বৰ্তমান সময়ত অসমৰ এক অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান ‘স্বৰাঞ্জলি’য়ে বিভিন্ন সময়ত বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ যোগেদি শিশু তথা কিশোৰ- কিশোৰী সকলৰ উৎকৰ্ষ সাধনৰ বাবে কাম কৰি আহিছে ৷ সেয়েহে এইবাৰো চলিত বৰ্ষৰ ২০ ছেপ্টেম্বৰ,মংগলবাৰে অনুষ্ঠানটোৱে জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ কিন্তু অসমৰ বিভিন্ন প্ৰান্তৰৰ প্ৰতিযোগী আৰু অভিভাৱক সকলৰ অনুৰোধ মৰ্মে কমিটিখনে এই প্ৰতিযোগিতাখনৰ তাৰিখ কিছুদিন পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
শেহতীয়াকৈ ‘স্বৰাঞ্জলি’ৰ সভাপতি ৰুমুল দুৱৰা ,সাধাৰণ সম্পাদক অমৰজ্যোতি ডেকা আৰু সাংস্কৃতিক সম্পাদক দীপক তালুকদাৰে এক জাননী যোগে এই কথা প্ৰকাশ কৰিছে আৰু অহা ২০ ছেপ্টেম্বৰৰ পৰিৱৰ্তে ২০২২ বৰ্ষৰ ১৬ অক্টোবৰ, দেওবাৰে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকে ৷ আনহাতে প্ৰতিযোগিতাৰ নিয়মাৱলী,স্থান,সময় ইত্যাদিৰ বিষয়ে পৰৱৰ্তী সময়তহে প্ৰকাশ কৰা হ’ব বুলি জানিবলৈ দিছে অনুষ্ঠানটিৰ বিষয়ববীয়া সকলে ৷