বিশ্বৰ সৰ্ববৃহৎ প্ৰতিমূৰ্তি হিচাপে অভিহিত ভাৰতৰ ‘ষ্টেচু অৱ ইউনিটী’ যি ভাৰতৰ এজন নেতা চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি ৷ এই প্ৰতিমূৰ্তিৰ নিৰ্মাণ সমাপ্ত হোৱাৰ পিছত ২০১৮ চনৰ ৩১ অক্টোবৰত পেটেল জয়ন্তীৰ দিনা এই বিশাল মূৰ্তিৰ উদ্বোধন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।গুজৰাটৰ নৰ্মদা জিলাৰ কেৱাদিয়াৰ সাধু দ্বীপত অৱস্থিত চৰ্দাৰ বল্লভ ভাই পেটেলৰ এই প্ৰতিমূৰ্তি, যাক মোডীজীৰ সপোনৰ প্ৰকল্প বুলিও ক’ব পাৰি। এই প্ৰতিমূৰ্তি ইমানেই বিশাল যে ৭ কিলোমিটাৰ দূৰত্বৰ পৰাও ইয়াক দেখা পোৱা যায়।
পৃথিৱীৰ আটাইতকৈ ওখ মূৰ্তি ‘ষ্টেচু অৱ ইউনিটী’ –
‘ষ্টেচু অৱ ইউনিটী’ বিশ্বৰ অন্যতম বিখ্যাত প্ৰতিমূৰ্তি। ভাৰতৰ সৰ্বশ্ৰেষ্ঠ নেতা চৰ্দাৰ বল্লভভাই পেটেলৰ স্মৃতিত এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে। এই মূৰ্তিৰ উচ্চতা ১৮২ মিটাৰ যাক বিশ্বৰ আটাইতকৈ ওখ মূৰ্তি বুলি গণ্য কৰা হয় ৷এইবিষয়ে বেছিভাগেই অৱগত নহয় যে এই বিশাল মূৰ্তিটো নিৰ্মাণৰ ক্ষেত্ৰত নিয়োগ কৰা হৈছিল দেশৰ বৃহৎ সংখ্যক অভিযন্তা আৰু শ্ৰমিকক । ৩০০ অভিযন্তা আৰু ৩০০০ শ্ৰমিকৰ দ্বাৰা নিৰ্মাণ কৰা এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ প্ৰায় তিনি বছৰ ছমাহ সময়ৰ প্ৰয়োজন হৈছিল।
প্ৰায় ১৭০০ টন ওজনৰ এই সুন্দৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে ৭০ হাজাৰ টন চিমেণ্ট, ২৫ হাজাৰ টন তীখা আৰু ১২ হাজাৰ তামৰ পেনেল ব্যৱহাৰ কৰা হৈছে। গুৰুত্বপূৰ্ণ যে ভাৰতৰ ১০ কোটি কৃষকে দান কৰিছে প্ৰতিমূৰ্তিটোৰ জঁকা নিৰ্মাণৰ বাবে ব্যৱহৃত ১২৯ টনতকৈও অধিক লোহাৰ টুকুৰা (স্ক্ৰেপ আইৰণ) ।
বতাহ প্ৰতিৰোধ -ভূমিকম্পৰ কম্পন সহ্য কৰিব পাৰে-
ভূমিকম্পৰ ফলত বা প্ৰতি ছেকেণ্ডত ৬০ মিটাৰ পৰ্যন্ত বতাহৰ গতিবেগৰ ফলত প্ৰতিমূৰ্তিটোৰ কোনো ক্ষতি নহয় বুলি ‘ষ্টেচু অৱ ইউনিটি’ৰ ডিজাইন কৰা হৈছে। আনহাতে ৬ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ পিছতো এই মূৰ্তিটো লৰচৰ নকৰে আৰু ই ঘণ্টাত ১৮০ কিলোমিটাৰ বেগত বতাহ সহ্য কৰিব পাৰে।
বয়স বাঢ়ি যোৱাৰ লগে লগে সলনি হ’ব ইয়াৰ ৰং-
ব্ৰঞ্জৰ ধাতুৰ বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াৰ বাবে ‘ষ্টেচু অৱ ইউনিটিৰ’ ৰং ব্ৰঞ্জৰ পৰা সেউজীয়ালৈ পৰিণত হ’ব ৷ এই ৰাসায়নিক প্ৰক্ৰিয়াটোক অক্সিডেচন বোলা হয়।উল্লেখযোগ্য যে ‘ষ্টেচু অৱ লিবাৰ্টি’ও ৩০ বছৰৰ পিছত মূল ৰঙৰ পৰা অৰ্থাৎ বাদামী ৰঙৰ পৰা সেউজীয়ালৈ সলনি হৈছে।