আজি অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ তফজ্জুল আলীৰ স্মৃতি দিৱস । তেওঁ আকাশবাণীৰ এগৰাকী স্বীকৃত গীতিকাৰ আছিল । একাধিক অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনাও কৰিছিল ।
১৯২৯চনৰ ১৬অক্টোবৰত জন্ম গ্ৰহণ কৰিছিল অসমৰ এইগৰাকী স্বনামধন্য গীতিকাৰ তফজ্জুল আলীয়ে ৷ বহুমুখী প্ৰতিভাসম্পন্ন সংগীতজ্ঞগৰাকীয়ে ১৯৫৬ চনত ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগত প্ৰবক্তা হিচাপে যোগদান কৰিছিল আৰু ১৯৭০ চনলৈকে প্ৰায় ১৪ বছৰ মহাবিদ্যালুখনত কাৰ্যনিৰ্বাহ কৰিছিল। সেই সময়খিনিয়েই তেওঁৰ সংগীত জীৱনৰ সোণালী যুগ বুলি ক’ব পাৰি যি সময়ত তেওঁ বহুতো অমূল্য গীত ৰচনা কৰিছিল।
গুৱাহাটী কমাৰ্চ কলেজৰ পৰা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা তফজ্জুল আলীক ১৯৯৫ চনত অসম চৰকাৰে বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰে । আনফালে ২০০৯ চনত তেওঁ পদ্মশ্ৰী সন্মানো লাভ কৰে ।
বহুদিন বকুলৰ গোন্ধ পোৱা নাই, চকুৰ ভাষা বুজি পালে মনৰ কথা কিয়নো লাগে, চম্পাৱতী তোমাৰ ঘাটত চপালোঁ মোৰ নাও, মধুমালতী টোপনি যোৱা আদি জনপ্ৰিয় গীতৰ স্ৰষ্টা তফজ্জুল আলী । মন্দাক্ৰান্তা, অনুষ্টুপ, সোণালী চৰাই আদি তেওঁৰ উল্লেখযোগ্য কেইখনমান গীতৰ সংকলন । আনহাতে পুতলাঘৰ, সোণৰ হৰিণ, অনল আৰু মৃত্যুহীন জীৱন আদি চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল তেওঁ। ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত ‘সংগম’ নামৰ অসমীয়া ভাষাৰ প্ৰথমখন মাহেকীয়া ডাইজেষ্ট আলোচনীৰো সম্পাদনা কৰিছিল তফজ্জুল আলী । বহুমুখী প্ৰতিভাৰ আঁকৰ আলীয়ে নেপাতি কেনেকৈ থাকোঁ, বাসন্তীৰ বিয়া আদি নাটকো উপহাৰ দি থৈ গ’ল আমাক । উল্লেখযোগ্য যে তেওঁ আছিল ‘অসম নাট্য সন্মিলন’ৰ প্ৰতিষ্ঠাপক সম্পাদক ৷
কেৱল কানৈ মহাবিদ্যালয়তে নহয়, ডিব্ৰুগড়ৰ সমগ্ৰ সাংস্কৃতিক ক্ষেত্ৰত ‘আলী ছাৰ’ হিচাপে অধিক জনপ্ৰিয় আছিল তেওঁ আৰু পিছলৈ সমগ্ৰ অসমতে। এইটো বৰঞ্চ আমোদজনক যে বয়সত তেওঁৰ বহুত জ্যেষ্ঠ মানুহে তেওঁক আলী ছাৰ বুলি সম্বোধন কৰিছিল। । আনহাতে অসমৰ বহুকেইজন প্ৰতিষ্ঠিত গায়কে তেওঁৰ গীতসমূহত কণ্ঠদান কৰিছিল ৷
উল্লেখযোগ্য যে ,অসমৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত(বোৰ) আৰু নৃত্য নাটকৰ কথা উল্লেখ কৰি তেওঁ লিখিছিল: “যদি আমি অসম সংগীতৰ উপাদানবোৰ চাওঁ, তেন্তে আমি ইয়াৰ প্ৰাচীন আৰু প্ৰধান বৈশিষ্ট্যবোৰ বুজি পাম। ইয়াত কোনো সন্দেহ নাই যে উত্তৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত বা ৰাগ সংগীতৰ উপাদানবোৰে অতি প্ৰাচীন কালৰ পৰাই অসমীয়া সংগীতত প্ৰৱেশ কৰিছিল। বৰ্তমান হিন্দুস্তানী সংগীত বুলি জনাজাত ৰাগবোৰৰ বহুতো বিষয় অতি কমেও যোৱা পাঁচশ বছৰৰ পৰা ই অসমীয়া সংগীতত ব্যৱহাৰ হৈ আহিছে।”
সদায় এখন ধুনীয়া, আশাপূৰ্ণ পৃথিৱীৰ সপোন দেখিছিল তফজ্জুল আলীয়ে যি স্বভাৱতে আছিল অতি এজন নম্ৰ প্ৰকৃতিৰ ৷ ২০০৮ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । আজিৰ এই বিশেষ দিনটোত অসমীয়া সংগীতক এক সুকীয়া মাত্ৰা প্ৰদান কৰা এইগৰাকী গীতিকাৰক শ্ৰদ্ধাৰে সুঁৱৰিছো ।