চীনৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ বিষয়ে আমি সকলো অৱগত ৷ সেউজীয়া শোভা আৰু নানাৰঙী ফুলেৰে জাতিষ্কাৰ চীনৰ বুকু ৷ আজিৰ পৰা চীনৰ দক্ষিণ-পশ্চিম ছিচুয়ান প্ৰদেশৰ চেংডু চহৰৰ ৰেনমিন পাৰ্কত আৰম্ভ হৈছে এক বিশেষ ফুলৰ প্ৰদৰ্শনী ৷
বহুবছৰৰ পৰা চলি অহা এই প্ৰদৰ্শনী খনৰ আজিৰপৰা আৰম্ভ হৈছে ৬০ সংখ্যক সংস্কৰণ ৷ এই ‘চেংডু ক্ৰিচেন্থেমম প্ৰদৰ্শনী’ ২৭ নৱেম্বৰলৈকে প্ৰায় এমাহ ধৰি চলিব বুলি জানিব পৰা গৈছে ।
পথৰ দুয়োকাষে ট্ৰে’ত ৰখা ক্ৰিচেন্থেমম আৰু ঋতুকালীন ফুলৰ সৌন্দৰ্য সদায় এই প্ৰদৰ্শনীখনৰ যোগেদি প্ৰতিফলিত হৈ আহিছে ৷প্ৰদৰ্শনীখনত বিভিন্ন আৰ্হিত প্ৰদৰ্শন কৰা এই ক্ৰিচেন্থামাম বোৰে দৰ্শনাৰ্থীক ফটো উঠিবলৈকো আকৰ্ষিত কৰে । উদ্যোক্তাসকলৰ মতে, এইবাৰ ১১০০ প্ৰজাতিৰ ক্ৰিচেন্থেমমৰ প্ৰায় ২ লাখ পাত্ৰ প্ৰদৰ্শনীখনত প্ৰদৰ্শন কৰা হৈছে যিয়ে শৰৎকালত অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্য্যকেই উপস্থাপন কৰিছে ।