অসমৰ লক্ষীমপুৰত উখল-মাখল পৰিবেশ ৷ আজি ৬৪০যোৰা দৰা-কইনাৰ সমূহীয়া বিবাহ কাৰ্যসূচী সম্পন্ন হৈছে অসমৰ লক্ষীমপুৰত ৷ লক্ষীমপুৰৰ ‘দ্যা হংস ফাউণ্ডেশ্যন’ আৰু ‘জিলা বিবাহ সংস্কাৰ সমিতি’ৰ উদ্যোগত এই বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে ৷
আয়তীৰ উৰুলী,পুৰুহিতৰ মন্ত্ৰপাঠেৰে মুখৰিত লক্ষীমপুৰৰ চৌপাশ ৷ লক্ষীমপুৰৰ ইমূৰ সিমূৰ সাঙুৰি সামাজিক ভাৱে বিবাহ পাশত আবদ্ধ হৈছে ৬শতাধিক যুৱক-যুৱতী ৷আৰ্থিক দৈন্যতা নাইবা বিভিন্ন কাৰণত সামাজিক বিবাহ সম্পন্ন কৰিবলৈ অসমৰ্থ হোৱা ৬৪৮ যোৰা দৰা-কইনা আজি সামাজিক ভাৱে আবদ্ধ হ’ব বিবাহ পাশত ৷ হোম-যজ্ঞৰ যোগেদি বৈদিক পদ্ধতিৰ দ্বাৰা ৫৬৫ যোৰা আৰু ভাগৱতক সাক্ষী কৰি বিধি পাঠৰ দ্বাৰা ২৩ যোৰা দৰা কইনাৰ বিবাহ অনু্ষ্ঠান সম্পন্ন কৰা হৈছে ৷
পূৰ্বতেও ২০১৮ চনত লখীমপুৰত ১১৩৬যোৰা দৰা কইনাৰ সামাজিক বিবাহ সম্পন্ন কৰিবলৈ সক্ষম হৈছিল ‘ দ্যা হংস ফাউণ্ডেশ্যন’ আৰু ‘জিলা বিবাহ সংস্কাৰ সমিতি’ ৷