণুৰ দৰ্শন কৰিব পাৰে বুলি কোৱা হয় ।আনহাতে বিশ্বাস কৰা হয় যে এই মন্দিৰ ভগৱান বিষ্ণুৰ পদচিহ্নৰ ওপৰত নিৰ্মাণ কৰা হৈছে। ইয়ালৈ লক্ষ লক্ষ ভক্তৰ আগমন ঘটে। ভক্তসকলে ইয়াত ভগৱান বিষ্ণুৰ ভৰিৰ প্ৰতক্ষ দৰ্শন কৰিব পাৰে। এই মন্দিৰৰ উচ্চতা প্ৰায় ১০০ ফুট।
জল মন্দিৰ, পাৱাপুৰী
পাৱাপুৰীৰ জল মন্দিৰ ৰাজ্যখনৰ নালন্দা জিলাত অৱস্থিত। এই ঠাইতে জৈন ধৰ্মৰ ২৪ তম তীৰ্থংকৰ মহাবীৰ স্বামীয়ে নিৰ্বাণ লাভ কৰিছিল বুলি জনা যায় । এই মন্দিৰ নিৰ্মাণ কৰা হৈছে এটা পুখুৰীৰ মাজত । উল্লেখনীয় যে মন্দিৰৰ ভিতৰত ভগৱান মহাবীৰৰ পদচিহ্ন আছে। কোৱা হয় যে এই মন্দিৰ মহাবীৰ স্বামীৰ জ্যেষ্ঠ ভাতৃ ৰজা নন্দীবৰ্ধনে নিৰ্মাণ কৰিছিল।
বিষ্ণুধাম মন্দিৰ, চিৱান
বিহাৰৰ চিৱানত অৱস্থিত ভগৱান বিষ্ণুধাম মন্দিৰ । বিশ্বাস অনুসৰি এজন কাঠমিস্ত্ৰীয়ে এই ঠাইত ভগৱান বিষ্ণুৰ এটা মূৰ্তি বিচাৰি পাইছিল, যাৰ পিছত ইয়াত এই মন্দিৰ নিৰ্মাণ কৰা হৈছিল। এই মন্দিৰৰ নক্সা দক্ষিণ ভাৰতীয় স্থাপত্যৰ দ্বাৰা অনুপ্ৰাণিত।
মঙ্গলা গৌৰী মন্দিৰ
বিহাৰলৈ যোৱা লোক সকলে মঙ্গলা গৌৰী মন্দিৰ দৰ্শন নকৰিলে তেওঁলোকৰ এই যাত্ৰা হয়তো অসম্পূৰ্ণ হৈ ৰ’ব । ভাৰতৰ ১৮ টা শক্তিপীঠৰ ভিতৰত ইয়ো অন্যতম । বিশ্বাস কৰা হয় যে সতীৰ শৰীৰৰ এটা অংশ ইয়াত পৰিছিল আৰু সেয়েহে এই ঠাইখনক কোস্থান হিচাপে উপাসনা কৰা হয়।
বহুকেইটা প্ৰাচীন মন্দিৰ থকা বিহাৰ প্ৰকৃতাৰ্থত এনে এখন গুৰুত্বপূৰ্ণ ৰাজ্য যি দেশখনৰ ঐতিহ্যক ভহন কৰে ৷ এই প্ৰাচীন মন্দিৰ সমূহ দৰ্শন কৰিবলৈ নাইবা ইতিহাস জানিবলৈ সেয়ে ৰাজ্যখনলৈ আগমন ঘটে লক্ষ লক্ষ দেশী-বিদেশী পৰ্য্যটকৰ ৷