লোকবিশ্বাসবোৰ অন্ধবিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে যদিও লোকবিশ্বাসবোৰৰ মাজেদিয়েই জাতিটোৰ মানসিকতা , ধ্যান-ধাৰণা আৰু সংস্কৃতিৰ আভাস আমি পাব পাৰো। সাধাৰণতে যুগ যুগ ধৰি বিভিন্ন জনগোষ্ঠীৰ মাজত সৃষ্টি হোৱা অন্ধবিশ্বাস বোৰৰ পৰাই লোকবিশ্বাসৰ জন্ম হয়। অৱশেষত এই লোকবিশ্বাসবোৰেই এটা জাতিৰ , এটা সভ্যতাৰ ইতিহাস হৈ পৰে। বিভিন্ন ধৰ্ম-বিশ্বাস , ভূত-প্ৰেত , প্ৰেতাত্মা আদিৰ বিশ্বাস প্ৰাচীন কালৰে পৰাই অসমীয়া সংস্কৃতিৰ লগত জড়িত হৈ আছে। বিশেষকৈ ধৰ্ম সম্বন্ধীয় বিশ্বাস আৰু পূজা-পাতল অনুষ্ঠান সমূহ মন কৰিবলগীয়া। অতি প্ৰাচীন কালৰে পৰা গছ-গছনি , নদ -নদী, পৰ্বত -পাহাৰ আদিক বিভিন জনগোষ্ঠীৰ মাজত পূজা কৰি অহা দেখা গৈছে ।
অসমীয়া সমাজত দেৱ -দেৱীক বিশ্বাস কৰাৰ লগতে জড় বস্তুকো কেতিয়াবা দেৱতাৰ প্ৰতীক ৰূপে পূজা -অৰ্চনা কৰা হয়। অষ্ট্ৰিক সকলৰ পৰা অহা লোকবিশ্বাস অনুসৰি শিলক পৱিত্ৰ জ্ঞান কৰি পূজা কৰা হয়। অন্তিম সৎকাৰ কৰাৰ পাছত শ্মসানৰ পৰা অহাৰ পাছত বাহিৰে বাহিৰে গা ধুই চোতালত জ্বলোৱা জুইত শিল এচটা গৰম কৰি ভৰি সেকা হয়। এই নিয়মবোৰ আজিও আমাৰ সমাজত কম-বেছি পৰিমানে হ’লেও প্ৰচলিত হৈ আহিছে। শিলত ভৰি দিয়াৰ লগে লগে গাৰ লগত থকা অশৌচ দূৰ হয় বুলি বিশ্বাস কৰা হয় যদিও গৰম শিলৰ সেকত গাৰ বিষ নোহোৱা হয় বুলি আমি জানিব পাৰো। তেনেদৰে সন্তান জন্ম হোৱাৰ পাছত কৰা অনুষ্ঠানত পটা গুটি যুঁজোৱা হয়। পটাগুটি যুঁজালে সন্তান সকল অধিক কাৰ্যক্ষম হয় বুলি বিশ্বাস কৰা হয়। নতুন ধানৰ পতান অলপ তিনিমুঠি নতুন ধানৰ খেৰেৰে পদুলিমুখত শিলগুটি এটাৰে পতানী দেৱীক পূজা কৰা হয়। এনে কৰিলে পাছৰ বছৰ ধানত পতান কম হয় বুলি বিশ্বাস কৰা হয়। জনজাতীয় লোক সকলে মৃতকক পোতা ঠাইৰ ওপৰত ঠিয় শিল পোতে।
মুঠতে অসমীয়া সমাজত বিবাহ , জন্ম , মৃত্যু আৰু শপত খোৱা অনুষ্ঠানত শিলৰ ব্যৱহাৰ হয় ।যদিওবা এই পৰম্পৰাবোৰ অন্ধবিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত তথাপিও বিশ্বাসবোৰে লোকবিশ্বাস হিচাপে আমাৰ সংস্কৃতিৰ পথাৰ খন টনকিয়াল কৰি ৰাখিছে।