২৯ ছেপ্তেম্বৰৰ পৰা ১ অক্টোবৰলৈ অনুষ্ঠিত হ’ব “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ”। প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হ’ব এই সাহিত্য উৎসৱ ৷ আজি দিছপুৰ প্ৰেছক্লাৱত এক সংবাদমেলযোগে যোগে এই কথা অৱগত কৰে আয়োজক কমিটীৰ হৈ বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে ৷
সংবাদমেলত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপিকা তথা প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ সচিব সুদেষ্ণা ভট্টাচাৰ্য আৰু আয়োজক সমিতিৰ সদস্যসকল ৷
সংবাদমেলত তেওঁলোকে প্ৰকাশ কৰা অনুসৰি প্ৰাচীন সাহিত্য সভ্যতা যুৱ প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে এই কার্যসূছীৰ আয়োজন কৰা হৈছে ৷ অনুষ্ঠানত সাহিত্যচৰ্চাৰ বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে যুৱ প্ৰজন্মৰ মাজত প্ৰাচীন সাহিত্যকলৈ পুনৰ জাগৰণ আনিবলৈ প্ৰয়াস কৰা হব বুলি অৱগত কৰে আয়োজকে ৷
অসমৰ দুগৰাকী লেখক-সাহিত্যিকলৈ “প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা” প্ৰদান কৰা হব বুলি আজিও ঘোষণা কৰা হয় । ৪০ বছৰৰ উৰ্ধৰ এজন আৰু ৪০ বছৰৰ অনুর্ধৰ দুজন সাহিত্যিকক প্ৰদান কৰা হব “প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা ৷তিনিদিনীয়াকৈ আয়োজিত হবলগীয়া এই অনুষ্ঠানত সাহিত্য উৎসবত অংশ লব দেশৰ বিভিন্ন প্ৰান্তৰ লেখক -সাহিত্যিকে।
সাহিত্য সভা ভৱন আৰু জিলা পুথিভঁৰালত হব এই অনুষ্ঠান। সকলোকে এই অনুষ্ঠানত অংশ লবলৈ আহ্বান জনাইছে আয়োজকে ৷ এইবাৰৰ সাহিত্য উৎসৱৰ বিষয় হব “শিপাৰ সন্ধান” ৷